কেৱল একশ্যনেই নহয়, পৰ্দাত তেওঁৰ ৰোমাণ্টিক মুহূৰ্তয়ো দৃষ্টি নিৱদ্ধ কৰি ৰাখে দৰ্শকৰ
একশ্যনধৰ্মী চিনেমা কৰি প্ৰশংসা লাভ কৰা বাবে অভিনেতা ধৰ্মেন্দ্ৰক হি-মেন বুলি কোৱা হয় ৷ পিছে জানেনে, বহু সংখ্যক দৰ্শক কিন্তু তেওঁৰ ৰোমাণ্টিক চৰিত্ৰৰ অনুৰাগী ৷

By ETV Bharat Entertainment Team
Published : November 13, 2025 at 2:07 PM IST
হায়দৰাবাদ : 70 দশকৰ সময়ছোৱাত চলচ্চিত্ৰ উদ্যোগত ৰাজত্ব কৰা অভিনেতাসকলৰ ভিতৰত অন্যতম এগৰাকী অভিনেতা হ’ল ধৰ্মেন্দ্ৰ ৷ 60 ৰ দশকত মনোৰঞ্জন উদ্যোগত ভৰি দিয়া ধৰ্মেন্দ্ৰ 70 ৰ দশকত একেবাৰে শীৰ্ষ পৰ্যায়ত আছিল বুলি ক’লেও ভুল কোৱা নহ’ব ৷
ছবি দিল ভী তেৰা, হম ভী তেৰেৰে মনোৰঞ্জন জগতত খোজ দিয়া ধৰ্মেন্দ্ৰই 70 ৰ পৰা 80 দশকৰ সময়ছোৱাত একশ্যনধৰ্মী ছবিত অভিনয় কৰিবলৈ লয় ৷ ধৰম বীৰ, স্মাগলাৰ, অপনে, ইণ্ডিয়ান, য়ামলা পাগলা দীৱানা, বাটৱাৰা, নাকা বন্দী, লোহা, শ্বোলে, টেহলকা, হকীকত আদিকে ধৰি বিভিন্ন চিনেমাত তেওঁৰ প্ৰভাৱশালী অভিনয়ে দৰ্শকৰ মনত চাপ বহুৱাবলৈ সক্ষম হয় ৷ সেই একশ্যনধৰ্মী চৰিত্ৰসমূহৰ বাবেই তেওঁ জনাজাত হৈ পৰে হি-মেন নামেৰে ৷
পিছে ধৰ্মেন্দ্ৰৰ দক্ষতা কেৱল তেওঁৰ নামটোতে সীমাৱদ্ধ নাছিল ৷ ৰোমাণ্টিক চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল তেওঁ ৷ ৰোমাণ্টিক চৰিত্ৰসমূহ মনোগ্ৰাহীকৈ পৰ্দাত ফুটাই তুলিছিল তেওঁ ৷ হি-মেন খ্যাত ধৰ্মেন্দ্ৰৰ কেইখনমান ৰোমাণ্টিক চিনেমা- Aas Paas, Anupama, Dillagi, Aye milan ki bela, Naukar biwi ka ৷
আছ-পাছ :
1981 চনৰ এখন ৰোমাণ্টিক চিনেমা, য’ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে হেমা মালিনী আৰু ধৰ্মেন্দ্ৰই ৷ হেমাৰ চৰিত্ৰটোৰ নাম সীমা, ধৰ্মেন্দ্ৰৰ চৰিত্ৰটোৰ নাম অৰুণ ৷ চিনেমাৰ কাহিনীটোত অৰুণে সীমাক আকস্মিকভাৱে লগ পায় আৰু দুয়োজনেই ইজনে সিজনৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে । অৰুণ দুৰ্ঘটনাত পতিত হয় আৰু সকলোৱে বিশ্বাস কৰে যে তেওঁৰ মৃত্যু ঘটিছে । সীমা বিধ্বস্ত হৈ পৰে আৰু বাৰত মদ খাই, গান গাই আৰু নাচিবলৈ লয় আৰু