হিমাংশু প্ৰসাদ দাসৰ ডেলীভাৰী বয়ত আছে সংবিধানৰ কথা !
ডেলীভাৰী বয়-হিমাংশু প্ৰসাদ দাসৰ নতুন গানটো শুনিলেনে ?

By ETV Bharat Entertainment Team
Published : May 28, 2026 at 1:26 PM IST
|Updated : May 28, 2026 at 4:17 PM IST
হায়দৰাবাদ: মুক্তি পালে হিমাংশু প্ৰসাদ দাসৰ নতুন গান ডেলীভাৰী বয় ৷ চন্দনা পাঠকৰ কথাৰে গানটোত কণ্ঠদান কৰিছে খোদ হিমাংশু প্ৰসাদ দাসেই ৷ এটি শ্ৰুতিমধুৰ মিউজিকেৰে আৰম্ভ হোৱা গানটোলৈ শ্ৰোতা-দৰ্শকৰ যোগাত্মক সঁহাৰি দেখিবলৈ পোৱা গৈছে ৷ গানটোৰ সংগীতৰ কাম কৰিছে মামণি কলিতাই আৰু সুৰ দিছে হিমু (হিমাংশু প্ৰসাদ দাস) আৰু মামণি কলিতাই ৷
হাৰ্দিকে দৃশ্যগ্ৰহণ আৰু সম্পাদনা কৰা ডেলীভাৰী বয় গানটোত অভিনয় কৰিছে গৌৰৱ জ্যোতি দাস, ইন্দ্ৰজিৎ লালুং আৰু মাধৱ দাসে ৷ লগতে গানটো পৰিচালনা কৰিছে গৌৰৱ আৰু হাৰ্দিকে ৷
গানটোত বিশেষকৈ ডেলীভাৰী বয়সকলৰ ভাগৰি নপৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে ৷ যান-জঁট, ৰ’দ-বতাহ-বৰষুণ বা আন যিকোনো প্ৰত্যাহ্বানমূলক পৰিস্থিতিটো যে তেওঁলোকে মানুহৰ অৰ্ডাৰ নি ঘৰৰ সন্মুখত হাজিৰ কৰাই, তাকেই গানটোৰ মাজেৰে সুন্দৰকৈ উপস্থাপন কৰা হৈছে ৷
এই ব্যস্ততাৰ যুগত অৱশ্যেই কাৰোৰে হাতত আনৰ কথা ভাবিবলৈ সময় নাথাকে ৷ অকলশৰীয়াকৈ থকাসকলে নিজৰ কথা আৰু পৰিয়াল থকাসকলে নিজৰ লগতে পৰিয়ালৰ কথা ভাবিয়ে দৈনিক জীৱন যুঁজত নামিবলগীয়া হয় ৷ পৰিয়ালক সুখী ৰখাৰ নামতেই হওক বা একাকীকত্বৰ মাজত সোমাই নিজক সুখী কৰাৰ নামতেই হওক, সকলোৰে মোবাইলে মোবাইলে উপলব্ধ ভিন্ন এপ ৷
অনলাইনৰ দুনীয়াত এই এপবোৰেই যেন মানুহৰ সাৰথি ৷ মন গ’লেই খোৱাৰ পৰা পিন্ধা বস্তু আহি মুখৰ আগত হাজিৰ হৈ যায় ৷ কিন্তু মানুহে লাভ কৰা এই সুবিধাৰ আঁৰত লুকাই আছে ডেলীভাৰী বয়সকলৰ নিজৰ কামৰ প্ৰতি থকা শ্ৰদ্ধা ৷ তেওঁলোকেও কোনোবাখিনিত পৰিয়ালৰ কাৰণে বা নিজৰ সুন্দৰ ভৱিষ্যতৰ বাবেই আজি বাদ দিছে প্ৰত্যাহ্বানৰ কথা ভাবিবলৈ ৷
কিন্তু তাৰ মাজতো কেতিয়াবা কিছুমান মানুহে পাহৰি যায় মানবীয়তা ৷ অৰ্ডাৰ আহি পাওতে দেৰি হ’ল-খং ডেলীভাৰী বয়ৰ ওপৰত, ঘৰৰ ঠিকনা বিচাৰি পাওতে দেৰি হ’ল-খং ডেলীভাৰী বয়ৰ ওপৰত, খানা চেঁচা হৈ গ’ল-খং ডেলীভাৰী বয়ৰ ওপৰত, ৰ’দে-বৰষুণে ভাগৰুৱা দেহা লৈ কেবা মহলাও বগাবলৈ চিন্তা নকৰা এই ডেলীভাৰী বয়ৰ ওপৰতেই যেন সমস্ত খং উলিয়াব লাগে, বহু মানুহৰ মনোভাৱ তেনেকুৱা ৷
অৰ্ডাৰৰ নামতেই কেতিয়াবা এই ডেলীভাৰী বয়ে ভোকৰ ভাতকেইটাও এৰি থৈ আহে ৷ হয়তো মানুহৰ দৃষ্টিত তেওঁলোকৰ দাম নাথাকিব পাৰে, কিন্তু মান তেওঁলোকৰো আছে, হিমাংশু প্ৰসাদ দাসে গানটোৰ মাজেৰে সেই কথাই ক’ব বিচাৰিছে ৷ ডেলীভাৰী বয়সকলৰ ভৱিষ্যতৰ কথা কোৱা গানটোত আছে কেইশাৰীমান মনোগ্ৰাহী বাক্য, "আবাদ ৰহে হিন্দুস্তান, আবাদ ৰহে সংবিধান, সমাজবাদী গণ্যৰাজ্য, শ্ৰমিকে নাপাই প্ৰাপ্য ৷"
লগতে পঢ়ক : মানুহে একেটা সোৱাদৰে বস্তু খাই থাকিবলৈ ইচ্ছা নকৰে, ঘৰতে হওক বা আন য’তেই নহওক : চম্পক শৰ্মা

