ETV Bharat / entertainment

ভাৰতৰ অস্কাৰ এণ্ট্ৰি ‘হোমবাউণ্ড’ একাডেমী বঁটা ২০২৬ত পৰৱৰ্তী ভোটিং ৰাউণ্ডলৈ আগবাঢ়িছে

কিংবদন্তি চলচ্চিত্ৰ নিৰ্মাতা মাৰ্টিন স্কোৰচেজে কয় যে আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শাখাৰ বাবে ১৫খন ছবিৰ ভিতৰত স্থান লাভ কৰা হোমবাউণ্ডৰ কাহিনীটোৱে তেওঁক “গভীৰভাৱে আপ্লুত” কৰিছে ।

India's Homebound enters the top 15 for Oscar 2026
‘হোমবাউণ্ড’ একাডেমী বঁটা ২০২৬ত পৰৱৰ্তী ভোটিং ৰাউণ্ডলৈ আগবাঢ়িছে (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : January 6, 2026 at 11:09 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : একাডেমী বঁটাৰ অফিচিয়েল পেজে এক্সত ঘোষণা কৰিছে যে “আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শাখাত পোন্ধৰখন ছবিয়ে পৰৱৰ্তী ৰাউণ্ডৰ ভোটিঙলৈ আগবাঢ়িছে ।” ভাৰতৰ হৈ অস্কাৰত এণ্ট্ৰি লাভ কৰা ঈশান খাট্টাৰ আৰু বিশাল জেথৱা অভিনীত হোমবাউণ্ড ছবিখন এই পোন্ধৰখন ছবিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে ৷

ভাৰতৰ পৰা 'হোমবাউণ্ড' এ প্ৰৱেশ কৰাৰ লগতে আৰ্জেণ্টিনা, ব্ৰাজিল, ফ্ৰান্স, জাৰ্মানী, ইৰাক, জাপান, জৰ্ডান, নৰৱে, পেলেষ্টাইন, দক্ষিণ কোৰিয়া, স্পেইন, ছুইজাৰলেণ্ড, টাইৱান আৰু টিউনিছিয়াৰ ছবিয়েও এই তালিকাত স্থান পাইছে ।

শ্বৰ্টলিষ্ট কৰা আন আন ছবিসমূহৰ ভিতৰত আছে বেলেন (আৰ্জেণ্টিনা), দ্য ছিক্ৰেট এজেণ্ট (ব্ৰাজিল), ইট ৱাজ জাষ্ট এ এক্সিডেণ্ট (ফ্ৰান্স), ছাউণ্ড অয় ফলিং (জাৰ্মানী), দ্য প্ৰেচিডেণ্টছ কেক (ইৰাক), কোকুহো (জাপান), অল ডেটছ লেফ্ট অফ ইউ (জৰ্ডান), চেণ্টিমেণ্টেল ভেল্যু (নৰৱে), পেলেষ্টাইন ৩৬ (পেলেষ্টাইন), ন’ আদাৰ চয়ছ (দক্ষিণ কোৰিয়া), চিৰাট (স্পেইন), লেট শ্বিফ্ট (ছুইজাৰলেণ্ড), লেফ্ট হেণ্ডেড গাৰ্ল (টাইৱান) আৰু দ্য ভইচ অফ হিন্দ ৰাজব (টিউনিছিয়া)।

উল্লেখ্য যে, ২২ জানুৱাৰী বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব একাডেমী বঁটাৰ বাবে চূড়ান্ত মনোনয়ন । হোমবাউণ্ড ছবিখনে বিশ্বব্যাপী উল্লেখনীয় প্ৰশংসা লাভ কৰিছে ৷ কাঁ চলচ্চিত্ৰ মহোৎসৱ, টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু মেলবৰ্ণ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয় ।

India's Homebound enters the top 15 for Oscar 2026
গৌৰৱৰ মুহূৰ্তটো ঈশানে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰে (Photo : Instagram)

শেহতীয়াকৈ অস্কাৰৰ শ্বৰ্টলিষ্টৰ সৈতে, ‘হোমবাউণ্ড’ এতিয়া অৰ্জন কৰিছে এক বিৰল মাইলৰ খুঁটি ৷ একাডেমী বঁটাৰ ৯৮ বছৰীয়া ইতিহাসত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ বাবে শ্বৰ্টলিষ্ট হোৱা ভাৰতীয় চিনেমাৰ পঞ্চমখন ছবি হিচাপে পৰিগণিত হৈছে ‘হোমবাউণ্ড’ ।

এই গৌৰৱৰ মুহূৰ্তটো ঈশানে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰে । এই সন্মানীয় শ্বৰ্টলিষ্টত ‘হোমবাউণ্ড’ৰ অন্তৰ্ভুক্তি দেশৰ চলচ্চিত্ৰ উদ্যোগৰ বাবে এক প্ৰশংসনীয় মুহূৰ্ত ।

একাডেমী অফ মোশ্যন পিকচাৰ আৰ্টছ এণ্ড ছায়েন্সৰ ৱেবছাইটত কোৱা হৈছে, "৯৮ সংখ্যক একাডেমী বঁটাৰ বাবে আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শাখাত পোন্ধৰখন ছবিয়ে পৰৱৰ্তী ৰাউণ্ডৰ ভোটদানলৈ আগবাঢ়িব । ৮৬খন দেশ আৰু অঞ্চলৰ ছবিয়ে এই শাখাত যোগ্যতা অৰ্জন কৰিছিল ।"

‘হোমবাউণ্ড’ত শৈশৱৰ বন্ধু শ্বোৱেইব (ঈশান খাট্টাৰ) আৰু চন্দন (বিশাল জেথৱা)ৰ কাহিনী দেখুওৱা হৈছে, যাৰ আৰক্ষী বাহিনীত যোগদানৰ ভাগ কৰা সপোনেই তেওঁলোকৰ জীৱন গঢ় দিয়ে । উত্তৰ ভাৰতৰ এখন সৰু গাঁৱৰ শৈশৱৰ বন্ধু শ্বোৱেইব আৰু চন্দনে পুলিচ অফিচাৰ হোৱাৰ সপোন দেখে, এই আশাত যে চাকৰিটোৱে তেওঁলোকৰ বাবে সমাজত কেতিয়াও নথকা সন্মান কঢ়িয়াই আনিব । কিন্তু লক্ষ্যৰ ওচৰ চাপি অহাৰ লগে লগে হেঁচা আৰু সংগ্ৰামৰ ফলত তেওঁলোকৰ বন্ধুত্ব বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হয় ।

নীৰজ ঘায়ৱানৰ পৰিচালনাত নিৰ্মিত ‘হোমবাউণ্ড’ প্ৰযোজনা কৰিছে কৰণ জোহৰ, আদাৰ পুনাৱাল্লা আৰু অপূৰ্ব মেহতাই আৰু সহ-প্ৰযোজক হৈছে মাৰিজকে ডিছৌজা আৰু মেলিটা টস্কান ডু প্লাণ্টিয়েৰ, য’ত মাৰ্টিন স্কোৰচেজ আৰু প্ৰবীণ খাইৰ্নাৰে কাৰ্যবাহী প্ৰযোজক হিচাপে কাম কৰিছে ।

লগতে পঢ়ক : দ্য ছিক্ৰেট এজেণ্টৰ পৰা হোমবাউণ্ডলৈ: অস্কাৰ ২০২৬ লৈ শ্বৰ্টলিষ্ট চলচ্চিত্ৰসমূহ ক'ত উপলব্ধ