ETV Bharat / entertainment

ধৰ্মেন্দ্ৰৰ সৈতে অন্যতম সুন্দৰ স্মৃতি প্ৰকাশ হেমা মালিনীৰ

বেছি বুলি অনুভৱ কৰিছে যদিও হেমা মালিনীয়ে কৈছে- এই ফটোবোৰ কেতিয়াও শ্বেয়াৰ কৰা হোৱা নাই ৷

Hema Malini reveals a still from the "Ek Hi Khawab" track from film "Kirana" says most beautiful memories with Dharmendra
সুন্দৰ স্মৃতি প্ৰকাশ হেমা মালিনীৰ (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : November 28, 2025 at 4:31 PM IST

2 Min Read
Choose ETV Bharat

মুম্বাই : প্ৰয়াত স্বামী তথা কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰৰ সৈতে কিছু পুৰণি স্মৃতি পুনৰ জীৱিত কৰি তুলিছে হেমা মালিনীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে । তেওঁৰ শেহতীয়া পোষ্টত, হেমাই ১৯৭৭ চনৰ তেওঁলোকৰ ছবি "কিৰানা"ৰ "এক হি খোৱাব" ট্ৰেকৰ এটা ষ্টিল শ্বেয়াৰ কৰিছে । ৰোমাণ্টিক মনোৰঞ্জনধৰ্মী ছবিখনৰ পৰা এইটোৱেই তেওঁৰ আৰু ধৰম জীৰ আটাইতকৈ মৰমৰ স্মৃতি বুলি প্ৰকাশ কৰে তেওঁ । "এক হি খোৱাব" গীতটিৰ সুৰ কৰিছে কিংবদন্তি আৰ ডি বৰ্মনে আৰু ভূপিন্দৰ সিঙৰ সুৰীয়া কণ্ঠেৰে সজাইছে ।

পোষ্টটোৰ কেপশ্যনত হেমাই লিখিছে, "কিনাৰা চিনেমাখনৰ মোৰ আৰু ধৰমজীৰ অন্যতম সুন্দৰ স্মৃতি । ইয়াৰ পৰিচালক গুলজাৰ চাহাব আৰু ভূপিন্দৰজীয়ে গীতটো গাইছিল আৰু সংগীত কৰিছিল আৰ ডি বৰ্মনে । #memories #memoriesforlife #kinara (sic)।"

"কিনাৰা"ৰ উপৰিও বলীউডৰ অন্যতম আদৰণীয় যুটি ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীয়ে "শ্বৰফাত" (১৯৭০) দৰে কেইবাখনো হিট ছবিত স্ক্ৰীণ শ্বেয়াৰ কৰিছে । "তুম হাছিন মে জৱান" (১৯৭০), "নয়া জামানা" (১৯৭১), "ৰাজা জনী" (১৯৭২), "সীতা ঔৰ গীতা" (১৯৭২), "জুগ্নু" (১৯৭৩), "প্ৰতিজ্ঞা" (১৯৭৫), "শ্বোলে" (১৯৭৫), "ড্ৰীম গাৰ্ল" (১৯৭৭), "চাচা ভাতিজা" (১৯৭৭), "আজাদ" (১৯৭৮), "দিল্লগী" (১৯৭৮), "আছ পাছ" (১৯৮১), "ৰাজিয়া চুলতান" (১৯৮৩) আৰু "দ্য বাৰ্নিং ট্ৰেইন" (১৯৮০) আদি ছবিৰ নাম ল'ব পাৰি ।

ইয়াৰ পূৰ্বেও আজিৰ দিনটোতে হেমাই প্ৰয়াত ধৰ্মেন্দ্ৰৰ সৈতে আন কিছু বিৰল ফটোও নিজৰ ইনষ্টাত আপলোড কৰে । তেওঁলোকৰ পৰিয়ালৰ এইসমূহ “মূল্যৱান” মুহূৰ্ত বুলি অভিহিত কৰে । তেওঁ প্ৰকাশ কৰে যে এই ফটোসমূহ পুনৰ চাওঁতে তেওঁৰ আৱেগে খুন্দা মাৰে । হেমাই আপলোড কৰা ফটোসমূহত ধৰ্মেন্দ্ৰক দুই কন্যা আহানা আৰু ঈশাৰ সৈতে পোজ দিয়া দেখা গৈছে ।

হেমাই কেপশ্যনত লিখিছে, ‘কিছুমান মৰমলগা পাৰিবাৰিক মুহূৰ্ত... সৰলভাৱে মূল্যৱান ফটো । মই জানো যে ই বেছি হৈ গৈছে, কিন্তু এইবোৰ প্ৰকাশ হোৱা নাই আৰু এইবোৰ দেখি মোৰ আৱেগ ঢাল খাই আহে ।#স্মৃতি #পৰিয়ালৰ #মুহূৰ্ত ।

বিগত ২৪ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে বলীউডৰ কিংবদন্তি ধৰ্মেন্দ্ৰই । তেওঁক মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । প্ৰয়োজনীয় চিকিৎসা লাভ কৰাৰ পিছত ১২ নৱেম্বৰত তেওঁক যাবলৈ দিয়া হয় আৰু ঘৰতে চিকিৎসা চলাই থকা হৈছিল ।

লগতে পঢ়ক : বিয়াৰ পাছতো ধৰ্মেন্দ্ৰৰ প্ৰতি আকৰ্ষণ আছিল জয়া বচ্চনৰ, স্বামী অমিতাভে জানিছিল এই কথা