ETV Bharat / entertainment

মুম্বাইত অসমীয়া ছবিৰ জয়জয়কাৰ: 'গোলাই চোৰ' আৰু 'ৰুদ্ৰ'ই লাভ কৰিলে ইণ্ডিয়ান নেশ্বনেল চিনে একাডেমী বঁটা

ৰবি শৰ্মা-নন্দিনী কাশ্যপলৈ শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা, শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ ৰক্তিম কমল বৰুৱাৰ; মুম্বাইত ১২টা ভাষাৰ ছবিৰ মাজত জিলিকিল অসমীয়া চিনেমা ৷

'Golai Chor' and 'Rudra' won the Indian National Cine Academy Awards in Mumbai
ইণ্ডিয়ান নেশ্বনেল চিনে একাডেমী বঁটা (Photo : INCA Page)
author img

By ETV Bharat Entertainment Team

Published : April 20, 2026 at 5:47 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : মুম্বাইত অনুষ্ঠিত শেহতীয়া 'ইণ্ডিয়ান নেশ্বনেল চিনে একাডেমী' (Indian National Cine Academy) বঁটা প্ৰদান অনুষ্ঠানত দুখনকৈ অসমীয়া ছবিয়ে বিশেষ গৌৰৱ কঢ়িয়াই আনিছে । ২০২৩ বৰ্ষত মুক্তি লাভ কৰা 'ৰুদ্ৰ' আৰু 'গোলাই চোৰ' নামৰ ছবি দুখনে এই অনুষ্ঠানত কেইবাটাও গুৰুত্বপূৰ্ণ বঁটা লাভ কৰিবলৈ সক্ষম হয় ।

প্ৰাপ্ত বঁটাসমূহ

  • শ্ৰেষ্ঠ ছবি: গোলাই চোৰ
  • শ্ৰেষ্ঠ পৰিচালক: ৰক্তিম কমল বৰুৱা (ছবি: গোলাই চোৰ)
  • শ্ৰেষ্ঠ অভিনেতা: ৰবি শৰ্মা (ছবি: ৰুদ্ৰ)
  • শ্ৰেষ্ঠ অভিনেত্ৰী: নন্দিনী কাশ্যপ (ছবি: ৰুদ্ৰ)

অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এয়া এক অতি সুখবৰ আৰু উৎসাহজনক সফলতা ।

এই বঁটা লাভৰ সন্দৰ্ভত পৰিচালক ৰক্তিম কমল বৰুৱাই এক টেলিফোনিক বাৰ্তালাপত নিজৰ আনন্দ ব্যক্ত কৰি এনেদৰে কয়, "এয়া সঁচাকৈ এক সুন্দৰ অনুভৱ । ভাৰতৰ ১২টা ভিন্ন ভাষাৰ ছবিসমূহক মুম্বাইৰ দৰে এখন মঞ্চত একগোট কৰি সন্মান জনোৱাটো অতি প্ৰশংসনীয় পদক্ষেপ । অসমৰ পৰা আমাৰ 'গোলাই চোৰ' আৰু 'ৰুদ্ৰ' ছবিখন নিৰ্বাচিত হৈছিল । ছবিখনে শ্ৰেষ্ঠ ছবিৰ সন্মান পোৱাৰ লগতে মই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰাত খুবেই আনন্দিত হৈছোঁ । বিশেষকৈ বিভিন্ন আঞ্চলিক ভাষাৰ শিল্পীসকলক একেলগে লগ পোৱা আৰু বলীউডৰ বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত বঁটা গ্ৰহণ কৰাটো আমাৰ বাবে এক ডাঙৰ সৌভাগ্য ।"

উল্লেখ্য যে, ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত মুক্তি পোৱা ছবিসমূহৰ মাজত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । এই অনুষ্ঠানত অসমীয়াৰ লগতে হিন্দী, তামিল, তেলুগু, কানাড়া, মালায়ালম, বাংলা, মাৰাঠী, গুজৰাটী, পঞ্জাবী, ওড়িয়া আৰু ভোজপুৰী— এই মুঠ ১২টা ভাষাৰ ছবিয়ে অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক : মুগাৰ ধুতি-কুৰ্তা-গামোচা পিন্ধি সম্পূৰ্ণ অসমীয়া সাজেৰে মুম্বাইত ৰবি শৰ্মাই জিনিলে সকলোৰে হৃদয়