প্ৰথমে সমস্যা পৰিয়ালতেই আৰম্ভ হয়, তাৰ পাছতহে সমাজলৈ কথাবোৰ বিয়পে : গোবিন্দা
প্ৰথমবাৰৰ বাবে বিবাহ বিচ্ছেদৰ উৰাবাতৰিক লৈ নীৰৱতা ভংগ গোবিন্দাৰ ৷ ইয়াক ‘বৃহৎ ষড়যন্ত্ৰ’ বুলি অভিহিত ।

By ETV Bharat Entertainment Team
Published : January 19, 2026 at 1:19 PM IST
হায়দৰাবাদ : দীৰ্ঘদিন ধৰি এটা বাতৰি ঘূৰি আছে যে পত্নী সুনীতা আহুজাৰ সৈতে গোবিন্দাৰ বৈবাহিক জীৱনত বেমেজালিৰ সৃষ্টি হৈছে ৷ ভিন্নজনে এই সন্দৰ্ভত সময়ে সময়ে ভিন্ন মন্তব্য কৰি আহিছে ৷ বহুদিন মনে মনে থকাৰ অন্তত অৱশেষত গোবিন্দাই এই বিষয়ত মুখ খুলিলে ।
কেইবামাহো ধৰি সংবাদ মাধ্যমৰ বাতৰি আৰু ছ’চিয়েল মিডিয়াৰ আলোচনাই দম্পতীটোৰ মাজত সম্ভাব্য বিভাজনৰ ইংগিত দি আহিছে, যাৰ ফলত বিচ্ছেদক লৈ ব্যাপক জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । এতিয়া গোবিন্দাই প্ৰথমবাৰৰ বাবে নিজৰ মৌনতা ভাঙি ঘটনা সন্দৰ্ভত তেওঁৰ স্থিতি ৰাজহুৱা কৰিছে ।
সংবাদ সংস্থাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গোবিন্দাই কয় যে তেওঁ এতিয়া কথা কোৱাটো বাছি লৈছে কাৰণ মৌন হৈ থকাটোৱে তেওঁক ‘দুৰ্বল’ যেন প্ৰতিফলিত কৰিছে আৰু মানুহে তেওঁৰ ভাবমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা কৰিছে ।
অভিনেতাগৰাকীয়ে এই উৰাবাতৰি তীব্ৰভাৱে অস্বীকাৰ কৰি দাবী কৰে যে তেওঁৰ চাৰিওফালে যি ঘটি আছে, সেয়া এক ‘বৃহৎ ষড়যন্ত্ৰ’ৰ অংশ ৷ তেওঁ কয়, "শেহতীয়াকৈ মই যিটো পৰ্যবেক্ষণ কৰিছোঁ, সেয়া হ'ল কেতিয়াবা যেতিয়া আমি কথা নকওঁ, তেতিয়া আমাক দুৰ্বল যেন লাগে নহ’লে এনে লাগে যেন আমিয়েই সমস্যা । গতিকে, মই এতিয়া সঁহাৰি দিছো ।"
গোবিন্দাই আৰু দাবী কৰে যে তেওঁৰ পৰিয়ালৰ সদস্যসকলো হয়তো অজানিতে পৰিস্থিতিৰ মাজত সোমাই পৰিছে । তেওঁ লগতে জানিবলৈ দিয়ে যে, মোক কোৱা হৈছিল যে মোৰ পৰিয়ালৰ লোকসকল হয়তো অজানিতে জড়িত হৈ আছে আৰু তেওঁলোকে গম নাপাই যে তেওঁলোকক এটা ডাঙৰ ষড়যন্ত্ৰৰ প্ৰাৰম্ভিক পৰ্যায়ত ব্যৱহাৰ কৰা হৈছে । গোবিন্দাৰ মতে, সমস্যাসমূহ সামগ্ৰিকভাৱে সমাজলৈ বিয়পি পৰাৰ আগতে প্ৰায়ে পৰিয়ালৰ ভিতৰতে আৰম্ভ হয় ।
তেওঁ কেইবাবছৰ ধৰি ছবি জগতৰ পৰা আঁতৰি থকাৰ কথাও কয় ৷ স্পষ্টকৈ উল্লেখ কৰে যে তেওঁ নিজকে ভুক্তভোগী বুলি নাভাৱে । "মই বহু বছৰ ধৰি কামৰ পৰা বিচ্ছিন্ন হৈ আছো, মোৰ ছবিৰ বজাৰ নাই । অনুগ্ৰহ কৰি এইটো মোৰ অভিযোগ বুলি ভুল নকৰিব । মই নিজেই বহু ছবি নাকচ কৰিছো ।"
