মায়াবিনী গীত প্ৰদৰ্শন দহ হাজাৰ মহিলাৰ
ওদালগুৰি জিলাৰ কলাইগাঁৱত জুবিন গাৰ্গৰ মায়াবিনী গীত প্ৰদৰ্শন, দহ হাজাৰ মহিলাৰ অংশগ্ৰহণ ৷ জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰাদ্ধ অনুষ্ঠানৰ সমাপ্তিৰ দিনটোত পৰিবেশন কৰা হয় "মায়াবিনী" ।

By ETV Bharat Entertainment Team
Published : October 29, 2025 at 8:51 PM IST
ওদালগুৰি : সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কলাইগাঁও আঞ্চলিক সমিতিৰ আহ্বানত জাতীয় দল সংগঠনসমূহৰ সহযোগত বৃহত্তৰ কলাইগাঁওবাসী ৰাইজৰ উদ্যোগত কলাইগাঁও ৰন্থলী ষ্টেডিয়ামত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰাদ্ধ অনুষ্ঠান ৷ তাত পৰিৱেশন কৰা হয় প্ৰাৰ্থনালৈ পৰিৱৰ্তন হোৱা মায়াবিনী গীতটি ।
উক্ত অনুষ্ঠানত কলাইগাঁৱৰ বৃহত্তৰ অঞ্চলৰ ৰাইজৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই, ভঃ হিতেশ বৰুৱা, ছিৰনজিৎ কাশ্যপ উপস্থিত থাকে ।
উক্ত শ্ৰাদ্ধ অনুষ্ঠানৰ স্মৰণিকা "গানে কি আনে" উন্মোচন কৰে ডঃ হিতেশ বৰুৱাই ৷ তেওঁ স্মৰণিকা উন্মোচন কৰি কয়, "আমাৰ হৃদয়ৰ, আমাৰ মৰমৰ, আমাৰ হেঁপাহৰ জুবিন গাৰ্গ । কলাইগাঁও অঞ্চলৰ ৰাইজে প্ৰমাণ কৰি দিছে জুবিন গাৰ্গ কোন । জুবিন গাৰ্গ অসমৰ কাৰণে সম্পদ, জুবিন গাৰ্গ আজি এজন মানুহ হৈ থকা নাই, জুবিন গাৰ্গৰ যি এক পৰিক্ৰমা এই পৰিক্ৰমাই গোটেই বিশ্বক কঁপাই দিছে, দেখুৱাই দিছে ভালপোৱা কাক কয়, মৰম কাক কয়, মানুহ কাক কয় ৷ জুবিন গাৰ্গে দেখুৱাই দিছে মানুহক কেনেকৈ ভাল পাব পাৰি, মানুহে কেনেকৈ ভাল পাব পাৰে ।”

তেওঁ লগতে আৰু কয়, “জুবিন গাৰ্গে দেখুৱাই দিছে প্ৰেম কাক কয়, জুবিন গাৰ্গে দেখুৱাই দিছে নিঃস্বাৰ্থ প্ৰেম বুলি কাক কয়, নিঃস্বাৰ্থ প্ৰেমৰেই প্ৰতীক হৈছে জুবিন গাৰ্গ । সুখী, দুখী, ধনী, দুখীয়া, আবাল বৃদ্ধা প্ৰত্যেকজন ব্যক্তিৰেই হাৰ্টথ্ৰৱ, হিয়াৰ আমঠু জুবিন গাৰ্গ । জুবিন গাৰ্গে জীৱন্ত কালতে কৈছিল মানুহে মোক আজি ভাল পাইছে কিন্তু মানুহে মোক বুজিব মই যেতিয়া এই পৃথিৱীৰ পৰা মায়া এৰি গুচি যাম, সঁচাকৈ জুবিন গাৰ্গক আজি আমি হেৰুৱাইছো, কিন্তু জুবিন গাৰ্গে মায়া এৰি যোৱাৰ পিছত আজি আমি উপলদ্ধি কৰিছো, আজি আমি বুজিছো জুবিন গাৰ্গ কোন হয়, আৰু জুবিন গাৰ্গ কোন আছিল ।"

উক্ত অনুষ্ঠানত ভাষণ দি ছিৰনজিৎ কাশ্যপে কয়, "১৯ তাৰিখে যি টুকুৰা ঘা আমাৰ বুকুত লাগিছিল ক’বলৈ বেয়া কিন্তু কিছুমান শক্তিয়ে তাত নিমখ ছটিয়াই আছে । এইকুৰা জুই যাতে প্ৰত্যেকজন অসমীয়াই, প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়াই, থলগিৰি অসমীয়াই বুকুত লৈ জীয়াই থাকে আৰু জুবিন গাৰ্গ সত্তাক যাতে জীয়াই ৰাখে এইটো আমাৰ প্ৰধান লক্ষ্য হোৱাটো উচিত ।"

উক্ত অনুষ্ঠানত উদ্যোক্তাৰ, লগতে অনুষ্ঠানত উপস্থিত থকা সকলো ৰাইজে জুবিন গাৰ্গৰ ন্যায় বিচাৰি, জুবিন গাৰ্গক ন্যায় দিয়ক, #JusticeForZubeenGarg আদি ধ্বনি দিয়া দেখা গ’ল ।
লগতে পঢ়ক : 'ৰৈ ৰৈ বিনালে'ৰ লাভৰ অংশৰে কৰা হ'ব কৰ্কট ৰোগীৰ চিকিৎসা

