জুবিন ক্ষেত্ৰত একেথৰে জুবিনৰ ফটোলৈ চাই ৰ’ল গৰিমাই
জুবিন ক্ষেত্ৰত আৱেগিক মুহূৰ্ত : নিশা উপস্থিত হৈ স্বামীৰ প্ৰতিচ্ছবি পৰিষ্কাৰ কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে ৷

By ETV Bharat Entertainment Team
Published : February 21, 2026 at 5:00 PM IST
সোণাপুৰ : ৰাজ্যবাসীৰ হিয়াৰ আমঠু 'ঈশ্বৰপুত্ৰ' জুবিন গাৰ্গৰ শেষ বিশ্ৰামস্থলীত এক অনন্য আৰু আৱেগিক দৃশ্য পৰিলক্ষিত হ’ল । গভীৰ নিশা জুবিন ক্ষেত্ৰত উপস্থিত হ’ল জুবিন গাৰ্গৰ সহধৰ্মিণী গৰিমা শইকীয়া গাৰ্গ ।
সম্পূৰ্ণ নিৰলে নিজ স্বামীৰ স্মৃতি বিজড়িত স্থানত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে স্বামীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে । কেৱল শ্ৰদ্ধাঞ্জলি জনোৱাই নহয়, এগৰাকী আদৰ্শ পত্নীৰ দৰে তেওঁ নিজ হাতেৰে জুবিন গাৰ্গৰ আলোকচিত্ৰসহ জুবিন ক্ষেত্ৰত থকা স্মাৰকসমূহ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰা দেখা গ’ল তেওঁক ।
জুবিন ক্ষেত্ৰত নিশাৰ সেই শান্ত পৰিৱেশত তেওঁ বহু সময় ধৰি একাকী হৈ বহি থাকে । স্বামীৰ প্ৰতি থকা অকৃত্রিম মৰম আৰু স্মৃতিৰ টুকুৰাবোৰ বুটলি তেওঁ কটোৱা এই আৱেগিক মুহূৰ্তই এতিয়া সকলোৰে চকু সেমেকাই তুলিছে ।
উল্লেখ্য যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিটো খোজত ছাঁৰ দৰে লগত থকা গৰিমা শইকীয়া গাৰ্গে সদায় জুবিন গাৰ্গৰ সৃষ্টি আৰু স্মৃতিসমূহ সজীৱ কৰি ৰখাৰ বাবে নিৰন্তৰ প্ৰয়াস চলাই আহিছে । নিশাৰ আন্ধাৰত জুবিন ক্ষেত্ৰৰ এই দৃশ্যই আকৌ এবাৰ প্ৰমাণ কৰিলে যে মহান শিল্পীজনৰ প্ৰতি তেওঁৰ পৰিয়াল আৰু অনুৰাগীৰ হৃদয়ত স্থান কিমান গভীৰ ।

নিশাৰ আন্ধাৰত জুবিন ক্ষেত্ৰৰ এই দৃশ্যই আকৌ এবাৰ প্ৰমাণ কৰিলে যে মহান শিল্পীজনৰ প্ৰতি তেওঁৰ পৰিয়াল আৰু অনুৰাগীৰ হৃদয়ত স্থান কিমান গভীৰ ৷

উল্লেখ্য যে, সোমবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জুবিন ক্ষেত্ৰৰ দেৱাল নিৰ্মাণৰ নিৰ্দেশ দিয়ে ৷ তাৰ পিছতেই তৎপৰ হৈ পৰে ডিমৰীয়া সমজিলা প্ৰশাসন । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত মঙলবাৰে জুবিন ক্ষেত্ৰত উপস্থিত হৈ পৰিৱেশ পৰ্যবেক্ষণ কৰাৰ লগতে চাফ-চিকুণ অভিযানত অংশ লয় শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গে । তাৰ পাছত কালি নিশা আকৌ উপস্থিত হয় জুবিন ক্ষেত্ৰত ৷

লগতে পঢ়ক : প্ৰিয়তমৰ শেষ শয়নস্থলী পৰিপাটী কৰিলে গৰিমা শইকীয়া গাৰ্গে

