জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ গৰিমা শইকীয়া গাৰ্গৰ পত্ৰ
জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া অধিক জোৰদাৰ কৰাৰ লগতে ন্যায় প্রক্রিয়াটো আদালতত ক্ষীপ্ৰতৰ কৰিবলৈ আবেদন জনাই মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ ।

By ETV Bharat Entertainment Team
Published : January 7, 2026 at 10:53 AM IST
গুৱাহাটী : প্রাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কেইটামান পদক্ষেপ বিচাৰি মুখ্যমন্ত্ৰীলৈ গৰিমা শইকীয়া গাৰ্গৰ বিশেষ পত্ৰ প্ৰেৰণ । গৰিমা শইকীয়া গাৰ্গৰ সৈতে এই পত্ৰত স্বাক্ষৰ শিল্পীগৰাকীৰ ভগ্নী পামী বৰঠাকুৰ আৰু খুৰাক মনোজ বৰঠাকুৰৰ ।
গৰিমা শইকীয়া গাৰ্গে পত্ৰযোগে উল্লেখ কৰে, "আমাৰ স্বামী/ভাতৃ/ভতিজা জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া সন্দৰ্ভত আপোনাৰ পৰা দুটিমান পদক্ষেপ বিচাৰি এই পত্ৰৰ দ্বাৰাই অনুৰোধ কৰিব বিচাৰিছো । যোৱা ১৯ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে ঘটি যোৱা অভাৱনীয় আৰু আটাইতকৈ সর্বনাশী ঘটনাটোৱে আমাৰ পৰিয়ালটোক সৰ্বস্বান্ত কৰি থৈ গ'ল । আমি এতিয়াও সেই আঘাত লৈয়েই স্থবিৰ হৈ ৰৈ আছো । ঘটনাটোৰ পিছৰে পৰা আমি অনুধাৱন কৰিছো যে, অসম চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈ কামবোৰ আগবঢ়াই নিছে । SIT গঠন কৰি এক দীঘলীয়া তদন্ত প্ৰক্ৰিয়াৰ পাছত নিৰ্দিষ্ট সময়ৰ ভিতৰত চার্জশ্বীট দাখিল কৰিছে ।”
পত্ৰত আৰু আছে, “জুবিন গাৰ্গৰ সৈতে কোনেও কেতিয়াও কল্পনা কৰিব নোৱাৰা এটা শব্দ যোগ হ'ল ‘হত্যা’- চার্জশ্বীটখনত বহুতো সাক্ষ্য আৰু প্রমাণসহ বিস্তৃত আৰু স্পষ্টভাৱে এই কথা প্রকাশ পাইছে । ইতিমধ্যে আদালতত শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । গতিকে, সম্পূর্ণ ন্যায় প্রক্রিয়া এতিয়া আদালতৰ যোগেদিয়েই আগবাঢ়িব ।”
আগলৈ গৰিমাই লিখিছে, “মহোদয়ে পৰিয়াল তথা সমগ্ৰ ৰাইজক জুবিন গাৰ্গক উচিত ন্যায় প্ৰদান কৰা হ'ব বুলি বিভিন্ন সময়ত ঘোষণা কৰি আহিছে, আশ্বাস প্রদান কৰি আহিছে । এই বছৰটোৰ প্ৰথম দিনটোতে গোটেই আইনী প্রক্রিয়াটো সবল কৰাৰ উদ্দেশ্যে এটা Special Public Persecutor Team গঠন কৰাৰ লগতে প্ৰক্ৰিয়াটো ক্ষীপ্ৰতৰ হোৱাকৈ এখন বিশেষ আদালতৰ বাবে মহামান্য উচ্চ ন্যায়ালয়ত আবেদন জনোৱাৰ কথাও ঘোষণা কৰিছিল । যিহেতু আদালতত ইতিমধ্যে শুনানি আৰম্ভ হৈছে আৰু দেখা গৈছে যে, অভিযুক্তসকলৰ প্রত্যেকেই নিজৰ প্ৰতিৰক্ষাৰ বাবে দেশৰ আগশাৰীৰ খ্যাতিসম্পন্ন আৰু অভিজ্ঞ অধিবক্তা নিয়োগ কৰিছে, তেনেক্ষেত্ৰত জুবিন গার্গে উচিত ন্যায় পাব পৰাকৈ চৰকাৰী পক্ষতো এটা অধিক শক্তিশালী আৰু অভিজ্ঞ অধিবক্তাৰ দল নিয়োগ কৰাৰ প্ৰয়োজন আৰু সময় আহি পৰিছে ।"
পত্ৰত তেওঁ আৰু লিখে, "আদালতত আইনী যুঁজখন সবল হ'বলৈ হ’লে অতি শীঘ্রেই যথেষ্ট অভিজ্ঞ ফৌজদাৰী আইনৰ সৈতে জড়িত অধিবক্তাৰ দল এটা বিশেষ Public Prosecutor Team হিচাপে নিয়োগ কৰাটো আমাৰ দৃষ্টিত আৰু ৰাইজৰো দৃষ্টিত এই সময়ত অত্যন্ত প্রয়োজনীয় । সমান্তৰালভাৱে এখন বিশেষ আদালতৰো প্রয়োজন হ'ব ন্যায় প্রক্রিয়াটো ক্ষীপ্র গতিত চলাই নিবলৈ । অন্যথা, মহোদয়ৰ জ্ঞাত, যে তদন্তত উল্লেখিত প্রায় ৩৯৪ জন সাক্ষীৰ সাক্ষ্য গ্রহণ কৰি আন আন দিশৰ প্ৰয়োজনীয় পদক্ষেপসমূহ ল'বলৈ আদালতত দশকযোৰা সময় লাগি যাব ।”
আৰু লিখা আছে, “আমি একান্তভাৱে বিচাৰো তথা সমগ্ৰ ৰাইজেও বিচাৰে জুবিন গার্গে যিমান সোনকালে সম্ভৱ সিমান সোনকালে ন্যায় পাওক । জুবিন গার্গে ন্যায় পাবই লাগিব, অন্যথা সাধাৰণ জনতাৰ ন্যায়ৰ প্রতি আস্থা হেৰাই যাব ! আমি ন্যায় ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি আইনৰ গণ্ডীৰ মাজত থাকিয়েই এই বিচাৰ কাৰ্যত প্রয়োজনীয় সকলো সহযোগিতা কৰি আহিছো আৰু আগলৈও কৰি যাম । লগতে, সুচাৰুৰূপে আৰু যিমান সম্ভৱ ক্ষীপ্ৰতাৰে এই আইনী প্রক্রিয়াটো সম্পন্ন হোৱাটোও বিচাৰিছো ।"
জুবিন পত্নীয়ে লগতে দুটি অনুৰোধ জনাই উল্লেখ কৰে -
- জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া অধিক জোৰদাৰ কৰি বিপক্ষৰ অভিযুক্তৰ সৈতে যুঁজ দিবলৈ এটা খুব সবল অভিজ্ঞ আৰু জ্যেষ্ঠ অধিবক্তাৰে (যাৰ ওপৰত ৰাইজৰ অসীম শ্রদ্ধা আৰু আস্থা আছে) Special Public Prosecutor team গঠন কৰি দিয়া হওক, লগতে তেখেতসকলক এই প্রক্রিয়াটোত প্রয়োজন হোৱা উপযুক্ত logistics আৰু অন্যান্য প্রয়োজনীয় সা সুবিধাসমূহো উপলব্ধ কৰি দিয়া হওক !
- ন্যায় প্রক্রিয়াটো আদালতত ক্ষীপ্ৰতৰ কৰিবলৈ মহোদয়ে যাতে এখন বিশেষ আদালতৰ ব্যৱস্থা কৰি দিয়ে আৰু মহামান্য উচ্চ ন্যায়ালয়ত আবেদন জনাই যাৱতীয় পদক্ষেপসমূহ শীঘ্রেই গ্রহণ কৰি আমাক সকলোকে উপকৃত কৰে ।

