গাৰ নোম শিঁয়ৰি উঠা কথা, অসমত এটা নতুন জাতি-ধৰ্মৰ সৃষ্টি হৈছে
জুবিনৰ বহু নজনা কথা শুনক ৰাজ্যিক চলচ্চিত্ৰ বঁটাপ্ৰাপক কলা নিৰ্দেশক জ্যোতি শংকৰ ভট্টাচাৰ্যৰ মুখেৰে-

By ETV Bharat Entertainment Team
Published : October 14, 2025 at 6:24 PM IST
|Updated : October 14, 2025 at 6:29 PM IST
গুৱাহাটী : জনশিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি যোৱা ২৫ টা দিন উকলি গ’ল । চাওঁতে চাওঁতে এমাহ হ’বৰ হ’ল । কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাই যদিও প্ৰতিগৰাকী অসমীয়াৰ মনত এতিয়াও জীয়াই আছে জুবিন দা । সকলোৱে বিচাৰিছে জুবিনৰ মৃত্যুৰ সঠিক ন্যায় আৰু সঠিক তদন্ত ।
সম্প্ৰতি চি আই ডিৰ তদন্ত চলি আছে । এছ আই টিৰ ফালৰ পৰা বহুজনক সোধোপোছা তথা জেৰাও কৰা হৈছে । আমাৰ মাজত জীয়াই থকা অৱস্থাত জুবিনক অন্তৰংগ হিচাপে লগ পোৱা বহুজনে প্ৰকাশ কৰিছে বহু কথা ।
এই প্ৰতিবেদনটোত জুবিনৰ সৈতে বহু সময়ত অন্তৰংগ মুহূৰ্ত কটোৱা তথা জুবিনৰ সৈতে বহুকেইখন অসমীয়া বোলছবিত কাম কৰা কলা নিৰ্দেশক জ্যোতি শংকৰ ভট্টাচাৰ্যৰ মনৰ কথা আগবঢ়াইছো ৷ মিছন চাইনা, কাঞ্চনজংঘা, ৰৈ ৰৈ বিনালেৰ পৰা আৰম্ভ কৰি জুবিনৰ বহু অনুষ্ঠানৰ লগতে কলাগুৰু ফেষ্টিভেললৈকে তেওঁ কলা নিৰ্দেশকৰূপে কাম কৰিছে ৷ জুবিনৰ অন্তিম টক শ্ব’ 'মায়াবিনী ৰাতিৰ বুকুত'ৰ ছেট বনাইছিল তেওঁ ৷ তেওঁৰ কাষত থাকিবলৈ পোৱাটো ভগৱানৰ কাষত থাকিবলৈ পোৱাৰ নিচিনা বুলি মন্তব্য কৰে কলা নিৰ্দেশকগৰাকীয়ে ৷ জ্যোতি শংকৰ ভট্টাচাৰ্যই কলা নিৰ্দেশক হিচাপে ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছে ।
জ্যোতি শংকৰ ভট্টাচাৰ্য প্ৰথম জুবিনৰ সংস্পৰ্শলৈ আহিছিল জুবিন গাৰ্গৰ ‘মোৰ গান মোৰ প্ৰাণ’ টক শ্ব’টোৰ ছেট বনোৱাৰ দায়িত্ব লাভ কৰাৰ সময়ত ৷ 2008 চনৰ কথা ৷ প্ৰথমো দুয়ো লগ হোৱা নাছিল ৷ জুবিনে লগ কৰিব বিচৰাত এদিন তেওঁ ৰৈ দিলে তাত ৷ ছেটত উপস্থিত হৈ জুবিনে ওপৰৰ পৰা তললৈকে চালে তেওঁক ৷ ছেটত কিছু সাল-সলনি কৰাৰ কথা ক’লে জুবিনে ৷ সেয়াই আছিল আৰম্ভণি ৷
