ধূলি আঁতৰিছে 'গণেশ টকীজ’ৰ, 'ৰৈ ৰৈ বিনালে'ৰ বাবে খুলিব বন্ধ ছবিগৃহ
“পকেটমাৰৰ পৰা সাৱধান” এইদৰে লিখি থোৱা চিনেমা হল ’গণেশ টকীজ’ৰ টিকট কাউণ্টাৰটো আকৌ খোল খাব । হলটোৰ ধূলিৰ চামনি পৰা আসনবোৰৰ ধূলি নাইকিয়া হ’ব ।

By ETV Bharat Entertainment Team
Published : October 29, 2025 at 7:59 PM IST
জাগীৰোড : মহাসমুদ্ৰৰ দৰে গভীৰ সংগীতৰ যাদুকৰ, জুবিন গাৰ্গৰ বাবেই “পকেটমাৰৰ পৰা সাৱধান ; Q please”- এইদৰে লিখি থোৱা চিনেমা হল ’গণেশ টকীজ’ৰ টিকট কাউণ্টাৰটো আকৌ খোল খাব । চিনেমা হলটোৰ ধূলিৰ চামনি পৰা আসনবোৰৰ ধূলি নাইকিয়া হ’ব । চূণ-তেল ঘঁহা হৈ ছবিঘৰটোত ৷ আঁতৰোৱা হৈছে যন্ত্ৰ পাতিৰ ধূলি ৷ কাৰণ 'ৰৈ ৰৈ বিনালে' আহি আছে । জুবিন গাৰ্গৰ জীৱনৰ সৰ্বস্ব ঢালি দি নিৰ্মাণ কৰা ছবিখন আহি আছে ৷
নিজে অসীমত চিৰদিনৰ বাবে হেৰাই গ’লেও যেন অসমীয়া চিনেমা উদ্যোগলৈ আশাৰ ৰেঙণি আনি থৈ গ’ল যুগান্তৰৰ কিংবদন্তী শিল্পী জুবিন গাৰ্গে । জুবিন গাৰ্গৰ শেষৰখন চিনেমা ‘ৰৈ ৰৈ বিনালে'ৰ প্ৰদৰ্শনৰ বাবে এতিয়া ৰাজ্যত খোল খাইছে বন্ধ হৈ যোৱা একাধিক চিনেমা হল । ৰাজহুৱা ভৱন পৰিৱৰ্তিত হৈছে চিনেমা হললৈ ৷ ৰাজ্যৰ কেইবাটাও মৃতপ্ৰায় ছবি ঘৰে যেন নতুন জীৱন লাভ কৰাৰ দিশে আগবাঢ়িছে । তাৰ ভিতৰত অন্যতম জাগীৰোডৰ ’গণেশ টকীজ’ ৷
অসমবাসীৰ বুকুৰ স্পন্দন প্ৰয়াত জুবিন গাৰ্গৰ মিউজিকেল চিনেমা 'ৰৈ ৰৈ বিনালে’ৰ ৩১ অক্টোবৰত শুভ মুক্তিৰ বাবে আগ্ৰহেৰে ৰৈ আছে অসমবাসী ৷ ৰাজ্যৰ মুঠ ৮৬ টা ছবিগৃহত মুকলি হ’ব জুবিন গাৰ্গৰ ১৭ বছৰৰ সপোনৰ প্ৰকল্প 'ৰৈ ৰৈ বিনালে’ । পুৱা ৫ বজাৰ পৰা নিশা ২.৫ বজালৈ বিভিন্ন ছবিগৃহত চলিব জুবিন গাৰ্গৰ সপোনৰ চিনেমাখন । কিন্তু উদগ্ৰীৱেৰে ৰৈ থকা অসমবাসীৰ আগ্ৰহ অনুসাৰে নাই ছবিখন প্ৰদৰ্শনৰ বাবে ছবিঘৰ ৷

