ETV Bharat / entertainment

দুই দশকৰ পিছত ভাৰতত ৰক সংগীতৰ জোৱাৰ তুলিবলৈ আহি আছে বিশ্ববিখ্যাত বেণ্ড ‘স্কৰ্পিয়ন্স’

জাৰ্মান ৰক বেণ্ড scorpions এ এপ্ৰিল মাহত কামিং হোম ২০২৬ ভ্ৰমণৰ অংশ হিচাপে শ্বিলঙত পৰিবেশন কৰিব ৷

german rock band scorpions to perform in shillong in april
বহু প্ৰত্যাশিত ‘কামিং হোম ২০২৬’ ভ্ৰমণসূচী (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : January 10, 2026 at 5:06 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰায় দুই দশকৰ পিছত বহু প্ৰত্যাশিত ‘কামিং হোম ২০২৬’ ভ্ৰমণসূচী ঘোষণা কৰিছে বিশ্বৰ অন্যতম কিংবদন্তি হার্ড ৰক বেণ্ড ‘স্কৰ্পিয়ন্স’ এ । ৰকবেণ্ডটোৰ এই ঘোষণাই এতিয়া ভাৰতীয় অনুৰাগীৰ মাজত এক অভূতপূৰ্ব উৎসাহৰ সৃষ্টি কৰিছে । বুক মাই শ্ব’ লাইভৰ দ্বাৰা প্ৰযোজিত তথা প্ৰসাৰিত এই ভাৰত ভ্ৰমণ দেশখনৰ ৰক সংস্কৃতিৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে ।

এই কাৰ্যসূচী অনুসৰি বেণ্ডটোৱে অহা ২১ এপ্ৰিলত শ্বিলঙৰ জে এন ষ্টেডিয়ামত, ২৪ এপ্ৰিলত দিল্লী-এন চি আৰৰ হুডা গ্ৰাউণ্ডত, ২৬ এপ্ৰিলত বাংগালুৰুৰ নাইচ গ্ৰাউণ্ডত আৰু ৩০ এপ্ৰিলত মুম্বাইৰ বিকেচিৰ জিঅ’ গাৰ্ডেনত সংগীত পৰিৱেশন কৰিব । টিকটৰ প্ৰাক-বিক্ৰী অহা ১৪ জানুৱাৰীৰ দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হ’ব ।

এই ভ্ৰমণৰ সন্দৰ্ভত বেণ্ডৰ গায়ক ক্লাউচ মেইনে কয়, “সুদীৰ্ঘ সময়ৰ বিৰতিৰ পিছত পুনৰ ভাৰতত সংগীত যাত্ৰা আৰম্ভ কৰিবলৈ পাই আমি অত্যন্ত উৎসাহিত হৈছোঁ আৰু আমাৰ অগণন অনুৰাগীক লগ পাবলৈ আগ্ৰহেৰে বাট চাইছোঁ । এই কনচাৰ্টসমূহ আমাৰ বাবেও এক অতি বিশেষ অভিজ্ঞতা হ’ব ।”

বেণ্ডৰ আন এগৰাকী সদস্য ৰুডলফ শ্বেংকাৰে কয়, “বেণ্ডটো প্ৰতিষ্ঠা হোৱাৰ ৬০ বছৰৰ পিছত আমি আমাৰ ‘কামিং হোম’ কনচাৰ্ট ভাৰতলৈ লৈ আহিছোঁ । ই আমাৰ অনুৰাগীসকলৰ লগতে আমাৰ বাবেও এক অনন্য উদযাপন হ’ব ।”

গীটাৰিষ্ট মাথিয়াছ জেবে কয়, “পুনৰ ভাৰতত সংগীত পৰিৱেশন কৰাটো আমাৰ বাবে এক অভূতপূৰ্ব তথা অবিস্মৰণীয় মূহূৰ্ত হ’ব, য’ত আমাৰ কালজয়ী ‘কামিং হোম’ কনচাৰ্টে এক নতুন মাত্ৰা যোগ দিব ।”

