ETV Bharat / entertainment

বলীউডৰ 'কিং খান'ৰ ৬০ সংখ্যক জন্মদিন; আলিবাগত অনুৰাগীৰ ভিৰ

জন্মদিন উপলক্ষে শ্বাহৰুখ খানৰ বাসগৃহত চেলিব্ৰিটীৰ ভিৰ । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগী উপস্থিত মন্নতৰ সন্মুখত ।

Shah Rukh Khan's 60th Birthday Bash
বলীউডৰ 'কিং খান'ৰ ৬০ সংখ্যক জন্মদিন (IANS)
author img

By ETV Bharat Assamese Team

Published : November 2, 2025 at 4:41 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ৬০ বছৰীয়া হ'ল বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান । তাৰকাগৰাকীৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত শ শ অনুৰাগীয়ে ভিৰ কৰিছে । পৰিয়ালৰ সদস্য, ঘনিষ্ঠ বন্ধু-বান্ধৱীসহ একাংশ বলীউডৰ তাৰকাই ভিৰ কৰিছে শ্বাহৰুখ খানৰ বাসগৃহত ।

এছ আৰ কেৰ অন্যতম ঘনিষ্ঠ বন্ধু চলচ্চিত্ৰ নিৰ্মাতা তথা কৰিঅ'গ্ৰাফাৰ ফাৰাহ খানৰ লগতে কৰণ জোহৰ আৰু ৰাণী মুখাৰ্জীৰ দৰে বলীউডৰ শিল্পীসকলে জন্মদিন উদযাপনত অংশগ্ৰহণ কৰিছে ।

সামাজিক মাধ্যমত শ্বাহৰুখৰ সৈতে দুখন আকৰ্ষণীয় ফটো শ্বেয়াৰ কৰিছে ফাৰাহ খানে । এখন ফটোত তেওঁ এছ আৰ কেৰ গালত চুমা খাই থকা দেখা গৈছে; আন এখনত দুয়োগৰাকীয়ে আলিংগন কৰি আছে । তেওঁ পোষ্টটোৰ কেপচনত লিখিছে, "হেপী বাৰ্থডে KING @iamsrk.. আৰু ১০০ বছৰ শাসন কৰা ।" ফটোকেইখনে দুটা দশকৰো অধিক সময় ধৰি চলি অহা তেওঁলোকৰ বন্ধুত্বক প্ৰদৰ্শন কৰিছে । ম্যে হু না আৰু ওম শান্তি ওমৰ দৰে আইকনিক ছবি দুয়োগৰাকীৰে বন্ধুত্বৰ সাক্ষী হৈ আছে ।

ডিজাইনাৰ মনীষ মালহোত্ৰায়ো কিং খানক জনাইছে জন্মদিনৰ শুভেচ্ছা । সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ লিখিছে, "একমাত্ৰ @iamsrk...৯০ৰ দশকৰ পৰা এতিয়ালৈকে, আপুনি সদায় একেজন ব্যক্তি - ষ্টাইলিছ, ফিটেষ্ট আৰু সকলোতে শ্ৰেষ্ঠ ।"

ৰাজ্যখনৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে শ্বাহৰুখৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক থকা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও এক্সৰ এটা পোষ্টত জন্মদিনৰ শুভেচ্ছা জনাইছে । এটা পোষ্টত তেওঁ লিখিছে :"মোৰ ভাই শ্বাহৰুখ খানক জন্মদিনৰ বহুত শুভেচ্ছা ! আপুনি আপোনাৰ উল্লেখযোগ্য প্ৰতিভা আৰু কৰিশ্মাৰে ভাৰতীয় চিনেমাক সমৃদ্ধ কৰি যাওক ।"

