২৪ বছৰতে বিয়া, ১০ বছৰৰ পিছত বিচ্ছেদ! এতিয়া কি কৰিব বিচাৰে আকাংক্ষা চামোলাই?
চব্বিশ বছৰ বয়সতে গৌৰৱৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আকাংক্ষা । এতিয়া বিবাহ বিচ্ছেদৰ পিছত তেওঁ নিজৰ কোনটো চখ পূৰণ কৰাৰ পৰিকল্পনা কৰিছে ?

By ETV Bharat Entertainment Team
Published : June 30, 2026 at 12:06 PM IST
হায়দৰাবাদ : গৌৰৱ খান্নাৰ সৈতে বিবাহ বিচ্ছেদৰ ঘোষণা কৰাৰ পিছত আকাংক্ষাই কেনেকৈ নিজৰ জীৱন অতিবাহিত কৰিব বিচাৰে ? 'লক আপ'ত অভিনেত্ৰীগৰাকীৰ মুকলি আলোচনাই গৌৰৱৰ অনুৰাগীসকলক আচৰিত কৰি তুলিছে ।
টেলিভিছন অভিনেত্ৰী আকাংক্ষা চামোলাই অলপতে প্ৰকাশ কৰিছে যে তেওঁ আৰু তেওঁৰ স্বামী তথা অভিনেতা গৌৰৱ খান্নাই বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে । এই খবৰে বৰ্তমান ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে । বিচ্ছেদৰ পিছত তেওঁ নিজৰ জীৱনটো কেনেকৈ গঢ়ি তুলিব বিচাৰে, অভিনেত্ৰীগৰাকীয়ে তাৰো ইংগিত দিছে ।
আকাংক্ষাই 'লক আপ: ট্ৰুথ অৰ ডেয়াৰ' ৰিয়েলিটী শ্ব'টোত নিজৰ ব্যক্তিগত জীৱন আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে মুকলিকৈ আলোচনা কৰিছে । ইয়াৰ উপৰি, তেওঁৰ আৰু গৌৰৱৰ বৰ্তমানৰ সম্পৰ্ক তথা ভৱিষ্যতৰ সৈতে জড়িত বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে ।
She said, “I was 24 when I got married. I didn’t get much out of these ten years. Now I want to explore my life.”
— 🍀 GEET 🍀 (@g_clipss) June 28, 2026
Fair enough. But what stopped you from deciding that ten years ago? Why waste a whole decade of someone else’s life #GauravKhanna
❖ #AkankshaChamola #Lockupp2 pic.twitter.com/TQWAqoTU2I
'লক আপ'ৰ শেহতীয়া এটা খণ্ডৰ পৰা শ্ৰেয়া কালৰা আৰু আকাংক্ষাৰ এটা ভিডিঅ' পোহৰলৈ আহিছে, য'ত শ্ৰেয়াই আকাংক্ষাক তেওঁৰ ব্যক্তিগত জীৱনৰ কিছুমান বিষয় সন্দৰ্ভত প্ৰশ্ন সোধা দেখা গৈছে । শ্ৰেয়াই আকাংক্ষাক সোধে যে বিবাহ বিচ্ছেদৰ পিছত তেওঁ পুনৰ প্ৰেমত পৰিব বিচাৰে নেকি ? নিজৰ ব্যক্তিগত জীৱনৰ বিতং বিৱৰণ নিদিয়াকৈ আকাংক্ষাই কয় যে তেওঁ বৰ্তমান জীৱনৰ এনে এটা পৰ্যায়ত আছে য'ত তেওঁ নিজক আৰু অধিক ভালদৰে বুজি পাবলৈ তথা নিজৰ স্বাধীনতা উপভোগ কৰিবলৈ বিচাৰে ।
আকাংক্ষাই লগতে কয়, "মই মোৰ স্বাধীনতা উপভোগ কৰিব বিচাৰোঁ । অতি কম বয়সতে, মাত্ৰ ২৪ বছৰ বয়সতে মোৰ বিয়া হৈছিল । সেইবাবে মই জীৱনটো সেইদৰে উপভোগ কৰিব নোৱাৰিলোঁ । এতিয়া এটা ভাল সম্পৰ্কত ১০ বছৰ কটোৱাৰ পিছত, মোৰ হাতত জীৱনৰ আন বহুতো দিশ অন্বেষণ কৰিবলৈ আজৰি সময় আছে । গতিকে মই এতিয়া আন কোনো কথাত সাঙোৰ খাবলৈ নিবিচাৰোঁ ।" শ্ব'টোৰ এই ভিডিঅ’টো বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । বহু অনুৰাগীয়ে আকাংক্ষাৰ এই মুকলি স্বীকাৰোক্তিৰ প্ৰশংসা কৰিছে যদিও গৌৰৱৰ অনুৰাগীসকলৰ মন ভাগি পৰিছে ৷
ইয়াৰ আগতে, আকাংক্ষা চামোলাই নিজৰ ব্যক্তিগত জীৱনৰ বিষয়ে কৈছিল । 'এক্সপোজ' কাৰ্ড টাস্কত তেওঁ প্ৰকাশ কৰে যে তেওঁ আৰু গৌৰৱ বিগত এটা বছৰে পৃথকে-পৃথকে আছিল আৰু তেওঁলোকে সম্পৰ্কটো শেষ কৰিবলৈ আগবাঢ়িছে । এই খবৰে সকলোকে আচৰিত কৰি তোলে । ইফালে, আকাংক্ষাৰ বিবাহ বিচ্ছেদৰ ঘোষণা সন্দৰ্ভত গৌৰৱ খান্নাই কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই । উল্লেখ্য যে, এটা অডিশ্বনৰ সময়ত গৌৰৱ খান্না আৰু আকাংক্ষা চামোলাৰ চিনাকি হৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁলোক প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হৈছিল । ২০১৬ চনৰ ২৪ নৱেম্বৰত আকাংক্ষা আৰু গৌৰৱ বিবাহপাশত আৱদ্ধ হৈছিল ।
লগতে পঢ়ক : 'লক আপ ২'ৰ মঞ্চত আকাংক্ষাৰ ডাঙৰ ঘোষণা:কি ক’লে ৰাখীয়ে ?

