প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গ বিহীন গানৰ দিন, বৰপেটাত সংগীতানুষ্ঠান
গুৱাহাটীৰ বাহিৰত প্ৰথমবাৰৰ বাবে বৰপেটাত অনুষ্ঠিত হৈছে গানৰ দিন । ৰক্তদান শিবিৰত ৰক্তদান কৰিলে সংগীত শিল্পী দিগনত ভাৰতীয়ে ।

Published : January 20, 2026 at 9:21 PM IST
বৰপেটা: বৰপেটাত গানৰ দিন উদযাপন । যিগৰাকী সংগীতজ্ঞই নিজৰ সৃষ্টিৰে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্রাণিত কৰি আহিছে, সেইগৰাকী শিল্পী দিগন্ত ভাৰতীৰ সাংগীতিক জীৱন উদযাপনৰ বিনম্র প্রয়াসেৰে প্ৰতিবছৰে গুৱাহাটীত অনুষ্ঠিত গানৰ দিন এইবেলি বৰপেটাত অনুষ্ঠিত হৈছে ।
দিগন্ত ভাৰতীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি উদযাপন কৰা গানৰ দিন উপলক্ষে মঙলবাৰে ৰক্তদান শিবিৰ, সংগীত প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ।
বৰপেটা জিলা পুথিভঁৰালত অনুস্থিত গানৰ দিন উপলক্ষে অনুষ্ঠিত ৰক্তদান শিবিৰত দিগন্ত ভাৰতীৰ লগতে কেবাগৰাকীও বিশিষ্ট শিল্পী, বৰপেটাৰ কেবাগৰাকীও সাংবাদিক, সমাজকৰ্মীয়ে ৰক্তদান কৰে । ইপিনে গানৰ দিন উপলক্ষে ৰাজ্যিক ভিত্তিত ভূপেন হাজৰিকা আৰু দিগন্ত ভাৰতী-জুবিন গাৰ্গ যুটিৰ গানৰ প্ৰতিযোগিতাত বিভিন্ন জিলাৰ প্ৰতিযোগীয়ে অংশ লয় ।

নিশাৰ সাংস্কৃতিক অনুষ্ঠানত দিগন্ত ভাৰতী, ভাস্বতী ভাৰতী, প্ৰিয়ংকা ভৰালী, নীল আকাশ, দীক্ষু আদিয়ে অংগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে ।

জুবিন গাৰ্গ জড়িত হৈ থকা গানৰ দিনৰ অনুষ্ঠানত এই প্ৰথমবাৰ জুবিন গাৰ্গ অবিহনে দিগন্ত ভাৰতীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি গানৰ দিনৰ উদযাপন কৰা হৈছে ।

গানৰ দিন সম্পৰ্কে দিগন্ত ভাৰতীয়ে কয়, "সাধাৰণতে গানৰ দিন গুৱাহাটীত অনুষ্ঠিত হয় ৷ এইবাৰ প্ৰথমবাৰৰ বাবে বৰপেটাত পতা হৈছে ৷ গানৰ দিনৰ উদ্দেশ্য হ'ল সাংস্কৃতিক ক্ষেত্ৰখনত ভাল শ্ৰোতা দৰ্শকৰ সৃষ্টি কৰা ৷ শ্ৰোতা দৰ্শক সৃষ্টি কৰাৰ লগতে তেওঁলোকক আকৰ্ষিত কৰিবৰ বাবে আমাৰ যিটো সাংস্কৃতিক কাৰ্যসূচী হ'ব সেইখিনিৰ গুণগত মানদণ্ড থাকে । সেইক্ষেত্ৰত আমি যথেষ্ঠ চকু দিব লগা হয় ৷ এই বস্তুখিনিয়ে নতুন প্ৰজন্মক উৎসাহিত কৰিব, সংগীতৰ ক্ষেত্ৰখনৰ জৰিয়তে গোটেই আমাৰ সামগ্ৰিক অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৷"


