ETV Bharat / entertainment

মানসিক চাপত পুনৰ অসুস্থ হৈ চিকিৎসাধীন গৰিমা শইকীয়া গাৰ্গ

গভীৰ মানসিক চাপ আৰু দুৰ্বলতাৰ চিকাৰ গৰিমা শইকীয়া গাৰ্গ; চিকিৎসকৰ নিৰীক্ষণত ২-৩ দিন থাকিব লাগিব হাস্পতালত ৷

Garrima Saikia Garg ill again; admitted to the hospital due to mental stress and weakness
গৰিমা শইকীয়া গাৰ্গ (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : April 4, 2026 at 3:12 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : বিশিষ্ট ফেশ্বন ডিজাইনাৰ তথা জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ পুনৰ অসুস্থ হৈ পৰিছে । শুকুৰবাৰে দুপৰীয়াৰ ভাগত তেওঁক গুৱাহাটীৰ দিছপুৰ হাস্পতালত ভৰ্তি কৰোৱা হয় ।

জানিব পৰা মতে, শৰীৰত শৰ্কৰা (Sugar) আৰু ৰক্তচাপ (Blood Pressure) হ্ৰাস পোৱাৰ বাবেই তেওঁ হঠাৎ অসুস্থ হৈ পৰে । বৰ্তমান হাস্পতালখনত তেওঁ চিকিৎসাধীন হৈ আছে ।

চিকিৎসকৰ ভাষ্য (ETV Bharat Assam)

গৰিমা শইকীয়া গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত চিকিৎসকে জানিবলৈ দিয়ে যে, শুকুৰবাৰে বিয়লি ৩ বজাত তেওঁক দিছপুৰ হাস্পতালত ভৰ্তি কৰোৱা হয় । দেহত শৰ্কৰা আৰু ৰক্তচাপ কমি যোৱাৰ বাবে তেওঁ অসুস্থ হৈ পৰিছিল । চিকিৎসা আৰম্ভ কৰাৰ পিছত তেওঁ পূৰ্বতকৈ কিছু সুস্থ হৈছে যদিও এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই । সম্পূৰ্ণ সুস্থ হ’বলৈ তেওঁক কিছু সময়ৰ প্ৰয়োজন হ’ব । সেইবাবে আগন্তুক ২-৩ দিন তেওঁ হাস্পতালতে চিকিৎসাধীন হৈ থাকিব লাগিব ।

অসুস্থতাৰ সন্দৰ্ভত চিকিৎসকে অধিক তথ্য দি কয়, "যোৱা তিনিদিন ধৰি তেওঁ সঠিকভাৱে আহাৰ গ্ৰহণ কৰা নাই আৰু টোপনিও হোৱা নাই । নোখোৱা-নোবোৱাৰ বাবে তেওঁৰ ওজন কমিছে আৰু শৰীৰ যথেষ্ট দুৰ্বল হৈ পৰিছে । তেওঁ বৰ্তমান তীব্ৰ মানসিক চাপত আছে আৰু তেওঁক পৰ্যাপ্ত জিৰণিৰ প্ৰয়োজন । আশা কৰা হৈছে যে আগন্তুক ২-৩ দিনৰ ভিতৰত তেওঁ সুস্থ হৈ উঠিব । যোৱা ছয় মাহ ধৰি তেওঁ অসুস্থ হৈ আছে । এমাহমান আগতেও তেওঁ এবাৰ অসুস্থ হৈ পৰিছিল । তেওঁক জিৰণি প্ৰয়োজন আছে । তেওঁ মানসিক চাপত আছে ।"

উল্লেখ্য যে, ছিংগাপুৰত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ আকস্মিক আৰু ৰহস্যজনক মৃত্যুৰ পিছৰে পৰা গৰিমা শইকীয়া গাৰ্গে গভীৰ শোক আৰু মানসিক চাপৰ মাজত দিন কটাইছে । এই মানসিক আঘাতৰ বাবেই যোৱা ছমাহত তেওঁ কেইবাবাৰো অসুস্থ হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছে ।

লগতে পঢ়ক : সকলো সৃষ্টিমুখী হওক, তেতিয়াহে জুবিন জীয়াই থাকিব : জুবিনক্ষেত্ৰক লৈ গৰিমা গাৰ্গৰ বিশেষ পৰিকল্পনা