ETV Bharat / entertainment

ইক্কিছৰ স্ক্ৰীণিং: অগস্ত্য নন্দলৈ ৰেখাৰ মৰম, ধৰ্মেন্দ্ৰৰ পোষ্টাৰ চাই আৱেগিক ছানী দেওল, ছলমান খান

ইক্কিছৰ প্ৰদৰ্শনীত পিতৃ ধৰ্মেন্দ্ৰক স্মৰণ কৰি আৱেগিক হৈ উঠে ছানী দেওল, আনহাতে ৰেখাই অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দক চুমা যাচি আশীৰ্বাদ দিয়ে ।

Ikkis screening, Sunny Deol remembers Dharmendra Rekha showers love on Amitabh Bachchan's grandson Agastya Nanda
ইক্কিছৰ স্ক্ৰীণিং (Photo: ANI)
author img

By ETV Bharat Entertainment Team

Published : December 30, 2025 at 12:02 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : সোমবাৰে শ্ৰীৰাম ৰাঘৱনৰ আগন্তুক ছবি ইক্কিছৰ বিশেষ প্ৰদৰ্শনত অংশগ্ৰহণ কৰে বলীউডৰ বহু তাৰকাই । পৰম বীৰ চক্ৰৰ কনিষ্ঠতম প্ৰাপক দ্বিতীয় লেফটেনেণ্ট অৰুণ খেতাৰপালৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ই এখন যুদ্ধৰ বায়’পিক ।

বিগত মাহত মৃত্যু হোৱা কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰ অভিনীত অন্তিমখন ছবি ইক্কিছ ৷ এই ছবিখনেৰে অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দই প্ৰথমবাৰৰ বাবে থিয়েটাৰৰ পৰ্দাত ধৰা দিব ।

চলচ্চিত্ৰ জগতৰ বহু পৰিচিত মুখে ইক্কিছৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে ৷ তাৰ মাজতে দুটা মুহূৰ্তই সকলোৰে হৃদয় চুই যায় । এটা আছিল, যেতিয়া ছানী দেওল পিতৃ ধৰ্মেন্দ্ৰৰ প্ৰতি আৱেগিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰে আৰু আনটো আছিল যেতিয়া অভিনেত্ৰী ৰেখাই অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দৰ প্ৰতি মৰম প্ৰকাশ কৰে ।

সুস্থ ৰূপতে ছানী দেওল স্ক্ৰীণিঙত উপস্থিত হয় যদিও স্পষ্টভাৱে আৱেগিক যেন দেখা গৈছিল । স্ক্ৰীণিঙলৈ যোৱাৰ পূৰ্বে ফটোৰ বাবে পোজ দিয়ে অভিনেতাগৰাকীয়ে ৷ ছানীয়ে নিজৰ পিতৃ বলীউডৰ হি-মেনক মৌন হৈ শ্ৰদ্ধাঞ্জলি জনায় । প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা ছলমান খানকো ধৰ্মেন্দ্ৰৰ ফটো থকা ইক্কিছৰ পোষ্টাৰখন চাই আৱেগিক হৈ পৰা দেখা গৈছিল ।

আন এটা মৰ্মস্পৰ্শী মুহূৰ্ত আহিল অভিনেত্ৰী ৰেখাৰ পৰা । ৰেড কাৰ্পেটত খোজকাঢ়ি গৈ থাকোতে তেওঁ প্ৰথমে ধৰ্মেন্দ্ৰৰ পোষ্টাৰৰ সন্মুখত ৰৈ যায় । হাতযোৰ কৰি মূৰ দোঁৱাই কেইমুহূৰ্তমান থিয় হৈ প্ৰয়াত অভিনেতাগৰাকীক সন্মান জনায় তেওঁ ।

ইয়াৰ পিছত ৰেখা পোষ্টাৰত থকা অগস্ত্য নন্দৰ ফটোখনৰ ফালে আগবাঢ়ি গ’ল । আলফুলে অগস্ত্যৰ মুখত হাতখন থৈ আশীৰ্বাদ স্বৰূপে এটা চুমা যাচে ৰেখাই । তেনেই সাধাৰণ অথচ আৱেগিক ইংগিতটোৱে বহুতৰে হৃদয় জয় কৰে ।

অগস্ত্যই ইক্কিছত দ্বিতীয় লেফটেনেণ্ট অৰুণ খেতাৰপালৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত জয়দীপ আহলাৱত, সুহাসিনী মুলায়, ছিকন্দৰ খেৰ, ৰাহুল দেৱেও অভিনয় কৰিছে । ইয়াৰ পূৰ্বে এখন প্ৰদৰ্শনীত ছবিখন উপভোগ কৰি অমিতাভ বচ্চনে নিজৰ ব্লগত এটা আৱেগিক টোকা শ্বেয়াৰ কৰে । জন্মৰ পৰা ডাঙৰ পৰ্দাত অগস্ত্যৰ অভিনয় চোৱালৈকে সকলো বিষয়ে লিখি বচ্চনে নাতিয়েকৰ সৎ আৰু স্বাভাৱিক অভিনয়ৰ প্ৰশংসা কৰে ।

মূলতঃ বৰদিনৰ দিনা মুক্তিৰ পৰিকল্পনা কৰা ইক্কিছ এতিয়া ২০২৬ চনৰ ১ জানুৱাৰীত চিনেমাগৃহত মুক্তি পাব । ছবিখন কেৱল যুদ্ধৰ কাহিনী নহয়, আৱেগ আৰু পাৰিবাৰিক বন্ধনো ইয়াৰ মূল উপাদান ।

লগতে পঢ়ক : বচ্চনৰ নাতিয়েকৰ সৈতে অন্তিমবাৰৰ বাবে পৰ্দাত ধৰ্মেন্দ্ৰ