কৌতুকৰ নামত মহিলাৰ অসন্মান! প্ৰণিত ম’ৰে আৰু হিমাংশু জাংড়াক মহিলা আয়োগৰ চমন
গুৰুগ্ৰাম কমেডী শ্ব’ বিতৰ্ক: কৌতুক অভিনেতা প্ৰণিত ম’ৰে, হিমাংশু জাংড়া আৰু ডাঃ ছেজল পাৱাৰ বিপদত, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ হস্তক্ষেপৰ পিছতে ৰুজু হ’ল এফআইআৰ ৷

By ETV Bharat Entertainment Team
Published : June 12, 2026 at 12:27 PM IST
হায়দৰাবাদ : ৰাষ্ট্ৰীয় মহিলা আয়োগে গুৰুগ্ৰামৰ এটা ভাইৰেল ষ্টেণ্ড-আপ কমেডী শ্ব’ক কেন্দ্ৰ কৰি কৌতুক অভিনেতা প্ৰণিত ম’ৰে আৰু হিমাংশু জাংড়াক চমন জাৰি কৰিছে । এই সন্দৰ্ভত ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আয়োগে হাৰিয়ানা আৰক্ষীকো নিৰ্দেশ দিছে ।
মহিলাৰ সন্মতি অবিহনে কৰা কোনো জোৰ-জুলুম কাৰ্য কেতিয়াও ধেমালি বা কৌতুক হ’ব নোৱাৰে । সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু ভিডিঅ’টো দেখাৰ পিছত ৰাষ্ট্ৰীয় মহিলা আয়োগে নিজে এই গোচৰটো হাতত লৈছে । প্ৰণিত ম’ৰে আৰু হিমাংশু জাংড়াক অহা ২২ জুনৰ বিয়লি ৪ বজাত শুনানিৰ বাবে হাজিৰ হ’বলৈ জাননী দিয়া হৈছে ।
ৰাষ্ট্ৰীয় মহিলা আয়োগে এই ভাইৰেল ভিডিঅ’টোৰ বিষয়বস্তুক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । আয়োগৰ মতে, মহিলাৰ সন্মতি অবিহনে কৰা এনে স্পৰ্শকাতৰ আচৰণক অতি পাতল কৰি মনোৰঞ্জন হিচাপে দেখুওৱা হৈছিল আৰু দৰ্শকে হাততালিও বজাইছিল । এগৰাকী মহিলাৰ সন্মতি, মৰ্যাদা আৰু শাৰীৰিক স্বতন্ত্ৰতাক অৱমাননা কৰা কাৰ্যক স্বাভাৱিক ৰূপত দেখুৱালে সমাজত ইয়াৰ ভয়াৱহ প্ৰভাৱ পৰে । এনে ধৰণৰ ধেমালিয়ে লিংগভিত্তিক হিংসাক প্ৰশ্ৰয় দিয়ে আৰু মহিলাৰ নিৰাপত্তাক বিঘ্নিত কৰে ।
ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ বিজয়া ৰাহাটকাৰে হাৰিয়ানাৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ চিঠি লিখিছে । এই ঘটনাৰ বিৰুদ্ধে অতি সোনকালে, কঠোৰ আৰু সময়সীমাৰ ভিতৰত আইনী ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে । আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ এক বিতং প্ৰতিবেদন অহা ৭ দিনৰ ভিতৰত জমা দিবলৈ আয়োগে নিৰ্দেশ দিছে । ৰাষ্ট্ৰীয় মহিলা আয়োগে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য বিচাৰিছে ।
আয়োগে বিশেষকৈ অপৰাধ আৰু ইয়াৰ আঁৰৰ ব্যৱস্থাপনাক লৈ প্ৰশ্ন উত্থাপন কৰিছে । ভাৰতীয় ন্যায় সংহিতা আৰু অন্যান্য প্ৰযোজ্য আইনৰ অধীনত এজাহাৰ পঞ্জীয়ন কৰা হৈছে নে নাই, তাৰ স্থিতি জানিবলৈ বিচাৰিছে । এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে কি আইনী পদক্ষেপ লোৱা হৈছে, তাৰ সবিশেষ বিচাৰিছে । ভাইৰেল হোৱা ভিডিঅ’টো পৰীক্ষা কৰি তাৰ প্ৰমাণিকতা বা সত্যতা নিশ্চিত কৰিবলৈ কৈছে । এই অনুষ্ঠানটোৰ আয়োজক, প্ৰদৰ্শনকাৰী আৰু প্ৰেক্ষাগৃহ পৰিচালনা সমিতিৰ ভূমিকা কি আছিল, তাকো পৰীক্ষা কৰিবলৈ কোৱা হৈছে ।
ৰাষ্ট্ৰীয় মহিলা আয়োগে এই ঘটনাটোক তীব্ৰ গৰিহণা দি পুনৰ দোহাৰিছে যে মহিলাৰ সন্মতিৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰিব নোৱাৰি । মহিলাৰ মৰ্যাদা হানি কৰা যিকোনো কাৰ্যক ধেমালি হিচাপে গ্ৰহণ কৰিব পৰা নাযায় । আয়োগে স্পষ্টকৈ কৈছে যে মহিলাৰ 'সন্মতি' হৈছে চূড়ান্ত আৰু ইয়াৰ ওপৰত কোনো তৰ্ক বা আপোচ হ’ব নোৱাৰে । এনে আচৰণ ভাৰতীয় আইনে প্ৰদান কৰা সমতা, মৰ্যাদা আৰু সুৰক্ষাৰ মৌলিক নীতিসমূহৰ সম্পূৰ্ণ পৰিপন্থী বা বিপৰীত । সমগ্ৰ ঘটনাটোৰ আইনী প্ৰক্ৰিয়া আৰু অগ্ৰগতিৰ ওপৰত ৰাষ্ট্ৰীয় মহিলা আয়োগে তীক্ষ্ণ নজৰ ৰাখিব বুলি প্ৰকাশ কৰিছে ।
