প্ৰথম দেখাতেই ধৰ্মেন্দ্ৰক প্ৰাণ সঁপি দিছিল হেমাই ! কিয় ধৰম জীৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা অসম্ভৱ আছিল ?
কেনেকৈ বলীউডৰ 'হি-মেন' ধৰ্মেন্দ্ৰৰ প্ৰেমত পৰিছিল হেমা মালিনী ? জানক অভিনেত্ৰীগৰাকীৰ নিজৰ ভাষাত-

By ETV Bharat Entertainment Team
Published : July 13, 2026 at 4:49 PM IST
হায়দৰাবাদ: প্ৰখ্যাত দূৰদৰ্শনৰ এটা অনুষ্ঠানত কথা পাতি থকাৰ সময়ত হেমা মালিনীয়ে ধৰ্মেন্দ্ৰৰ প্ৰতি থকা তেওঁৰ প্ৰথম ধাৰণাৰ কথা প্ৰকাশ কৰে । সাক্ষাৎকাৰটোত সঞ্চালিকা চিমি গৰেৱালে হেমা মালিনীক সোধে, "আপুনি ধৰম জীক প্ৰথম ক’ত লগ পাইছিল আৰু তেওঁক দেখি আপোনাৰ মনলৈ কি ভাব আহিছিল ?" ইয়াৰ উত্তৰত হেমা মালিনীয়ে প্ৰকাশ কৰে যে, সেই সময়ত তেওঁ ভাবিছিল যে, ধৰ্মেন্দ্ৰৰ দৰে ইমান সুদৰ্শন পুৰুষ তেওঁ জীৱনত কেতিয়াও দেখা নাই ।
হেমা মালিনীৰ ভাষাত, "মই তেওঁক প্ৰথমবাৰৰ বাবে এখন ছবিৰ প্ৰিমিয়াৰত লগ পাইছিলোঁ । মোৰ মনলৈ এনে ভাৱ আহিছিল যেন মই মোৰ সমগ্ৰ জীৱনত ইমান ধুনীয়া আৰু আকৰ্ষণীয় পুৰুষ কেতিয়াও দেখা নাই । তেওঁ সঁচাকৈয়ে বৰ সুদৰ্শন আছিল । পাছত মই জানিব পাৰিলোঁ যে, তেওঁৱো মোৰ বিষয়ে ঠিক একে কথাই ভাবিছিল । ইয়াৰ পিছত মই তেওঁৰ সৈতে আৰু আন বহুতো শিল্পীৰ সৈতে একেলগে কাম কৰাৰ সুযোগ পাইছিলোঁ ।"
সাক্ষাৎকাৰটোত চিমি গৰেৱালে আগলৈ সোধে, "যেতিয়া আপুনি তেওঁক ওচৰৰ পৰা জানিব পাৰিলে আৰু একেলগে কাম কৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ কোনবোৰ গুণ আপোনাৰ আটাইতকৈ বেছি ভাল লাগিছিল ?" ইয়াৰ উত্তৰত হেমা মালিনীয়ে কয়, "তেওঁ এগৰাকী অত্যন্ত মৰমিয়াল, স্নেহশীল আৰু অমায়িক ব্যক্তি আছিল । তেওঁৰ এই গুণবোৰ মই বৰ ভাল পাইছিলোঁ । মই সেই সময়ত বহুতো নায়কৰ সৈতে কাম কৰি আছিলোঁ, কিন্তু মই সদায় তেওঁৰ দৰে ব্যক্তিত্ব থকা এজন মানুহৰহে সন্ধান কৰিছিলোঁ ।"
কথোপকথন আগবঢ়াই লৈ গৈ চিমিয়ে হেমা মালিনীক সুধিছিল যে, কি কথাই তেওঁক ধৰ্মেন্দ্ৰৰ প্ৰস্তাৱত সন্মতি জনাবলৈ বাধ্য কৰিলে । বলীউডৰ এই ‘হি-মেন’গৰাকীয়ে তেওঁক কেনেকৈ আপোন কৰি লৈছিল, সেই কথা প্ৰকাশ কৰি হেমাই কয়, "তেওঁ মোক সদায় কৈছিল যে, তেওঁ মোক বহুত ভাল পায় । মই ‘ঠিক আছে, ঠিক আছে’ বুলি কৈ এৰাই চলিছিলোঁ । মই তেওঁক বৰ বেছি গুৰুত্ব দিয়া নাছিলোঁ, কাৰণ ইয়াৰ পৰিণাম কি হ’ব পাৰে মই জানিব পাৰিছিলোঁ । কিন্তু কোনোবা ছোৱালীৰ বাবে ইমান আকৰ্ষণীয় ব্যক্তিত্বক প্ৰত্যাখ্যান কৰাটো সঁচাকৈয়ে কঠিন । চাওক, আমি চিনেমাৰ কামত সদায় ব্যস্ত আছিলোঁ । একেৰাহে দিনে দুটা-তিনিটাকৈ শ্বিফ্টত কাম কৰিছিলোঁ । স্বাভাৱিকতে, একেজন মানুহৰ সৈতেই আমি মুম্বাইত শ্বুটিং কৰিছিলোঁ আৰু আউটড’ৰ শ্বুটিঙৰ বাবেও বাহিৰলৈ গৈছিলোঁ, গতিকে এনে পৰিৱেশত ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হোৱাটো অতি স্বাভাৱিক আছিল ।"
হেমা মালিনী আৰু ধৰ্মেন্দ্ৰ আছিল তেওঁলোকৰ সময়ৰ আটাইতকৈ জনপ্ৰিয় আৰু মৰমৰ যুটি । তেওঁলোকে একেলগে বহুকেইখন চিৰস্মৰণীয় ছুপাৰহিট ছবি উপহাৰ দিছিল । সেইসমূহৰ ভিতৰত উল্লেখনীয় হ'ল- সীতা ঔৰ গীতা, শ্বোলে, ড্ৰীম গাৰ্ল, আজাদ, দিললগী, দ্য বাৰ্ণিং ট্ৰেইন ৷
লগতে পঢ়ক : ধৰ্মৰ ঊৰ্ধ্বত ভাৰতীয় সংস্কৃতি: হিন্দু পৰম্পৰাৰ মহানতাক লৈ জাভেদ আখটাৰৰ গুৰুত্বপূৰ্ণ মন্তব্য

