প্ৰগতিশীল নাট্যগোষ্ঠী ঐক্যতানৰ সোণালী জয়ন্তী ; মঞ্চ কঁপাব মইনুল হকে
দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত ঐক্যতানৰ সোণালী জয়ন্তী উদযাপন হ'ব । দৰ্শকে শিল্পী মইনুল হকৰ মুকাভিনয় উপভোগ কৰাৰ সুযোগ পাব ।

Published : February 8, 2026 at 6:46 PM IST
গুৱাহাটী : ১৯৭৬ চনত লেখক তথা চলচ্চিত্ৰ সমালোচক পবিত্ৰ কুমাৰ ডেকা, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী, সাহিত্যিক অনিল কুমাৰ ডেকা, জ্যেষ্ঠ সাংবাদিক নিত্য বৰাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত জন্ম হৈছিল এটা প্ৰগতিশীল নাট্যগোষ্ঠী । যাৰ নাম আছিল 'ঐক্যতান' । এই নাট্যগোষ্ঠী ঐক্যতানে ভৰি দিছে গৌৰৱময় সোণালী জয়ন্তী বর্ষত । নাট্যগোষ্ঠীটোৰ সোণালী জয়ন্তী উপলক্ষে ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচীৰ ।
গুৱাহাটী নিউ আৰ্ট প্লেয়াৰ্ছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত সংগীত নাটক একাডেমি বঁটাপ্ৰাপক মইনুল হকে মুকাভিনয় প্ৰদৰ্শন কৰাৰ লগতে বিশিষ্ট সাহিত্যিক সৌৰভ কুমাৰ চলিহাৰ দ্বাৰা ৰচিত আৰু চলচ্চিত্ৰ নিৰ্মাতা প্ৰদ্যুৎ কুমাৰ ডেকাই পৰিচালনা কৰা 'অয়ুৰেখা' শীৰ্ষক এখন ৰহস্যময় নাটক মঞ্চস্থ কৰা হ'ব । নাটকখনত অভিনয় কৰিব অনুপম অৰিন্দম গোস্বামী, অতনু কাশ্যপ, ৰাকেশ ৰঞ্জন দাস আৰু অমল চক্ৰবৰ্তীয়ে ।

ঐক্যতান সন্দৰ্ভত চমু আভাস
ঐক্যতান সন্দৰ্ভত এক টেলিফোনিক বাৰ্তালাপত প্ৰদ্যুৎ কুমাৰ ডেকাই কয়, "ঐক্যতান হৈছে এটা প্ৰগতিশীল নাট্যগোষ্ঠী । ১৯৭৬ চনত মোৰ পিতৃ তথা হাস্যৰসাত্মক লেখকৰ লগতে চলচ্চিত্ৰ সমালোচক পবিত্ৰ কুমাৰ ডেকা, কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ উদয়াদিত্য ভৰালী, সাংবাদিক নিত্য বৰা, সাহিত্যিক অনিল কুমাৰ ডেকাকে ধৰি কেইবাগৰাকীও ব্যক্তিৰ প্ৰচেষ্টাত গুৱাহাটীত এই নাট্যগোষ্ঠীটোৰ প্ৰতিষ্ঠা কৰা হৈছিল । সেই সময়ত নাট্যগোষ্ঠীটোৱে সূৰ্যাস্তক, জননী, পঞ্চতন্ত্ৰ, হিৱাৰ্ছ অব ক'ল (Hewers of Coal), ১৬ জানুৱাৰীৰ নিশা, সিংহাসন খালী, উপহাৰ, এ ডলছ হাউচ আদিকে ধৰি বহুকেইখন নাটক প্ৰযোজনা কৰিছিল । কিন্তু বিভিন্ন কাৰণত ৯০ৰ দশকৰ পৰা এই নাট্যগোষ্ঠীটো বন্ধ হৈ আছিল । ২০১০ চনৰ আৰম্ভণিৰ পৰা মোৰ প্ৰচেষ্টাত নাট্যগোষ্ঠীটো পুনৰ সজীৱ কৰিলোঁ আৰু ২০১৬ চনত জোনাকৰ পোহৰ নাটকখন কৰা হয় ।"
উল্লেখ্য যে সোণালী জয়ন্তী উপলক্ষে হ'বলগীয়া এই কাৰ্যসূচী সন্ধিয়া ৫.১৫ বজাৰ পৰা আৰম্ভ হ'ব । দুয়োটা দিনতে দর্শকে মইনুল হকৰ মুকাভিনয় আৰু 'আয়ুৰেখা' শীৰ্ষক এখন নাটক উপভোগ কৰিব পাৰিব ।
লগতে পঢ়ক : বলীউডত কলিয়াবৰৰ ডিম্পল... আহি আছে দো দীৱানে ছেহেৰ ম্যে