আনহাতে মহাৰাষ্ট্ৰ চাইবাৰে কৌতুক অভিনেতা প্ৰণিত ম’ৰে, হিমাংশু জাংড়া, ডাঃ ছেজল পাৱাৰ আৰু অন্যান্য জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে এখন এজাহাৰ ৰুজু কৰিছে । গুৰুগ্ৰামৰ এটা ষ্টেণ্ড-আপ কমেডী শ্ব’ত মহিলা, সন্মতি আৰু মৃত ব্যক্তিক লৈ কৰা অশ্লীল আৰু আপত্তিজনক মন্তব্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে ।
মহাৰাষ্ট্ৰৰ ন’ডেল চাইবাৰ আৰক্ষী থানাত এই গোচৰটো ৰুজু কৰা হৈছে । ষ্টেণ্ড আপ কমেডিয়ান প্ৰণিত ম’ৰে, হিমাংশু জাংড়া, ডাঃ ছেজল পাৱাৰৰ বিৰুদ্ধে U/s ৭৫(১)(iv), ৭৫(৩), ২৯৪, ৩৫৩(২) ভাৰতীয় ন্যায় সংহিতা (BNS), ২০২৩ আৰু ৬৭ তথ্য প্ৰযুক্তি (IT) আইন, ২০০০ ৰ অধীনত এফআইআৰ ৰুজু কৰা হৈছে ৷
মহাৰাষ্ট্ৰ চাইবাৰৰ তদন্তত প্ৰকাশ পাইছে যে এই সমগ্ৰ গোচৰটো কৌতুক অভিনেতা প্ৰণিত ম’ৰেৰ দ্বাৰা আয়োজিত এটা অনুষ্ঠানৰ কিছুমান ভিডিঅ’ আৰু ক্লিপক কেন্দ্ৰ কৰি আৰম্ভ হৈছে । এই ভিডিঅ’সমূহ ইউটিউব, ইনষ্টাগ্ৰাম আৰু অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ব্যাপকভাৱে বিয়পি পৰিছে । ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই সমলসমূহত মহিলা, সন্মতি আৰু মৃত ব্যক্তিক লৈ অত্যন্ত অশ্লীল, অপমানজনক আৰু আপত্তিজনক মন্তব্য কৰা হৈছে । এই মন্তব্যসমূহে সমাজত গ্ৰহণযোগ্য নিয়মসমূহ উলংঘন কৰিছে । ভাইৰেল হোৱা এটা ক্লিপত হিমাংশু জাংড়াই কৰা এটা মন্তব্য পোহৰলৈ আহিছে । তেওঁৰ মন্তব্যই বুজাইছিল যে ডেটিং বা ফুৰিবলৈ যোৱাৰ সময়ত খৰচ কৰা টকাৰ বিনিময়ত এগৰাকী মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অধিকাৰ পোৱা যায় । এনে মন্তব্যই মহিলাক অত্যন্ত অপমানজনকভাৱে উপস্থাপন কৰিছে আৰু মহিলাৰ সন্মতি তথা মৰ্যাদাৰ দৰে গুৰুতৰ বিষয়টোক অতি পাতল কৰি দেখুৱাইছে ।
ভাইৰেল হোৱা আন এটা ক্লিপত ডাঃ ছেজল পাৱাৰে শিক্ষণৰ বাবে ব্যৱহাৰ কৰা পুৰুষৰ মৃতদেহ সম্পৰ্কে অত্যন্ত অশ্লীল আৰু অপমানজনক মন্তব্য কৰিছিল । এই মন্তব্যসমূহে মৃতকৰ মৰ্যাদা ক্ষুণ্ণ কৰিছে আৰু ভদ্ৰ সমাজ এখনৰ স্বীকৃত নিয়মসমূহ উলংঘন কৰিছে । প্ৰণিত ম’ৰেৰ এই অনুষ্ঠানৰ আপত্তিজনক সমলসমূহ পৰিকল্পিতভাৱে ৰেকৰ্ড আৰু প্ৰচাৰ কৰা হৈছিল । ইয়াৰ মূল উদ্দেশ্য আছিল ছ’চিয়েল মিডিয়াত ভিউৱাৰশ্বিপ আৰু দৰ্শকৰ সংখ্যা বৃদ্ধি কৰি অনলাইন মনিটাইজেশ্বনৰ জৰিয়তে টকা পইচা উপাৰ্জন কৰা । তদন্তৰ অংশ হিচাপে প্ৰণিত ম’ৰে, হিমাংশু জাংড়া আৰু ডাঃ ছেজল পাৱাৰলৈ চমন জাৰি কৰা হৈছে । তেওঁলোকক সোধা-পোছা আৰু ভাষ্য বাণীবদ্ধ কৰাৰ বাবে মহাৰাষ্ট্ৰ চাইবাৰৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে । বৰ্তমান এই সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে আৰু জড়িত থকা সকলোৰে বিৰুদ্ধে আইন অনুসৰি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
লগতে পঢ়ক : ৩৭০ টকাৰ বিৰিয়ানী আৰু পুৰুষতান্ত্ৰিক মানসিকতা ?