সেই চিনাকিৰ পিছত হাজাৰ ভিৰৰ মাজতো জুবিনে পাহৰি নগ’ল জ্যোতি শংকৰ ভট্টাচাৰ্যক ৷ জুবিনে মানুহক খুব পৰ্যবেক্ষণ কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে সকলোৰে নাম মনত থাকে জুবিনৰ ৷
জুবিনৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেৰ কামত শ্ৰীলংকালৈ যোৱা ভট্টাচাৰ্যই কয়, "ছবিখনৰ টীমটোৰ সৈতে তেওঁলোক য’ত থাকিছিল, গোটেই দ্বীপটো সাগৰৰ মাজত ৷ চাৰিওফালে পানী ৷ তাত জুবিন দাৰ এডাল চুলি নসৰিল ৷ তেওঁ শ্বুট কৰিছে, পানীত নামিছে, সাগৰলৈ গৈছে তেওঁ, আপোনালোকে পোষ্টাৰখন দেখিছেই ৷ তাত জুবিন দাৰ একো নহ’ল, কাৰণ তেওঁৰ কাষত থকা মানুহখিনি তেওঁৰ নিজৰ আছিল ৷"
তেওঁ আৰু কয়, "আমি কাম কৰিছোঁ, আমি পাৰিশ্ৰমিক পাম ৷ জুবিন দাক আমি সদায় পাৰিশ্ৰমিকতকৈ ওপৰত ৰাখিছোঁ ৷ কেতিয়াও এইটো ভবা নাই যে জুবিন দাক ব্যৱহাৰ কৰি আমি কিবা বোপাৰ কৰো নেকি ? যিটো এতিয়াহে জানিব পাৰিছো যে তেনেকৈও ভাবিব পৰা যায় ৷ তেনেকৈও যে কোনোবাই ভাবিবলৈ সাহস কৰিব পাৰে, সেই কথা ভাবিলে ভয় লাগে ৷"
জুবিনে পৰিকল্পনা কৰাৰ দৰেই ৰৈ ৰৈ বিনালে ছবিখন 31 অক্টোবৰত মুক্তি দিয়াৰ বাবে আগবাঢ়িছে ছবিখনৰ সৈতে জড়িত প্ৰতিগৰাকী ব্যক্তি ৷ ছবিখনৰ ৰৈ যোৱা কামখিনি সকলোৱে জোৰদাৰ গতিত কৰি আছে ৷ শেষৰ পৰ্যায়ৰ শ্বুটিং কৰাৰ দিনা সকলোৱে ছেটত জয় জুবিন দা বুলি চিঞৰি উঠিছিল- এই কথা জানিবলৈ দিয়ে কলা নিৰ্দেশকগৰাকীয়ে ৷
জুবিন গাৰ্গৰ এটা আশা পূৰণ কৰিব নোৱাৰি নিজকে দুৰ্ভাগ্যবান বুলি উল্লেখ কৰি জ্যোতি শংকৰ ভট্টাচাৰ্যই কয়, "মই তেতিয়া নলবাৰীৰ ৰাসত ব্যস্ত,সেই বছৰ জুবিন দাৰ 50 বছৰ সম্পূৰ্ণ হ’ব 18 নৱেম্বৰত ৷ জুবিন দাই মোক ফোন কৰি কৈছে-যোৰহাটত এটা ৰংঘৰ বনাব লাগে, তই ক’ত আছ, কেতিয়া ফ্ৰি হ’বি ? মই ক’লো 16 তাৰিখে ৷ তই 16 তাৰিখে ফ্ৰী হ’বি ৷ মোৰ ৰংঘৰটো ? মই ক’লো- দুটা টীম কৰিম, মই বনাই দিম ৷ তেতিয়া জুবিন দাই ক’লে- ‘জ্যোতি তই থাকিব লাগিব, 50টো এবাৰেই আহিব, সেইকাৰণে তাক ঠিক মতে পাতিব লাগিব ৷’ মই নিজকে খুব দুৰ্ভাগ্যবান বুলি ভাবো যে দাদাৰ এই ছেটতো মই বনাই দিব নোৱাৰিলোঁ ৷"
