ETV Bharat / entertainment

টীম ৰৈ ৰৈ বিনালেৰ সৈতে বুকুত সাহস বান্ধি ছবিগৃহত জুবিন পত্নী গৰিমা

হিলদল ভাঙি জুবিন অনুৰাগীয়ে উপভোগ কৰে ৰৈ ৰৈ বিনালে ছবিখন ৷ বহু সাহস কৰি ছবিগৃহলৈ জুবিনৰ ভগ্নী পামীৰ সৈতে আহিল গৰিমা শইকীয়া গাৰ্গ ৷

roi roi Binale
জুবিনৰ বাবে সংৰক্ষিত আসনৰ দুয়োকাষে গৰিমা-পামী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 31, 2025 at 11:12 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: আজি ZG ৰ দিন ৷ আজি জুবিন অনুৰাগীৰ বাবে এটা আকাংক্ষিত দিন ৷ শেষ অক্টোবৰত মুক্তি লাভ কৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অভিনীত অন্তিমখন ছবিয়ে মুক্তি লাভ কৰি ইটোৰ পিছত সিটো অভিলেখ স্থাপন কৰিবলৈ সক্ষম হ’ল ৷

কায়িকভাৱে শিল্পীগৰাকী অসমবাসীৰ মাজত নাথাকিলেও তেওঁৰ অন্তিমখন ছবিয়ে বাকৰুদ্ধ কৰি তোলে প্ৰতিগৰাকী দৰ্শক-অনুৰাগীক ৷ হিলদল ভাঙি শদিয়াৰ পৰা ধুবুৰীলৈ জুবিন অনুৰাগীয়ে উপভোগ কৰে ৰৈ ৰৈ বিনালে শীৰ্ষক ছবিখন ৷

টীম ৰৈ ৰৈ বিনালেৰ সৈতে বুকুত সাহস বান্ধি ছবিগৃহত জুবিন পত্নী গৰিমা (ETV Bharat Assam)

গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰৰ কেলভিন গ’ল্ড চিনেমা হলত শুকুৰবাৰে সন্ধিয়া জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে উপস্থিত হ’ল টীম ‘‘ৰৈ ৰৈ বিনালে’’ । বৰ্তমানলৈকে আনুষ্ঠানিকভাৱে মুকলি নোহোৱা হলটোৱে ৰৈ ৰৈ বিনালে ছবিৰ বাবে ৰাখিছে বিশেষ দৰ্শনী । দৰ্শনীটোত জুবিন গাৰ্গৰ বাবে সংৰক্ষণ কৰি ৰখা হয় এখন আসন ।

ছবিগৃহত গৰিমা শইকীয়া গাৰ্গৰ লগতে উপস্থিত হয় জুবিনৰ ভগ্নী পামী বৰঠাকুৰ, ৰাহুল গৌতম শৰ্মা, জুবলী বৰুৱা, শ্যামন্তক গৌতম, আঙুৰলতা ডেকা, আচুৰ্য বৰপাত্ৰ, পাৰ্থপ্ৰতীম গোস্বামী, পাৰ্থসাৰথি মহন্তৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা । ছবিগৃহটোত উপস্থিত হৈ আবেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ ।

সংবাদ মাধ্যমৰ আগত গৰিমা শইকীয়া গাৰ্গে অশ্ৰুসিক্ত নয়নৰে কয়, ‘‘ভাল লাগিছে এইটোৱে যে জুবিনৰ সপোনৰ ছবিখন যিটো তাৰিখে বিচাৰিছে, সেই তাৰিখতে মুকলি হৈছে সকলোৰে বাবে । ইমান এটা মিশ্ৰিত আবেগৰ সময় যে সকলো ভাললগাৰ মাজতো তেওঁ যদি নিজে স্বচক্ষে চাব পাৰিলে হৈ বেছি ভাল লাগিলেহেতেন । খুব সাহস কৰি ছবিখন চাবলৈ আহিছো । চাবটো লাগিবই মই । সেয়ে গোটেই টীমটোৰ লগত আহিছো । এনেকে তেওঁক বহুতবাৰ চাবলৈ মন আছে । দিনে-ৰাতিয়ে চাবলৈ মন আছে । মই চাগে বহুতবাৰ ওলাই আহিম, কিন্তু চাবলৈ সাহস গোটাইছোঁ ।’’

লগতে পঢ়ক: এদিনতে প্ৰায় ৮০০ টা প্ৰদৰ্শনী, সংগীতৰ মহানায়কৰ জীৱনৰ অন্তিমখন ছবি