ETV Bharat / entertainment

ওস্তাদ বিছমিল্লাহ খান যুৱ বঁটাপ্ৰাপক হীৰকজ্যোতি শৰ্মা কিয় আকৰ্ষিত হৈছিল টোকাৰী গীতৰ প্ৰতি ?

"প্ৰথমে নামটো নেদেখি মনটো বেয়া লাগিছিল... ৷" আৱেগিক শিল্পীগৰাকী ৷

Hirakjyoti Sarma makes history in tokari geet: receives Ustad Bismillah Khan Youth Award 2025
হীৰকজ্যোতি শৰ্মা (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : June 12, 2026 at 6:58 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমৰ লোকশিল্প তথা লোককৃষ্টিৰ গৱেষক হীৰকজ্যোতি শৰ্মাই এক ঐতিহাসিক সফলতা অৰ্জন কৰিছে । টোকাৰী গীতৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ‘ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ–২০২৫’ প্ৰদান কৰা হৈছে ।

টোকাৰী গীতৰ শাখাত এই সন্মানীয় ৰাষ্ট্ৰীয় বঁটা লাভ কৰা হীৰকজ্যোতি শৰ্মাই হৈছে প্ৰথমগৰাকী অসমীয়া । তেওঁৰ এই সফলতাই সমগ্ৰ অসমৰ লোকসংস্কৃতিৰ জগতখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

শৰ্মাই শেহতীয়াকৈ সংগীত নাটক অকাডেমীৰ সন্মানীয় ‘ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ–২০২৫’ লাভ কৰিছে । টোকাৰী গীতৰ শাখাত এই ঐতিহাসিক বঁটা লাভ কৰাৰ পাছতে তেওঁ 'ই টিভি ভাৰত'ৰ সৈতে এক বিশেষ সাক্ষাৎকাৰত মিলিত হয় । বঁটা লাভৰ পাছত তেওঁ নিজৰ মনৰ আনন্দ আৰু অনুভৱ ব্যক্ত কৰে । টোকাৰী গীতৰ চৰ্চা আৰু গৱেষণাৰ ক্ষেত্ৰত তেওঁ অতিক্ৰম কৰা দীঘলীয়া যাত্ৰাৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা প্ৰকাশ কৰে ।

হীৰকজ্যোতি শৰ্মাৰ আৱেগিক অনুভৱ

'ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ–২০২৫' লাভ কৰাৰ পাছত লোকশিল্পী হীৰকজ্যোতি শৰ্মাই নিজৰ অভিজ্ঞতা আৰু মনৰ অনুভৱ ব্যক্ত কৰে এইদৰে, "বুধবাৰে নিশা প্ৰায় ৯ বজাত যেতিয়া বঁটাপ্ৰাপকৰ তালিকাখন ঘোষণা হৈছিল, তেতিয়া প্ৰথমবাৰ চাই নিজৰ নামটো দেখা পোৱা নাছিলোঁ । যিহেতু মই এই বঁটাৰ বাবে আবেদন কৰিছিলোঁ, সেয়ে নামটো নেদেখি মনটো অলপ বেয়া লাগিছিল । পাছত এগৰাকী বাইদেৱে ফোন কৰি শুভেচ্ছা জনাওঁতেহে এই বঁটা লাভ কৰিছোঁ বুলি জানিব পাৰো ৷ খবৰটো নিশ্চিত হোৱাৰ পাছত অতিশয় আনন্দিত হৈ পৰো, লগতে কিছু পৰিমাণে আৱেগিকো হৈ পৰো ।" এই স্বীকৃতিৰ বাবে তেওঁ সংগীত নাটক অকাডেমীৰ প্ৰতিগৰাকী বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।

Hirakjyoti Sarma
হীৰকজ্যোতি শৰ্মাৰ সৈতে ই টিভি ভাৰতৰ সাংবাদিক (Photo : ETV Bharat Assam)

হীৰকজ্যোতি শৰ্মাৰ লোকসংগীত যাত্ৰাৰ আৰম্ভণি

শিল্পী হীৰকজ্যোতি শৰ্মাৰ জন্ম হৈছিল নলবাৰী জিলাৰ বৰনদ্দী গাঁৱত । জন্মৰে পৰাই তেওঁ ঘৰত আৰু গাঁৱত এটা সুন্দৰ সাংস্কৃতিক পৰিৱেশ পাইছিল । পৰৱৰ্তী সময়ত পিতৃৰ চাকৰিৰ সূত্ৰে তেওঁলোক গুৱাহাটীলৈ আহে আৰু স্থায়ীভাৱে বসবাস কৰিবলৈ লয় । তেওঁৰ এই যাত্ৰাৰ বিষয়ে ক’বলৈ গৈ শিল্পীগৰাকীয়ে কয়, "ককা আৰু দেউতা দুয়োগৰাকীয়েই লোকসংগীতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল । গাঁৱৰ ঘৰৰ পৰিৱেশ আৰু পাছত যেতিয়া গুৱাহাটীলৈ আহো, ইয়াৰ সাংস্কৃতিক পৰিৱেশেও মোক বহুখিনি সহায় কৰে । এনেদৰেই মোৰ লোকসংগীতৰ দীঘলীয়া যাত্ৰা আৰম্ভ হৈছিল ।"

হীৰকজ্যোতি শৰ্মাৰ সাংস্কৃতিক জীৱনৰ ‘টাৰ্ণিং পইণ্ট’

শংকৰদেৱ শিশু নিকেতনৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল শৰ্মাই । ইয়াৰ পাছত তেওঁ ‘স্বদেশী একাডেমী’ৰ পৰা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হয় । বিজ্ঞান শাখাৰ পঢ়া-শুনাৰ ব্যস্ততাৰ বাবে সেই সময়ছোৱাত তেওঁৰ সংগীত চৰ্চা অলপ কমকৈ হৈছিল । বিজ্ঞান শাখাৰ পাছত তেওঁ কলা শাখাত পঢ়িবলৈ ‘বি বৰুৱা মহাবিদ্যালয়’ত নামভৰ্তি কৰে ।

নিজৰ সাংস্কৃতিক জীৱনৰ মোৰ ঘূৰোৱা সময়খিনিৰ কথা মনত পেলাই তেওঁ কয় যে, বি বৰুৱা মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়—এই দুয়োখন শিক্ষানুষ্ঠানেই আছিল তেওঁৰ সাংস্কৃতিক জীৱনৰ মূল 'টাৰ্ণিং পইণ্ট' । লোককৃষ্টিৰ ক্ষেত্ৰখনত গৱেষণা কৰাৰ সমান্তৰালকৈ হীৰকজ্যোতি শৰ্মা বৰ্তমান শিক্ষকতা বৃত্তিৰ সৈতেও জড়িত । তেওঁ অসমীয়া লোকসংগীতৰ সংৰক্ষণ, সংগ্ৰহ আৰু প্ৰচাৰৰ বাবে অহৰহ কাম কৰি আহিছে । ভৱিষ্যতলৈও তেওঁ অসমৰ এই লোকসংস্কৃতিৰ চৰ্চা আৰু প্ৰসাৰৰ বাবে সম্পূৰ্ণৰূপে উৎসৰ্গিত হৈ কাম কৰি যাব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে ।

লগতে পঢ়ক : অসমৰ বুকুত কনচাৰ্ট অৰ্থনীতিৰ জোৱাৰ ! অসম পৰ্যটনৰ নতুন মূলধন- লাইভ মিউজিক