জুবিনৰ 20 বছৰীয়া সংগীতৰ যাত্ৰা সামৰি এটা ৰক এলবাম মুকলি কৰা হৈছিল ৷ সেই ছেটটো চান্দমাৰীত বনোৱা হৈছিল ৷ অনুষ্ঠানৰ আগদিনা সেই ছেটটোত কাম কৰি থকাৰ সময়ত ভাগৰত জুবিন দা তাতে শুবলৈ লৈছিল ৷ "মানা কৰিলোঁ, কৈছিলো আপুনি য’তে ত’তে শুলে ভাল নেদেখি, কাৰণ আমি নিজকে সকলোতে জুবিন দাৰ ঠাইৰ মানুহ বুলি পৰিচয় দিওঁ ৷ আকৌ সকলো কামত লাগিলো ৷ মাজতে দাদাক ক’লো-কাইলৈ দেউতাৰ 75 সংখ্যক জন্মদিন ৷ কাইলৈ বেছি সময় নাথাকো অলপ সময়হে থাকিম ৷ তেতিয়া জুবিন দাই ক’লে-এইটো কথা কাইলৈ মঞ্চত ক’ম ৷ পিছৰদিনা অনুষ্ঠানলৈ গ’লো ৷ আহিবলৈ খোজোতে গৰিমা বৌৱে জুবিন দাক ক’বলৈ গ’ল ৷ ইমান ব্যস্ততাৰ মাজতো সকলোকে ইমান গুৰুত্ব দিয়ে ৷ জুবিন দাই মঞ্চলৈ মাতি লৈ গৈ চিনাকি কৰাই দিলে ৷ মঞ্চৰ পৰাই মোৰ দেউতালৈ জন্মদিনৰ শুভেচ্ছা জনালে ৷ এইটো মোৰ কাৰণে বহুত ডাঙৰ আশীৰ্বাদ ৷"
সেই অনুষ্ঠানটোতে টাৰছেম মিট্টলে লগ পাই কলা নিৰ্দেশকক কিমান টকা কামানি কৰে বুলি প্ৰশ্ন কৰিছিল ৷ তেতিয়া বছৰটোত 2 লাখ টকাৰ কাম কৰা নিৰ্দেশকগৰাকীয়ে 25 লাখৰ কাম চলে বুলি উত্তৰ দিছিল ৷ সেই সময়তে লাহে লাহে সিদ্ধাৰ্থ নামৰ ল’ৰা এটা সোমাই আহিছিল বুলি কয় জ্যোতি শংকৰ ভট্টাচাৰ্যই ৷ সম্প্ৰতি চৰ্চাত থকা জুবিনৰ মেনেজাৰ তথা চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা সিদ্ধাৰ্থই এখন হোটেল লীজত লোৱাৰ কথা জ্যোতি শংকৰ ভট্টাচাৰ্যক কৈছিল বুলি উল্লেখ কৰে তেওঁ ৷
ৰাইজে নজনা জুবিনৰ বহুবোৰ ভিতৰুৱা কথা সংবাদ মাধ্যমৰ প্ৰকাশ কৰে জ্যোতি শংকৰ ভট্টাচাৰ্যই । শেখৰে বহুত ফটুৱা কথা কয় বুলিও মন্তব্য কৰে তেওঁ ৷ সঠিক ন্যায়ৰ সন্দৰ্ভত তেওঁ কয়, "ভাল ফল এটাৰ বাবে বস্তুবোৰ দীঘলীয়া হ’ব লাগিব, কিন্তু এই বস্তুবোৰ আমাৰ কাৰণে নতুন ৷ কলকাতাৰ পৰা মোলৈ মেছেজ আহি আছে ৷ ৰাতি মোবাইল লৈও বহুতে #JuticeforZueenGarg লিখিছে ৷ এই কথাই মানুহক বুজাইছে যে জুবিন গাৰ্গ কি আছিলে, কি হয় আৰু কি হৈ থাকিব ? ন্যায় লাগিবই ৷"
লগতে পঢ়ক : প্ৰথমে টকলা, তাৰ পাছত দীঘল চুলি, শেষত মূৰত কৰ্ণেলৰ টুপী-গোস্বামীৰ লগতে গাৰ্গেও মূৰ ঘমাইছিল বহুত

