ETV Bharat / entertainment

ঐক্যতানৰ গৌৰৱময় সোণালী জয়ন্তী : সাংস্কৃতিক যাত্ৰাৰ ৫০ বছৰ আৰু ‘আয়ুৰেখা’

ঐক্যতানৰ সোণালী জয়ন্তীত সৌৰভ কুমাৰ চলিহাৰ ‘আয়ুৰেখা’ মঞ্চস্থ ৷

Golden Jubilee celebration of Aikyatan cultural group Saurabh Kumar Chaliha's 'Ayurekha' staged
ঐক্যতানৰ সোণালী জয়ন্তী বৰ্ষ (Photo : Roopkar Cine Enterprises)
author img

By ETV Bharat Entertainment Team

Published : February 27, 2026 at 1:15 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : অসমৰ সাংস্কৃতিক জগতৰ এক পৰিচিত নাম ‘ঐক্যতান’ । ১৯৭৬ চনত বিশিষ্ট লেখক, নাট্যকাৰ তথা জ্যেষ্ঠ সাংবাদিক পবিত্ৰ কুমাৰ ডেকাই গুৱাহাটীত এই অগ্ৰণী সাংস্কৃতিক অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল । বহু ঘাত-প্ৰতিঘাত নেওচি ঐক্যতানে এই বৰ্ষত (২০২৬ চন) ভৰি দিলেহি স্বৰ্ণিল সোণালী জয়ন্তী বৰ্ষত ।

যাত্ৰাৰ ধাৰাবাহিকতা

প্ৰতিষ্ঠাপক পবিত্ৰ কুমাৰ ডেকাৰ অবৰ্তমানতো তেখেতৰ সুযোগ্য পুত্ৰদ্বয় - সংবাদসেৱী প্ৰান্তিক ডেকা আৰু চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাৰ বলিষ্ঠ নেতৃত্বত অনুষ্ঠানটোৱে আগবাঢ়ি গৈছে । তেওঁলোকৰ লগতে সাংস্কৃতিক কৰ্মীসকলৰ প্ৰচেষ্টাত ঐক্যতানে আজিও অসমৰ শিল্প-সংস্কৃতিৰ পথাৰখনত নিৰন্তৰ সেৱা আগবঢ়াই আহিছে । এই বছৰটো ঐক্যতানৰ গৌৰৱময় সোণালী জয়ন্তী বৰ্ষ ৷

Golden Jubilee celebration of Aikyatan cultural group Saurabh Kumar Chaliha's 'Ayurekha' staged
আয়ুৰেখা (Photo : Roopkar Cine Enterprises)

সোণালী জয়ন্তীৰ বিশেষ আকৰ্ষণ: ‘আয়ুৰেখা’

এই ৫০ বছৰীয়া বৰ্ষটো স্মৰণীয় কৰি তুলিবলৈ ঐক্যতানে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে । এই গৌৰৱময় যাত্ৰাৰ অংশ হিচাপে প্ৰস্তুত কৰা হৈছে ‘আয়ুৰেখা’ । ই কেৱল এটা উদযাপন নহয়, বৰঞ্চ বিগত পাঁচটা দশকৰ সাংস্কৃতিক সাধনাৰ এক প্ৰতিফলন । ঐক্যতানৰ এই যাত্ৰাই অসমৰ সাংস্কৃতিক ভঁৰাললৈ যি অনৱদ্য অৰিহণা যোগাইছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয় ৷

Golden Jubilee celebration of Aikyatan cultural group Saurabh Kumar Chaliha's 'Ayurekha' staged
অসমীয়া চুটি গল্পৰ খনিকৰ সৌৰভ কুমাৰ চলিহাৰ একমাত্ৰ একাংকিকা নাটক ‘আয়ুৰেখা’ (Photo : Roopkar Cine Enterprises)

সৌৰভ কুমাৰ চলিহাৰ ‘আয়ুৰেখা’ৰে প্ৰাণ পাই উঠিল ঐক্যতানৰ সোণালী জয়ন্তীৰ মঞ্চ

সাংস্কৃতিক গোষ্ঠী ‘ঐক্যতান’ৰ ৫০ বছৰীয়া সোণালী জয়ন্তী উদযাপনৰ বিশেষ মুহূৰ্তত গুৱাহাটীত মঞ্চস্থ হৈ গ’ল এটি ব্যতিক্ৰমী অনুষ্ঠান । এই উপলক্ষ্যে অসমীয়া চুটি গল্পৰ খনিকৰ সৌৰভ কুমাৰ চলিহাৰ একমাত্ৰ একাংকিকা নাটক ‘আয়ুৰেখা’ নিবেদন কৰা হয় ।