বুকমাইশ্ব’ৰ লাইভ ইভেণ্টৰ মুখ্য ব্যৱসায়িক বিষয়া নমন পুগালিয়াই কয়, “বিশ্ব ৰক সংগীতৰ ইতিহাসত ‘স্কৰ্পিয়ন্স’-এ এক অনন্য স্থান দখল কৰি আছে, যাৰ সংগীতে প্ৰজন্ম, ভৌগোলিক সীমা আৰু সংস্কৃতিৰ প্ৰাচীৰ অতিক্ৰম কৰিছে । প্ৰায় দুই দশকৰ বিৰতিৰ পিছত তেওঁলোকৰ ভাৰত ভ্ৰমণ কেৱল তেওঁলোকৰ গীত শুনি ডাঙৰ-দীঘল হোৱা অনুৰাগীসকলৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, বৰঞ্চ ভাৰতৰ লাইভ মনোৰঞ্জন ব্যৱস্থাটো কিদৰে উন্নত হৈছে এয়া তাৰেই এক প্ৰতিফলন । এই ভ্ৰমণ দেশখনৰ ৰক সংস্কৃতিৰ বাবে এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব, যিয়ে সংগীতৰ ইতিহাস, অনুৰাগীৰ আন্তৰিকতা আৰু লাইভ পৰিৱেশনৰ চিৰস্থায়ী শক্তিক উদযাপন কৰিব । ভাৰতীয় মঞ্চত যেতিয়া কিংবদন্তি আন্তঃৰাষ্ট্ৰীয় শিল্পীসকলে পুনৰ খোজ পেলাইছে, তেতিয়া আমাৰ ভূমিকা হৈছে এনে আইকনিক শিল্পী আৰু যুগ যুগ ধৰি তেওঁলোকৰ সংগীতক বুকুত কঢ়িয়াই ফুৰা দৰ্শকৰ মাজত এক অৰ্থপূৰ্ণ সংযোগ স্থাপন কৰি এইক্ষেত্ৰত এক নতুন ৰূপ দিয়া ।”

স্কৰ্পিয়ন্সৰ চাৰিখন চহৰৰ এই ভাৰত ভ্ৰমণে সমগ্ৰ দেশজুৰি নিজৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে বুক মাই শ্ব’ লাইভৰ ৰক আৰু অলটাৰনেটিভ সংগীতৰ বৌদ্ধিক সম্পত্তি ‘বেণ্ডলেণ্ড’ৰ সম্প্ৰসাৰিত অংশ ‘বেণ্ডলেণ্ড অন ট্যুৰ’ৰ বেনাৰত ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা শক্তিশালী ৰক লাইভ শ্ব’সমূহক এক নতুন গতি প্ৰদান কৰিব ।

উল্লেখ্য যে, পাঁচ দশকৰো অধিক কালৰ এক বিশাল গৌৰৱময় ইতিহাস কঢ়িয়াই ফুৰা স্কৰ্পিয়ন্স বৰ্তমান বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী আৰু সফল ৰক বেণ্ডসমূহৰ ভিতৰত অন্যতম, যিয়ে সমগ্ৰ বিশ্বতে ১২০ নিযুতৰো অধিক ৰেকৰ্ড বিক্ৰী কৰাৰ লগতে ৮০ খনতকৈও অধিক দেশত সংগীত পৰিৱেশন কৰিছে । ১৯৬৫ চনত প্ৰতিষ্ঠা হোৱা এই জাৰ্মান ৰক বেণ্ডৰ আইকনসকলে এতিয়ালৈকে ১৯ টাকৈ ষ্টুডিঅ’ এলবাম মুকলি কৰিছে আৰু নিজৰ শক্তিশালী সুৰ তথা বৈদ্যুতিক লাইভ শ্ব’ৰ জৰিয়তে বিশ্বৰ হাৰ্ড ৰক সংগীতৰ ধাৰাক এক নতুন ৰূপ দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । তেওঁলোকৰ সংগীতে বহু প্ৰজন্মক স্পৰ্শ কৰিছে আৰু ‘ৰক ইউ লাইক এ হাৰিকেন’, ‘ষ্টিল লাভিং ইউ’, ‘চেণ্ড মি এন এঞ্জেল’ আৰু এক যুগান্তকাৰী সৃষ্টি ‘উইণ্ড অফ চেঞ্জ’ৰ দৰে কালজয়ী কালজয়ী গীত উপহাৰ দিছে । ইয়াৰ উপৰিও ‘লাভ এট ফাৰ্ষ্ট ষ্টিং’, ‘ব্লেকআউট’ আৰু ‘ক্ৰেজি ৱৰ্ল্ড’ৰ দৰে এলবামসমূহে ৰক সংগীতৰ ইতিহাসত তেওঁলোকৰ স্থান সদায় সুদৃঢ় কৰি ৰাখিছে ।

লগতে পঢ়ক : আজীৱন জীয়াই ৰখাৰ মানসেৰে জুবিনৰ দীৰ্ঘদিনীয়া সহ-শিল্পীৰ সহযোগত গঠন বেণ্ড ‘যন্ত্ৰ’