ETV Bharat / entertainment

বিচনাত পৰি থকা ধৰ্মেন্দ্ৰৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল ! আৰক্ষীক অভিযোগ

অসুস্থ ধৰ্মেন্দ্ৰ আৰু তেওঁৰ পৰিয়ালৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন পৰিচালক সন্থাই কঠোৰ ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে ।

Indian film and television director association Files Complaint For Privacy Breach In Dharmendra's Health Coverage
চিকিৎসালয়ৰ পৰা ধৰ্মেন্দ্ৰৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ভাইৰেল (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : November 14, 2025 at 3:52 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : চিকিৎসালয়ৰ বিচনাৰ পৰা ধৰ্মেন্দ্ৰ আৰু তেওঁৰ পৰিয়ালৰ ব্যক্তিগত মুহূৰ্তৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ৷ নেটিজেনৰ মাজত এই ভিডিঅ’ই আলোড়নৰ সৃষ্টি কৰিছে । ইতিমধ্যে এই ভিডিঅ’টো গোপনে চিত্ৰগ্ৰহণ কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছে ।

ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন পৰিচালক সন্থাই এই ঘটনাক তীব্ৰ গৰিহণা দিছে । কেৱল সেয়াই নহয়, জুহু আৰক্ষী থানাত এজাহাৰো দাখিল কৰা হৈছে ।

Indian film and television director association Files Complaint For Privacy Breach In Dharmendra's Health Coverage
ধৰ্মেন্দ্ৰৰ গোপনীয়তা উলংঘনক লৈ IFTDA ৰ এজাহাৰ দাখিল (Photo: Instagram)

আজি জুহু থানাত দাখিল কৰা এক বিবৃতিত পাপাৰাজ্জীক তীব্ৰ সমালোচনা কৰে সন্থাৰ সভাপতি অশোক পণ্ডিতে । অভিযোগত কোৱা হৈছে, "কেইবাজনো অনলাইন মিডিয়া কৰ্মী আৰু পাপাৰাজ্জীয়ে সকলো সীমা অতিক্ৰম কৰিছে । পদ্মভূষণ বঁটা বিজয়ী শ্ৰী ধৰ্মেন্দ্ৰজীক যিদৰে কভাৰ কৰিছে, কোনেও সামান্যতমো আচৰণ বিধি মানি চলা নাই ।"

Indian film and television director association Files Complaint For Privacy Breach In Dharmendra's Health Coverage
ধৰ্মেন্দ্ৰৰ গোপনীয়তা উলংঘনক লৈ IFTDA ৰ এজাহাৰ দাখিল (Photo: Instagram)

বিবৃতিটোত আৰু কোৱা হৈছে, "আমাৰ দৃষ্টিগোচৰ হৈছে যে কিছুমান পাপাৰাজ্জী আৰু মিডিয়া একাউণ্টে ধৰ্মেন্দ্ৰজীৰ ঘৰত প্ৰৱেশ কৰি পৰিয়ালৰ অনুমতি অবিহনে তেওঁৰ ব্যক্তিগত মুহূৰ্তবোৰ বন্দী কৰিছে । তাৰ পিছত সেই ভিজুৱেলবোৰ লাভ আৰু চাঞ্চল্য সৃষ্টি কৰাৰ উদ্দেশ্যে নেটত বিয়পাই দিছে । এনে কাৰ্য অমানৱীয়, অবৈধ আৰু ভাৰতীয় দণ্ডবিধিৰ ২১ নং ধাৰাত গোপনীয়তাৰ অধিকাৰ খৰ্ব কৰা । এয়া কেৱল নৈতিক পৰাজয় নহয়, ই এক জঘন্য অপৰাধ ।"

ইয়াৰ পিছতে ঘটনাৰ লগত জড়িত ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাই আই এফ টি ডি এৰ সভাপতিগৰাকীয়ে । তেওঁ লিখিছে, "এই লজ্জাজনক কাণ্ডৰ লগত যিয়েই জড়িত তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত । যাতে ভৱিষ্যতে আন কোনোৱে এনে অপৰাধ কৰিবলৈ সাহস নকৰে ।" লগতে ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তদন্ত কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।

ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন পৰিচালক সন্থাৰ সভাপতি অশোক পণ্ডিতে অসুস্থ ধৰ্মেন্দ্ৰ আৰু তেওঁৰ পৰিয়ালৰ গোপনীয়তা ৰক্ষাৰ বাবে আৰক্ষী আৰু প্ৰশাসনক যি পদক্ষেপ ল’ব লাগে, সেই পদক্ষেপ ল’বলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক : এতিয়াও অসুস্থ ! কিয় হাস্পতালৰ পৰা ৰিলিজ দিয়া হ’ল ধৰ্মেন্দ্ৰক ? ডাক্তৰৰ উত্তৰ