কংগনা ৰনৌতৰ ৫টা বিস্ফোৰক মন্তব্য: যিয়ে সময় সময়ে গৰম কৰি তুলিছিল দেশ
'আজাদী ভিখ মে মিলি'ৰ পৰা 'জেনেৰেশ্বন গটৰ'লৈ... ৷ কংগনা ৰনৌতৰ ৫টা আটাইতকৈ বিতৰ্কিত মন্তব্য

By ETV Bharat Entertainment Team
Published : August 5, 2026 at 4:17 PM IST
হায়দৰাবাদ : বলীউড অভিনেত্ৰী তথা হিমাচল প্ৰদেশৰ মাণ্ডী লোকসভা সমষ্টিৰ বিজেপি সাংসদ কংগনা ৰনৌত বৰ্তমান সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । শেহতীয়াকৈ NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ-মন্তৰত এক বিশাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল । এই তীব্ৰ গণ-আন্দোলনৰ বাবেই শেষত ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষা মন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হয় ।
দিল্লীৰ এই ঐতিহাসিক প্ৰতিবাদ সফল কৰাৰ আঁৰত বৰ্তমান প্ৰজন্মৰ যুৱক-যুৱতী অৰ্থাৎ ‘জেন-জি’ৰ আটাইতকৈ ডাঙৰ অৱদান থকা বুলি কোৱা হৈছে । কিন্তু এই প্ৰতিবাদকাৰী যুৱ প্ৰজন্মক কংগনা ৰনৌতে ‘জেনেৰেশ্বন গটৰ’ বুলি অভিহিত কৰি এক নতুন বিতৰ্কৰ সূচনা কৰিছে । এই আপত্তিজনক মন্তব্যৰ পিছৰে পৰা কংগনা ৰনৌত সাধাৰণ ৰাইজ আৰু সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে আৰু তেওঁক অবিৰতভাৱে ট্ৰ’ল কৰা হৈছে ।
অৱশ্যে কংগনাই এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰাটো এয়াই প্ৰথমবাৰ নহয় । ইয়াৰ পূৰ্বেও তেওঁ এনে ৫টা ডাঙৰ বিতৰ্কিত মন্তব্য কৰিছিল, যাৰ বাবে সমগ্ৰ দেশৰ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ উত্তপ্ত হৈ পৰিছিল ৷
১. ভিক্ষা খুজি পোৱা স্বাধীনতা ২০২১
ভাৰতে ১৯৪৭ চনত প্ৰকৃত স্বাধীনতা পোৱা নাছিল, বৰঞ্চ সেইয়া আছিল ব্ৰিটিছে দিয়া ভিক্ষাহে । দেশে প্ৰকৃত স্বাধীনতা লাভ কৰিছে কেৱল ২০১৪ চনতহে । ২০২১ চনৰ শেষৰ ফালে কংগনা ৰনৌতে দাবী কৰিছিল যে, ১৯৪৭ চনত ভাৰতে পোৱা স্বাধীনতা আছিল ব্ৰিটিছে দিয়া 'ভিক্ষা' আৰু প্ৰকৃত স্বাধীনতা ২০১৪ চনতহে আহিছিল । এই মন্তব্যৰ বাবে তেওঁ ৰাজনীতিবিদ, ইতিহাসবিদ আৰু সাধাৰণ নাগৰিকৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল, কিয়নো ই স্বাধীনতা সংগ্ৰামীসকলৰ বলিদানক অপমান বুলি গণ্য কৰা হৈছিল ।
২. মুম্বাইক পাকিস্তান অধিকৃত কাশ্মীৰৰ সৈতে তুলনা (২০২০)
প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পিছত সমগ্ৰ দেশতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । সেই সময়তে কংগনা ৰনৌতে মুম্বাই আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াক তীব্ৰ সমালোচনা কৰিছিল । চহৰখনত তেওঁ নিজক লৈ অসুৰক্ষিত অনুভৱ কৰা বুলি দাবী কৰি মুম্বাইক ‘পাকিস্তান অধিকৃত কাশ্মীৰ’ৰ সৈতে তুলনা কৰিছিল । তেওঁৰ এই মন্তব্যৰ বিৰুদ্ধে মহাৰাষ্ট্ৰৰ স্থানীয় ৰাজনৈতিক নেতৃবৃন্দই কঠোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু ৰাজ্য প্ৰশাসনৰ সৈতে কংগনাৰ এক ডাঙৰ সংঘাতৰ সূচনা হৈছিল, যিয়ে সংবাদ মাধ্যমত বহুল চৰ্চা লাভ কৰিছিল ।