তেতিয়াই এজন মানুহে তেওঁক ধৰ্ষণ কৰে । কিন্তু অৰুণ ঘূৰি আহে, তেওঁক দেখি আনন্দত আত্মহাৰা হৈ পৰে সীমা ৷ অৰুণক ধৰ্ষণৰ কথাটো ক’বলৈ দ্বিধাবোধ কৰে সীমাই । অৰুণে সীমাক নিজৰ ঘৰলৈ লৈ যায় আৰু নিজৰ পৰিয়ালৰ লগত চিনাকি কৰাই দিয়ে । পৰিয়ালৰ সদস্যৰ মাজত প্ৰেম নামৰ এজন মানুহক দেখি সীমা স্তম্ভিত হৈ পৰে, কাৰণ তেওঁক ধৰ্ষণ কৰা মানুহজন সেইজনেই ৷ বাকী কাহিনীটো জানিবলৈ আপোনালোকে ছবিখন ইউটিউবত চাব পাৰিব ৷
অনুপমা :
১৯৬৬ চনত হৃষিকেশ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত এখন হিন্দী চলচ্চিত্ৰ য’ত ধৰ্মেন্দ্ৰ, শৰ্মিলা ঠাকুৰ, শশীকলা, দেৱেন ভাৰ্মা আৰু সুৰেখা পণ্ডিতে অভিনয় কৰিছে । ১৯৬৬ চনৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত এই ছবিখনে হিন্দী ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে ।
শৰ্মিলা ঠাকুৰৰ চৰিত্ৰ উমাৰ জন্মৰ সময়তে মাতৃৰ মৃত্যু ঘটে ৷ সেই দুখতে পিতৃয়ে উমাক দেখিব নোৱাৰা হৈ পৰে ৷ কিন্তু নিচাসক্ত অৱস্থাত সদায় কন্যাক বিচাৰে ৷ সেই পৰিৱেশতেই উমা ডাঙৰ হৈ আহে আৰু হতাশ হৈ থাকে । সময়ৰ লগে লগে অতিমাত্ৰা কাম আৰু মদ্যপানৰ বাবে পিতৃ মোহনৰ স্বাস্থ্যৰো অৱনতি ঘটিবলৈ ধৰে ৷
নিজৰ বন্ধুৰ পুত্ৰৰ লগত কন্যা উমাৰ বিয়া ঠিক কৰে মোহনে ৷ কিন্তু কন্যাৰ জীৱনত ইতিমধ্যেই অশোকৰ চৰিত্ৰত ধৰ্মেন্দ্ৰৰ আগমন ঘটে ৷ প্ৰেম হয়, কিন্তু প্ৰকাশ কৰা নহয় ৷ পিতৃৰ কথা মতেই বিয়া হ’বলৈ ওলোৱা উমাই কিন্তু বিয়াৰ আগে আগে ঘৰ এৰি গুচি যায় ৷ কি হ’ল জানিবলৈ আপোনালোকে চিনেমাখন তলৰ লিংকটোত ক্লিক কৰি চাব পাৰিব ৷
দিল্লগী :
বিমল কৰৰ বাংলা উপন্যাস "কালিদাস অ কেমেষ্ট্ৰী"ৰ আধাৰত বসু চেটাৰ্জীয়ে ১৯৭৮ চনত ৰোমাণ্টিক কমেডী ছবি দিল্লাগী নিৰ্মাণ কৰে । ইয়াত ধৰ্মেন্দ্ৰই স্বৰ্ণ কমলৰ চৰিত্ৰত অভিনয় কৰিছে - বালিকা মহাবিদ্যালয়ৰ সংস্কৃতৰ এগৰাকী নৱনিযুক্ত অধ্যাপক । হেমা মালিনী এগৰাকী কঠোৰ ৰসায়ন বিজ্ঞানৰ প্ৰবক্তা (ফুলৰেণু) আৰু একেখন কলেজৰ ৱাৰ্ডেন ।
