হেঙুল থিয়েটাৰৰ প্ৰশংসনীয় পদক্ষেপ: কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্বনলৈ আগবঢ়ালে লাভৰ ধন
ঈশ্বৰপুত্ৰৰ নাটকখনৰ পৰা লাভ হোৱা ধনৰ ৫০ শতাংশ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্বনলৈ ৷ প্ৰযোজক সংকল্প হাজৰিকাৰ শলাগ লৈছে সকলোৱে ৷

By ETV Bharat Entertainment Team
Published : August 31, 2026 at 4:41 PM IST
হায়দৰাবাদ : মৰিয়নী ক্ৰীড়া সন্থাৰ উদ্যোগত বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে হেঙুল থিয়েটাৰ ৷ এই থিয়েটাৰ গোষ্ঠীটোৱে লাভ কৰা ধনৰ এটা অংশ জুবিন গাৰ্গৰ প্ৰাণৰ অনুষ্ঠান কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্বনলৈ আগবঢ়াইছে ৷
উল্লেখ্য যে, হেঙুল থিয়েটাৰত এইবছৰ ঈশ্বৰপুত্ৰ শীৰ্ষক এখন নাট জুবিনৰ নামত উছৰ্গা কৰা হৈছে ৷ এই নাটখনত জুবিন গাৰ্গৰ সত্তাক সুন্দৰভাৱে উপস্থাপন কৰা হৈছে ৷ এই নাটখন চাবলৈ শ্ৰোতা-দৰ্শকৰ যথেষ্ট ভিৰ হৈছে ৷ প্ৰায় লক্ষাধিক টকাৰ টিকট বিক্ৰী হৈছে বুলিও জানিব পৰা গৈছে ৷ হেঙুলৰ ইতিহাসত চাগে মৰিয়নীত এয়া সৰ্বাধিক টকাৰ টিকট বিক্ৰী ৷
কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্বনলৈ ধন আগবঢ়োৱাৰ সিদ্ধান্ত থিয়েটাৰ কৰ্তৃপক্ষ আৰু আয়োজক সন্থাই যুটীয়াভাৱে গ্ৰহণ কৰে ৷ মৰিয়নী ক্ৰীড়া সন্থাই ২৫ শতাংশ আৰু থিয়েটাৰ কৰ্তৃপক্ষই ২৫ শতাংশ ধন প্ৰদান কৰিছে ৷ এই বৰ্ষৰ হেঙুলৰ নাট্যযাত্ৰা মুকলি কৰিছিল গৰিমা শইকীয়া গাৰ্গে ৷
কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্বন হৈছে অসমৰ এক জনকল্যাণমূলক ন্যাস ৷ প্ৰয়াত সংগীতশিল্পী জুবিন গাৰ্গে আৰ্থিকভাৱে পিছপৰা শিল্পীসকল আৰু দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাৰ উদ্দেশ্যে এই ন্যাসটো গঠন কৰিছিল । এই ফাউণ্ডেশ্বনে মূলতঃ আৰ্থিকভাৱে সংকটাপন্ন আৰু অভাৱগ্ৰস্ত শিল্পীসকলক সহায়-সহযোগিতা আগবঢ়াই, চিকিৎসাৰ প্ৰয়োজন হোৱা লোকসকলক প্ৰয়োজনীয় চিকিৎসা পুঁজি যোগান ধৰে, আৰ্থিকভাৱে দুৰ্বল তথা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক পঢ়া-শুনাৰ ক্ষেত্ৰত সহায় কৰে ।
এই ফাউণ্ডেশ্বনৰ নামটো অসমৰ প্ৰসিদ্ধ শিল্পী, স্বাধীনতা সংগ্ৰামী তথা সাংস্কৃতিক পথ-প্ৰদৰ্শক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামানুসাৰে ৰখা হৈছে । এই ন্যাসটোৱে জুবিন গাৰ্গৰ পৰিয়াল, যেনে— গৰিমা গাৰ্গ আৰু তেওঁৰ অনুৰাগীসকলৰ স্থানীয় গোট বা ‘জুবিন আৰ্মী’ৰ সৈতে মিলি অতি ওচৰৰ পৰা কাম কৰে ।

অসমৰ সংহাৰী বানপানীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক এই গোটটোৱে খাদ্য, বস্ত্ৰ আৰু ঔষধ যোগান ধৰে । বৃহৎ পৰিসৰত মানৱীয় সাহায্য কাৰ্যসূচী চলাই নিবলৈ এই ফাউণ্ডেশ্বনে অসমৰ চলচ্চিত্ৰ জগত আৰু বিভিন্ন স্থানীয় সংগঠনৰ সৈতে হাত মিলায় । অসম চৰকাৰে জুবিন গাৰ্গৰ শেষৰখন ছবি ‘ৰৈ ৰৈ বিনালে’ ৰ পৰা সংগ্ৰহ কৰা ৰাজ্যিক কৰৰ ধনখিনি এই ফাউণ্ডেশ্বনৰ সামাজিক কাম-কাজসমূহলৈ আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।
লগতে পঢ়ক : জুবিন হত্য়া গোচৰৰ ফাষ্টট্ৰেক আদালতত সাক্ষ্য দিলে সৃজনী ভাস্ব মহন্তই