দৰ্শকৰ আগ্ৰহলৈ লক্ষ্য ৰাখি মৰিগাঁও জিলাৰ জাগীৰোডত পূৰ্ণ প্ৰস্তুতি চলিছে বিগত ৬ বছৰে বন্ধ হৈ থকা ‘গণেশ টকীজ’ নামৰ ছবিঘৰটো পুনৰ মুকলি কৰাৰ । ৰাজ্যৰ আন আন ছবিগৃহসমূহৰ লগতে ৩১ অক্টোবৰৰ দিনাই পুনৰ সাজু কৰি তোলা ছবিগৃহটোত 'ৰৈ ৰৈ বিনালে’ই মুক্তি লাভ কৰিব ৷
অসমত অসমীয়া চিনেমাৰ প্ৰসাৰৰ বাবে সদায়েই অসমজুৰি নতুন নতুন মিনি চিনেমা হল নিৰ্মাণৰ পোষকতা কৰি গৈছিল জুবিন গাৰ্গে ৷ তাৰেই যেন প্ৰতিফলন ঘটাই মুক্তিৰ পূৰ্বেই অসম তোলপাৰ লগোৱা জুবিন গাৰ্গৰ শেষ ছবিখনে বন্ধ হৈ থকা চিনেমা হল ’গণেশ টকীজ’ পুনৰ খোলালে ৷

কেৱল' ৰৈ ৰৈ বিনালে' প্ৰদৰ্শনৰ বাবেই দীৰ্ঘ দিনে বন্ধ হৈ থকা জাগীৰোডৰ গণেশ টকীজ নামৰ ছবিঘৰটো এতিয়া সজাই পৰাই নতুন ৰূপ দিবলৈ চেষ্টা অব্যাহত ৰাখিছে হলটোৰ কৰ্তৃপক্ষই । আদৰিবলৈ সাজু হৈছে জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ৷ স্থানীয় জুবিন ফেন ক্লাবৰ সদস্যসকলেও হাতে কামে লাগি ছবিখনৰ পোষ্টাৰ অঁৰাৰ পৰা বিভিন্ন কামত সহযোগ কৰিছে ছবিঘৰ কৰ্তৃপক্ষক ।
অসমীয়া ছবিৰ দুৰৱস্থাৰ বাবে প্ৰায় বন্ধ হোৱাৰ উপক্ৰম ঘটিছিল গণেশ টকীজৰ । তেনে সময়তে ২০২০ ত ক’ভিড মহামাৰী অহাৰ পিছতেই স্থায়ীভাৱে তলা লাগিছিল গণেশ টকীজত । ৬ বছৰ ধৰি বন্ধ হৈ আছিল চিনেমা হলটো ।

এই সন্দৰ্ভত ছবি গৃহটোৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমক ক'লে এনেদৰে, “জাগীৰোডৰ এই ছবি ঘৰ 'গণেশ টকীজ' ক’ভিডৰ লকডাউনৰ সময়ৰে পৰা বন্ধ হৈ আছিল । ৰৈ ৰৈ বিনালে চিনেমাখনৰ কাৰণে ৰাইজৰ অনুৰোধত আকৌ আৰম্ভ কৰিবলৈ ওলাইছো । সেয়ে চাফ-চিকূণ কৰাৰ লগতে যন্ত্ৰাংশ পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে ৷ দৰ্শকৰ বাবে মুকলিৰ ব্যৱস্থা কৰিছো । ৰাইজৰ এটা আৱেগ আছে । সেয়ে যিমান সোনকালে পাৰো সিমান সোনকালে কামবোৰ শেষ কৰিছো । অহা 31 অক্টোবৰত আমি ৰাইজক 'ৰৈ ৰৈ বিনালে' দেখুৱাবলৈ সাজু ৷”
ভাইমন দাৰ শ্বুটিং হৈছিল গণেশ টকীজত :
জাগীৰোডৰ এই চিনেমা হলটোতে শ্বুটিং হৈছিল কেইমাহমান আগৰ বক্স অফিচ হিট অসমীয়া ছবি 'ভাইমন দা’ৰ ৷ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱাৰ জীৱনভিত্তিক 'ভাইমন দা’ ছবিখনত অসমীয়া চিনেমাৰ দুৰ্দিন দেখুৱাবলৈ বন্ধ হৈ থকা চিনেমা হল এটা দেখুওৱা হৈছিল । বন্ধ হৈ থকা গোলাঘাটৰ 'চিত্ৰলেখা’ নামৰ ছবিগৃহ হিচাপে এই 'গণেশ টকীজ’টো দেখুওৱা হৈছিল ।

ভাইমন দা ছবিখনত মুনিন বৰুৱাৰ ছুপাৰ-দুপাৰ হিট 'হিয়া-দিয়া-নিয়া’ ছবিখন দেখুৱাবলৈ বন্ধ হৈ থকা চিত্ৰলেখা হলটো মেৰামতি কৰি ছবিখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰাটো দেখুওৱা হৈছিল ৷
লগতে পঢ়ক : ৰৈ ৰৈ বিনালেলৈ অভূতপূৰ্ব সঁহাৰি, টিকট নাপাই ধৈৰ্য নেহেৰুৱাব