চিনেমাৰ কাহিনীটোত ফুলৰেণুৰ জোকোৱা নাম ‘কাৰ্বন ডাই অক্সাইড’ আৰু স্বৰ্ণকমলক সকলোৱে ধেমালিতে ‘জিজাজী’ বুলি অভিহিত কৰে । প্ৰথম দৃষ্টিতে স্বৰ্ণকমলৰ প্ৰেম হোৱাৰ বিপৰীতে মহাকবি কালিদাসৰ ৰচনা শিকোৱাৰ শৈলীৰ বাবে ফুলৰেণুৱে স্বৰ্ণকমলক ঘৃণা কৰে । উৎসৱ-হোলীৰ উদযাপনৰ পৰা আৰম্ভ কৰি বাৰ্ষিক অনুষ্ঠানলৈকে স্বৰ্ণকমলকৰ ফুলৰেণুক জয়ী কৰাৰ সকলো প্ৰচেষ্টাই যেন অথলে গৈছে । ইয়াৰ পিছত তেওঁ ফুলৰেণুৰ গৃহ চহৰ কাশীপুৰলৈ গ্ৰীষ্মকালীন ছুটীৰ সময়ত তেওঁক লগ কৰিবলৈ যায় আৰু শেষত কিছু অগ্ৰগতি লাভ কৰে ৷ কিন্তু ফুলৰেণুৱে বিচাৰে যে বাতৰি কাকতত প্ৰকাশিত তেওঁৰ বিবাহ বিজ্ঞাপনৰ উত্তৰ দি সঠিক চেনেলৰ জৰিয়তে স্বৰ্ণকমলক কাষ চাপিক । বিভ্ৰান্তিৰ সৃষ্টি হয় আৰু ফুলৰেণুৰ বিয়া আন কাৰোবাৰ সৈতে ঠিক হয় । সময়মতে বিয়াত উপস্থিত হৈ বিশৃংখলতা দূৰ কৰিব পাৰিবনে স্বৰ্ণকমলে । সেই বিষয়ে জানিবলৈ এই ৰোমাণ্টিক কমেডীখন চাওক ইউটিউবত ৷
আয়ে মিলন কি বেলা :
১৯৬৪ চনত মোহন কুমাৰৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় হিন্দী ছবি । ছবিখনৰ প্ৰযোজক জে ওম প্ৰকাশ । সংগীত শংকৰ জয় কিষাণৰ । চিনেমাখনত তাৰকা আছে; ৰাজেন্দ্ৰ কুমাৰ, ছাইৰা বানু, ধৰ্মেন্দ্ৰ আৰু শশীকলা । বক্স অফিচত ছবিখন সফল হৈছিল । ছবিখন তামিল ভাষাত অৰু থাই মাক্কল নামেৰে পুনৰ নিৰ্মাণ কৰা হয় ।
চিনেমাখনৰ কাহিনীটোত দুটা চৰিত্ৰ শ্যাম আৰু ৰঞ্জিত ৷ দুয়ো যমজ, পিছে পাকচক্ৰত পৰি দুয়োৰে পিতৃ-মাতৃৰ পৰিচয় বেলেগ বেলেগ ৷ শ্যামে মিষ্টাৰ চৌধুৰীৰ বাবে কাম কৰে আৰু মাকৰ সৈতে ভাৰতৰ এখন সৰু গাঁৱত থাকে । আনহাতে যমজ ভাতৃ ৰঞ্জিত (ধৰ্মেন্দ্ৰ) ডাঙৰ-দীঘল হয় ধনী পিতৃ-মাতৃৰ তত্বাৱধানত চহৰত ৷ মিষ্টাৰ চৌধুৰীৰ কন্যা বৰ্খাৰ সৈতে শ্যামৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে ৷ শৈশৱৰ বন্ধু ৰঞ্জিত বহিঃৰাজ্যৰ পৰা উভতি আহে আৰু তেওঁক ঘূৰি অহা দেখি সকলো আনন্দত আত্মহাৰা হৈ পৰে । ৰঞ্জিত আৰু শ্যামৰ মাজত বহুত মিল আছে, দুয়োজনেই সুদৰ্শন, নিষ্ঠাবান আৰু ভদ্ৰ; দুয়োৰে জন্ম তাৰিখো একে ৷ পিছে কেণা তেতিয়া লাগে যেতিয়া ৰঞ্জিতো বৰ্খাৰ প্ৰেমত পৰে । এই কথাই দুয়োৰে মাজত মনোমালিন্যৰ সৃষ্টি কৰে, পৰিস্থিতি ইমানেই বেয়া হৈ যায় যে শ্যামৰ বিৰুদ্ধে আন এগৰাকী মহিলা ৰূপাক গৰ্ভধাৰণ কৰাৰ অভিযোগ উত্থাপন হয় আৰু টকা চুৰি কৰাৰো অভিযোগ উত্থাপন হয় । চিনেমাখন ইউটিউবত উপলব্ধ ৷