একেদৰে বোলছবি পৰিচালক কৰণ জোহৰে শ্বাহৰুখ খানৰ জন্মদিন উদযাপনৰ সময়ত ৰাণী মুখাৰ্জীৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে । ছেলফিখনৰ পিছফালে অভিনেত্ৰী অনন্যা পাণ্ডে আৰু একাংশক নৃত্য কৰি থকা দেখা গৈছে । কেপচনত তেওঁ লিখিছে, "গেছ দ্য ফটো বোম্বাৰ ?" ইয়াৰ জৰিয়তে কৰণ জোহৰে অনুৰাগীসকলক আনন্দৰে ভৰা সন্ধিয়াটোৰ আভাস দিবলৈ চেষ্টা কৰিছে ।

ইফালে ফাৰাহে আলিবাগলৈ যোৱাৰ পথত এম টু এম ফেৰীৰ পৰাও এখন ফটো শ্বেয়াৰ কৰিছে । য'ত কৰণ আৰু অন্যান্যসকলক দেখা গৈছে । ভিডিঅ'টোত ফাৰাহে কৈছে, "গাইজ, আমি এই ৰ'ৰ'ত আলিবাগলৈ গৈ আছো আৰু চাওক ইয়াত কোন আছে !" কৰণেও তাৰ উত্তৰ দিছে, "মোক আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ, এইটো জীৱনত এবাৰ পোৱা অভিজ্ঞতা ।"

শ্বাহৰুখ খানৰ আলিবাগৰ বাসগৃহৰ বাহিৰত শ শ অনুৰাগীয়ে ভিৰ কৰিছে । প্ৰিয় অভিনেতাজনক জন্মদিনৰ শুভেচ্ছা জনাবলৈ বিভিন্ন স্থানৰ পৰা মহাৰাষ্ট্ৰলৈ গৈছে অনুৰাগীসকল । মুম্বাইৰ মন্নতৰ বাহিৰত হাজাৰ হাজাৰ অনুৰাগীয়ে সমবেত হৈ ছুপাৰষ্টাৰ খানৰ ৬০ বছৰীয়া জন্মদিন উদযাপন কৰিছে । পূৰ্বৰ বছৰবোৰৰ দৰে একেই দৃশ্য দেখা গৈছে য'ত সকলোৱে একেলগে চিঞৰিছে, "উই লাভ ইউ এছ আৰ কে !"

দেশৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীয়ে ছুপাৰষ্টাৰগৰাকীক এবাৰ চাবলৈ যাত্ৰা কৰিছে । সেই অনুৰাগীসকলৰ ভিতৰত আছিল কলকাতাৰ ৰাজকুমাৰ সিং, যিয়ে নিজৰ গ্ৰুপ "এছ আৰ কে ৱাৰিয়ৰ্ছ"ৰ সৈতে মুম্বাইলৈ ৩৩ ঘণ্টীয়া ৰে'ল যাত্ৰা কৰিছে । সংবাদ মাধ্যমৰ আগত তেওঁ কয়, "আমি ইমান দূৰ আহিছো কেৱল তেওঁক এবাৰ হাত জোকাৰি থকা চাবলৈ ।"

বলীউডৰ 'বাদশ্বাহ' খ্যাত শ্বাহৰুখ খানৰ জন্মদিনৰ দিনটোতে মুক্তি পালে তেওঁৰ আহিবলগীয়া বোলছবি 'কিং'ৰ ১ মিনিটৰ টিজাৰ । সামাজিক মাধ্যমত টিজাৰটো মুকলি কৰাৰ লগে লগে ধুমুহাৰ সৃষ্টি হয় । অনুৰাগীসকলৰ মাজতো ব্যাপক কৌতুহলে বিৰাজ কৰে । টিজাৰটোত শ্বাহৰুখ খানক এক অনন্য ৰূপত দেখা গৈছে যিয়ে অনুৰাগীসকলৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে । সিদ্ধাৰ্থ আনন্দৰ এই ব্লকবাষ্টাৰ ছবিখনৰ ইতিমধ্যে কেইবাখনো পোষ্টাৰ মুকলি কৰা হৈছে ।

লগতে পঢ়ক: প্ৰথম দিনাই ২.৫ কোটি টকা উপাৰ্জনেৰে 'ৰৈ ৰৈ বিনালে'ৰ অভিলেখ