Golden Jubilee celebration of Aikyatan cultural group Saurabh Kumar Chaliha's 'Ayurekha' staged
একাংকিকা নাটক ‘আয়ুৰেখা’ ৰ এটা মুহূৰ্ত (Photo : Roopkar Cine Enterprises)

জীপাল হ’ল নাট্যগৃহ

বিগত ১৩ আৰু ১৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছ প্ৰেক্ষাগৃহত ‘আয়ুৰেখা’ৰ দুটাকৈ প্ৰদৰ্শনে দৰ্শকক বিমুগ্ধ কৰে । আজিৰ আধুনিক বিজ্ঞানৰ যুগতো মানুহ যে হস্তৰেখা বা ভাগ্যৰ অন্ধবিশ্বাসৰ পৰা মুক্ত হ’ব পৰা নাই, সেই সত্যটোকে নাট্যকাৰ চলিহাই গাম্ভীৰ্যপূৰ্ণ ব্যংগৰ মাজেৰে নাটকখনত ফুটাই তুলিছে । সমাজক এক যোগাত্মক চিন্তাৰ খোৰাক দিয়াত এই নাটকখন সফল হৈছে ।

Golden Jubilee celebration of Aikyatan cultural group Saurabh Kumar Chaliha's 'Ayurekha' staged
গুৱাহাটীৰ নিউ আৰ্ট প্লেয়াৰ্ছ প্ৰেক্ষাগৃহত ‘আয়ুৰেখা’ (Photo : Roopkar Cine Enterprises)

নিপুণ পৰিচালনা আৰু অভিনয়

চলচ্চিত্ৰ পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকাৰ সূক্ষ্ম দৃষ্টিসম্পন্ন নিৰ্দেশনাত নাটকখনে মঞ্চত প্ৰাণ পাই উঠে । শিল্পীসকলৰ নিখুঁট অভিনয়ে পৰিচালকৰ কষ্ট সাৰ্থক কৰি তোলে । নাটকখনত সাৱলীল অভিনয় আগবঢ়াই অনুপম অৰিন্দম গোস্বামী, অতনু কাশ্যপ, ৰাকেশ ৰঞ্জন দাস, অমল চক্ৰৱৰ্তীয়ে ৷

Golden Jubilee celebration of Aikyatan cultural group Saurabh Kumar Chaliha's 'Ayurekha' staged
সৌৰভ কুমাৰ চলিহাৰ ‘আয়ুৰেখা’ মঞ্চস্থ (Photo : Roopkar Cine Enterprises)

কাৰিকৰী দিশত ৰাহুল দাসৰ সংগীত, পোনা কলিতাৰ পোহৰ সঞ্চালন আৰু শংকু বৰুৱাৰ ৰূপসজ্জাই নাটকখনক এক উচ্চ মাত্ৰা প্ৰদান কৰে ।

Golden Jubilee celebration of Aikyatan cultural group Saurabh Kumar Chaliha's 'Ayurekha' staged
মইনুল হকৰ মুকাভিনয় (Photo : Roopkar Cine Enterprises)
Golden Jubilee celebration of Aikyatan cultural group Saurabh Kumar Chaliha's 'Ayurekha' staged
মইনুল হক (Photo : Roopkar Cine Enterprises)

বিশেষ আকৰ্ষণ: মইনুল হকৰ মুকাভিনয়

নাটকখন আৰম্ভ হোৱাৰ পূৰ্বে সংগীত নাটক একাডেমী বঁটা বিজয়ী তথা ঐক্যতানৰ সদস্য মইনুল হকৰ মুকাভিনয়ে দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখে । তেওঁৰ মুকাভিনয়ৰ জৰিয়তে ফুটি উঠা অসমীয়া সমাজ জীৱনৰ চিত্ৰসমূহে প্ৰেক্ষাগৃহত দৰ্শকক আলোড়িত কৰে আৰু প্ৰৱল হাত চাপৰিৰ ধল বোৱায় ।

লগতে পঢ়ক : প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী চাকৰি প্ৰদানৰ কেবিনেট সিদ্ধান্ত