নৌকৰ বিৱী কা :
পাকিস্তানী পাঞ্জাবী ছবি নৌকাৰ ৱহতি দা (১৯৭৪)ৰ পুনৰ্নিৰ্মাণ ১৯৮৩ চনৰ হিন্দী ৰোমাণ্টিক কমেডী ছবি নৌকৰ বিৱী কা । ছবিখনত অভিনয় কৰিছে ধৰ্মেন্দ্ৰ, ৰীণা ৰয়, ৰাজ বব্বৰ, অনিতা ৰাজ, কাদেৰ খান, প্ৰাণ আৰু ওম প্ৰকাশে । ছবিখনৰ পৰিচালনা কৰিছিল ৰাজকুমাৰ কোহলীয়ে ।
চিনেমাৰ কাহিনীটোত পৰিদৰ্শক অমৰ নাথে বিভিন্ন ছদ্মনাম লৈ পলাই থকা এজন কুখ্যাত গেংষ্টাৰক গ্ৰেপ্তাৰ কৰে আৰু কেইবাবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । ধনী পৰিয়ালৰ পৰা অহা অমৰে পিতৃ জাগীৰদাৰ বিষম্বৰ নাথক অৱজ্ঞা কৰি দুখীয়া অথচ ধুনীয়া নাৰী শীলা শৰ্মাক বিয়া কৰায় । অমৰ নাথক পৰিয়ালৰ ঘৰৰ পৰা ওলাই যাবলৈ কোৱা হয় । অমৰ আৰু শীলাই আন ঠাইত বাস কৰিবলৈ লয় আৰু সোনকালেই এগৰাকী কন্যা জ্যোতিৰ পিতৃ-মাতৃ হৈ পৰে ।
দীপক কুমাৰ নামৰ এজন যুৱকৰ পিতৃ-মাতৃৰ সৈতে সাক্ষাৎ হোৱাৰ পাছত দীপকৰ সৈতে কন্যাৰ বাল্যবিবাহৰ ব্যৱস্থা কৰে অমৰ আৰু শীলাই । ইপিনে কাৰাগাৰৰ পৰা পলায়ন কৰি সেই কুখ্যাত অপৰাধীয়ে অমৰ আৰু শীলাক হত্যা কৰে । ভাগ্য ভাল যে এজন নিষ্ঠাবান কৰ্মচাৰী আৰু চালক আব্দুলে তেওঁলোকৰ কন্যাৰ জীৱন ৰক্ষা কৰে । আব্দুলে জ্যোতিক জাগীৰদাৰৰ ওচৰলৈ লৈ যায়, চকুলো টুকি ককাকে নাতিনীক গ্ৰহণ কৰে । দীপক আৰু জ্যোতি ডাঙৰ হৈ আহে । জ্যোতি এতিয়াও ধনী ককাকৰ লগত থাকে, আনহাতে দীপকৰ দেউতাকৰ মৃত্যু ঘটে । দীপকৰ মাকে যেতিয়া দুয়োৰে বিবাহ নিশ্চিত কৰিবলৈ যায়, তেতিয়া জ্যোতিয়ে তেওঁক এৰাই চলি অপমান কৰে । ইয়াৰ ফলত দীপক ক্ষুব্ধ হৈ পৰে আৰু জ্যোতিক মাকৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য কৰে । দীপক আৰু জ্যোতিৰ বিয়া হয়নে নহয় এয়া জানিবলৈ চিনেমাখন চাওক ইউটিউবত ৷
লগতে পঢ়ক : পপ-ৰক বেণ্ড ‘দ্য স্ক্ৰিপ্ট’ সাজু শ্বিলং চেৰী ব্লজ'ম ফেষ্টিভেলত পৰিৱেশন কৰিবলৈ