৩. বলীউডত নেপটিজম বিতৰ্কৰ সূচনা (২০১৭)
জনপ্ৰিয় টক শ্ব’ ‘কফি উইথ কৰণ’ত অতিথি হিচাপে অংশ লৈ কংগনা ৰনৌতে শ্ব’ৰ আঁতধৰোতা তথা পৰিচালক কৰণ জোহৰক চলচ্চিত্ৰ উদ্যোগটোৰ ‘নেপটিজমৰ বছ’ বুলি অভিহিত কৰিছিল । ইয়াৰ উপৰি তেওঁ বলীউডৰ প্ৰভাৱশালী ব্যক্তিসকলে এক ‘মুভী মাফিয়া’ চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল, যিয়ে বাহিৰৰ পৰা অহা নতুন প্ৰতিভাক আগবাঢ়ি যোৱাত বাধা দিয়ে । তেওঁৰ এই বিস্ফোৰক মন্তব্যই বলীউডত পূৰ্বৰে পৰা থকা পৰিয়ালকেন্দ্ৰিক সুবিধা আৰু বাহিৰৰ শিল্পীসকলৰ সংগ্ৰামক লৈ এক দীৰ্ঘদিনীয়া ৰাজহুৱা বিতৰ্কৰ সূচনা কৰিছিল । এই ঘটনাৰ পিছৰে পৰা উদ্যোগটোৰ তাৰকা সন্তানসকল ছ’চিয়েল মিডিয়া আৰু সাধাৰণ ৰাইজৰ লক্ষ্য হৈ পৰিছিল ।
৪. কৃষক আন্দোলনক লৈ কৰা মন্তব্য (২০২০–২০২১)
প্ৰত্যাহাৰ হোৱা কৃষি আইনৰ বিৰুদ্ধে গঢ়ি উঠা দেশজোৰা কৃষক আন্দোলনৰ সময়ত কংগনা ৰনৌতে ছ’চিয়েল মিডিয়াত কেইবাটাও বিতৰ্কিত পোষ্ট কৰিছিল । তেওঁ অভিযোগ কৰিছিল যে, আন্দোলনত অংশ লোৱা একাংশ প্ৰতিবাদকাৰী বাহিৰা শক্তি বা চৰমপন্থী সংগঠনৰ সৈতে জড়িত আছিল ।তেওঁৰ এই মন্তব্যৰ বাবে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ অভিনেত্ৰীগৰাকীৰ চিনেমাৰ শ্বুটিং চলি থকা স্থানসমূহৰ সন্মুখত কৃষকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল । কেইবাটাও সংগঠনে তেওঁৰ বিৰুদ্ধে আইনী জাননী প্ৰেৰণ কৰিছিল আৰু বিভিন্ন ৰাজনৈতিক দলে তেওঁক কঠোৰ ভাষাৰে সমালোচনা কৰিছিল । এই বিতৰ্কৰ বাবেই চণ্ডীগড় বিমানকোঠত চেকিং চলি থকাৰ সময়তে এগৰাকী মহিলা চি.আই.এছ.এফ.কনিষ্টবলে কংগনাক চৰ শোধাইছিল ।
৫. ‘জেনেৰেশ্বন গটৰ’ - নতুন প্ৰজন্মক (Gen Z) লৈ কৰা মন্তব্য (২০২৬)
শেহতীয়া এই বিতৰ্কই বৰ্তমান সময়ত সমগ্ৰ দেশতে তীব্ৰ চৰ্চা লাভ কৰিছে । এগৰাকী সাংসদ হিচাপে কংগনা ৰনৌতে প্ৰতিবাদৰ জৰিয়তে দেশৰ ৰাজনৈতিক ব্যৱস্থাক প্ৰশ্ন কৰি ছ’চিয়েল মিডিয়াত সমল শ্বেয়াৰ কৰা যুৱ ছাত্ৰ-ছাত্ৰী তথা নতুন প্ৰজন্মৰ তীব্ৰ সমালোচনা কৰে । ইয়াৰ মাজতে তেওঁ যুৱ প্ৰজন্মৰ এটা অংশক ‘জেনেৰেশ্বন গটৰ’ বুলি অভিহিত কৰি ছ’চিয়েল মিডিয়াত এক ডাঙৰ ধুমুহাৰ সৃষ্টি কৰে । তেওঁ যুৱ প্ৰজন্মৰ ওপৰত সাংস্কৃতিক অশ্লীলতা আৰু তেওঁলোকৰ জীৱনশৈলীক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰে । ইয়াৰ ফলত সমগ্ৰ দেশতে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু এগৰাকী জনপ্ৰতিনিধিৰ এনে অশোভনীয় আচৰণ তথা ৰাজনৈতিক মৰ্যাদাক লৈ সংবাদ মাধ্যমত তেওঁ তীব্ৰ সমালোচনাৰ সন্মুখীন হয় ।
লগতে পঢ়ক : হৃত্বিক-কংকনাৰ ১০ বছৰীয়া সংঘাত: ২০১৬ চনৰ 'ছিলী এক্স'ৰ পৰা ২০২৬ চনৰ 'ছ’ৰী হৃত্বিক' ট্ৰেণ্ডলৈকে সমগ্ৰ কাহিনী

