ETV Bharat / entertainment

বুঢ়ালুইতৰ বুকুত উটুৱাই দিয়া হ'ল অমৃতকণ্ঠৰ চিতাভস্ম

জুবিনে সদায় কৈছিল- মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিলে ভাল পাম ৷

Following zubeen Garg's wish late singer's ashes immerse in the Brahmaputra
ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল জুবিনৰ চিতাভস্ম (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 29, 2025 at 2:04 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: জুবিন গাৰ্গৰ কথা ৰাখি মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল জুবিনৰ চিতাভস্ম । ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে বুধবাৰে এই কাৰ্য সম্পন্ন কৰা হয় । ব্ৰহ্মপুত্ৰত জুবিন গাৰ্গৰ অস্থি বিসৰ্জন দি চকুলো টুকিছে পত্নী গৰিমা শইকীয়া গাৰ্গে ।

গুৱাহাটীৰ লাচিত ঘাটত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বক্ষত চিতাভস্ম বিসৰ্জন দিয়া হয় । পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰৰ লগতে জুবলী বৰুৱা, পাৰ্থসাৰথি মহন্ত, জুবিনৰ বাদ্যযন্ত্ৰীৰ লগতে আত্মীয়সকল উপস্থিত থাকে । সমান্তৰালকৈ যোৰহাটতো ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিয়া হয় জুবিনৰ চিতাভস্ম । অৰুণ গাৰ্গৰ উপস্থিতিত যোৰহাটত বিসৰ্জন দিয়া হয় চিতাভস্ম ।

ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হ'ল জুবিনৰ চিতাভস্ম (ETV Bharat Assam)

জীৱিত কালত বিভিন্ন বাৰ্তালাপত জুবিন গাৰ্গে প্ৰায়ে কৈছিল যে তেওঁক যাতে মৃত্যুৰ পাছত মহাবাহু ব্ৰহ্মপুত্ৰত উটুৱাই দিয়া হয় ৷ তেওঁৰ কথা মতেই আজি তেওঁৰ ইচ্ছা পূৰণ কৰিলে পত্নীৰ লগতে আত্মীয়স্বজন আৰু গুণমুগ্ধই ৷

উল্লেখ্য যে, ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল জুবিন গাৰ্গৰ । জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই শোকত ভাগি পৰিছিল সমগ্ৰ ৰাজ্য । জুবিনবিহীন বিগত ডেৰটা মাহ ৰাজ্যবাসীয়ে কিদৰে কৰিছে সেই অনুভৱ শব্দৰে গথা টান । উল্লেখ্য যে, জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ তদন্ত এছ আই টিয়ে অব্যাহত ৰাখিছে । মৃত্যুৰ গোচৰত শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ সম্বন্ধীয় ভাতৃ তথা বকো সম জিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গ আৰু দেহৰক্ষী নন্দেশ্বৰ বৰা, পৰেশ বৈশ্য, বাদ্যযন্ত্ৰী শেখৰ গোস্বামী, সহশিল্পী অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

ইপিনে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সপোনৰ ছবি 'ৰৈ ৰৈ বিনালে' ই মুক্তি লাভ কৰিব ৩১ অক্টোবৰত । ট্ৰেইলাৰ মুক্তিৰ পিছতে জুবিন গাৰ্গৰ অন্তিমখন ছবিয়ে মুক্তিৰ পূৰ্বে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যৰ লগতে বহিঃৰাজ্যতো । ছবিখন চাবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে অসমবাসীয়ে ।

লগতে পঢ়ক : জ্যোতিচিত্ৰবনত জুবিন গাৰ্গক সুঁৱৰি শ্ৰদ্ধাঞ্জলি তর্পণ অনুষ্ঠান