সুনীতা সন্দৰ্ভত গোবিন্দাই কয় যে, কাম নাকচ কৰাৰ বাবে তেওঁ চিন্তা কৰিলেও, হয়তো বাহিৰা শক্তিৰ দ্বাৰা তেওঁ নিজেই কেনেকৈ প্ৰভাৱিত হৈছে সেই কথা উপলব্ধি নকৰে । গোবিন্দাই কয়, "তেওঁ কেতিয়াও ভাবিব নোৱাৰে যে তেওঁক অজানিতে এটা ডাঙৰ ষড়যন্ত্ৰত সুমুওৱা হৈছে, তেওঁক অ’পেনিং বেটছমেন হিচাপে খেলপথাৰত নমোৱা হৈছে ।"
খ্যাতিয়ে কেনেকৈ নেতিবাচকতাক আমন্ত্ৰণ কৰিব পাৰে সেই বিষয়েও গোবিন্দাই মত প্ৰকাশ কৰে । তেওঁ কয় যে যেতিয়া আপোনাৰ জনপ্ৰিয়তা এটা নিৰ্দিষ্ট বিন্দুৰ উৰ্ধত যায়, তেতিয়া বহু লোক আগবাঢ়ি আহে আপোনাক আৰু আপোনাৰ সুনাম ধ্বংস কৰিবলৈ । এটা আৱেগিক টোকাত অভিনেতাগৰাকীয়ে শান্তি আৰু স্পষ্টতাৰ বাবে প্ৰাৰ্থনা কৰে । "মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে কোনো ভুল বুজাবুজি নহয় আৰু মোৰ বাবে কোনো শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় । মই মোৰ সন্তানৰ মংগলৰ বাবেও প্ৰাৰ্থনা কৰো"- পৰিয়াললৈ বিনম্ৰ অনুৰোধ জনাই তেওঁ কয় ।
বিবাহ-বৰ্হিভূত সম্পৰ্কক লৈ সুনীতা আহুজাৰ দৃষ্টিভংগী
ইয়াৰ পূৰ্বে সুনীতা আহুজাই গোবিন্দাক লৈ চলি থকা প্ৰেমৰ উৰাবাতৰি প্ৰসংগত মন্তব্য কৰিছিল তেওঁৰ ভ্লগত । এনে ধৰণৰ খবৰ শুনি তেওঁ বিচলিত হৈ পৰিছিল বুলি স্বীকাৰ কৰে ৷ কিন্তু দৃঢ়তাৰে কয় যে যদি কিবা এই কথা সঁচা হয় তেন্তে তেওঁৱেই প্ৰথমে মাত মাতিব । তেওঁ কয়, "যদি মই কেতিয়াবা তেওঁক প্ৰতাৰণা কৰোতে ধৰা পেলাওঁ, তেন্তে ময়েই প্ৰথমজন ব্যক্তি হ'ম যিয়ে সংবাদ মাধ্যমক ক'ম ।"
সুনীতায়ো আভ্যন্তৰীণ পৰিয়ালৰ সমস্যাৰ ইংগিত দি কয় যে একাংশ লোকে তেওঁক আৰু গোবিন্দাক একেলগে চাব নিবিচাৰে । গোবিন্দাই নিয়মিতভাৱে অহা-যোৱা কৰি থাকিলেও প্ৰায় ১৫ বছৰ ধৰি পৃথক পৃথক ঘৰত বাস কৰি আহিছে বুলিও তেওঁ প্ৰকাশ কৰে । গোবিন্দা আৰু সুনীতাৰ বিবাহ হৈছিল ১৯৮৭ চনত ৷ টিনা আহুজা আৰু যশবৰ্ধন আহুজা-দুই সন্তানেৰে এটি চাৰিজনীয়া পৰিয়াল তেওঁৰ ৷ ইতিমধ্যে টিনাই বলীউডত আত্মপ্ৰকাশ কৰিছে, বিপৰীতে যশবৰ্ধন চলচ্চিত্ৰ জগতত প্ৰৱেশৰ বাবে সাজু হৈছে ।
লগতে পঢ়ক : বিচ্ছেদ-গোবিন্দাৰ বিবাহ বৰ্হিঃভূত সম্পৰ্ক সন্দৰ্ভত মুখ খুলিলে সুনীতাই

