শিল্পা শ্বেট্টীৰ পৰা ছলমান খানলৈ, কোন কোন তাৰকাই অতিশয় মৰম কৰে নিজৰ পোহনীয়া কুকুৰটোক
আজি আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱস । এই বিশেষ দিনটোত বলীউডৰ বহু তাৰকাই ছ’চিয়েল মিডিয়াত নিজৰ পোহনীয়া কুকুৰৰ সৈতে ফটো শ্বেয়াৰ কৰি মৰম উজাৰি দিছে ।

By ETV Bharat Entertainment Team
Published : August 26, 2026 at 3:57 PM IST
হায়দৰাবাদ : আজি ২৬ আগষ্টত আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱস উদযাপন কৰা হৈছে । এই বিশেষ দিনটোৰ মূল উদ্দেশ্য হৈছে কুকুৰৰ প্ৰতি মানুহৰ মৰম আৰু দায়বদ্ধতা প্ৰকাশ কৰা ।
বলীউডত এনে বহু তাৰকা আছে, যিসকল নিজৰ পোহনীয়া কুকুৰৰ অতি ঘনিষ্ঠ আৰু সিহঁতক নিজৰ পৰিয়ালৰ একো একোজন সদস্যৰ দৰেই গণ্য কৰে । জানো আহক, শিল্পা শ্বেট্টীৰ পৰা ছলমান খানলৈকে কোন কোন তাৰকাই নিজৰ পোহনীয়া জীৱক অতিশয় মৰম কৰে ।
আন্তঃৰাষ্ট্ৰীয় কুকুৰ দিৱসত অভিনেত্ৰী শিল্পা শ্বেট্টীৰ কথা সকলোৰে মনলৈ অহাটো স্বাভাৱিক ৷ তেওঁৰ পোহনীয়া কুকুৰ 'ট্ৰেফল'ৰ নামটো বহুতৰে প্ৰিয় ৷ বিশেষ দিনটোত তেওঁ ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰিছে, য'ত তেওঁক আৰু তেওঁৰ কন্যাক ধেমালি কৰি থকা দেখা গৈছে ।
শিল্পাই ট্ৰেফলৰ বাবে এক আৱেগিক বাৰ্তা দি তেওঁক মাক হিচাপে বাছনি কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে । কুকুৰৰ প্ৰতি অভিনেত্ৰীগৰাকীৰ মৰম সকলোৰে অৱগত ।
খুশী কাপুৰেও উজাৰিলে মৰম ৷ অভিনেত্ৰী খুশী কাপুৰে প্ৰায়েই নিজৰ পোহনীয়া কুকুৰৰ সৈতে ফটো শ্বেয়াৰ কৰে । এতিয়া এই বিশেষ দিনটোতো অভিনেত্ৰীগৰাকীয়ে নিজৰ পোহনীয়া কুকুৰৰ সৈতে কেইবাখনো ফটো শ্বেয়াৰ কৰিছে ।
এখন ফটোত খুশীয়ে নিজৰ কুকুৰটোক সাৱটি ধৰি প’জ দিছে, আনহাতে আন এখন ফটোত তেওঁ কুকুৰটোক কোলাত লৈ মিৰৰ চেলফি তুলি থকা দেখা গৈছে । তেওঁ কেপশ্বনত লিখিছে, 'পাপী প্লেচ' ।
ছলমান খান এজন কুকুৰপ্ৰেমী বুলি সকলোৱে জানে ৷ ভাইজানৰো আছে নিজৰ পোহনীয়া কুকুৰ, যাক তেওঁ হিয়া উজাৰি ভাল পায় । তেওঁ প্ৰায়েই নিজৰ কুকুৰৰ সৈতে ধেমালি কৰি থকা সময়ৰ সুন্দৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে ।
অভিনেত্ৰী মালাইকা আৰোৰাৰ ওচৰতো এটা মৰমলগা পোহনীয়া কুকুৰ আছে, যাৰ নাম ‘কেচপাৰ’। তেওঁ প্ৰায়েই নিজৰ কুকুৰটোৰ সৈতে সুন্দৰ ফটো আৰু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে ।
মালাইকাই কেচপাৰক নিজৰ পৰিয়ালৰ এটা অংশ বুলি গণ্য কৰে । তেওঁক প্ৰায়েই কুকুৰটোক ফুৰাবলৈ লৈ যোৱা বা তাৰ সৈতে খেলা-ধূলা কৰি থকা অৱস্থাত দেখা যায় ।
ইয়াৰ উপৰিও আৰু এনে বহু তাৰকা আছে যিয়ে কুকুৰ পোহে ৷ প্ৰিয়ংকা চোপ্ৰা, শ্ৰদ্ধা কাপুৰ, বিজয় দেৱৰাকোণ্ডা, বৰুণ ধৱন, জন আব্ৰাহাম, কাৰ্তিক আৰিয়ানকে আদি কৰি বহু তাৰকাই আজৰি সময়কণ নিজৰ পোহনীয়া কুকুৰ সৈতে কটাবলৈ পছন্দ কৰে ৷
লগতে পঢ়ক : ৰীণা ৰায় আৰু মহছিন খানৰ প্ৰেম কাহিনী: বিবাহ, বলীউড ত্যাগ আৰু বিবাহ বিচ্ছেদ

