ফ্লিপেৰাচী FA9LA : ভাৰতত খালিজী হিপ-হপৰ জৰিয়তে এক সাংস্কৃতিক সেতুৰ নিৰ্মাণ
খালিজী হিপ-হপ শিল্পী ফ্লিপেৰাচীৰ মতে, তেওঁৰ কেৰিয়াৰৰ এই ‘ভাৰতীয় অধ্যায়টো’ কেৱল এটা ভাইৰেল মুহূৰ্ত হৈ নাথাকি সাংস্কৃতিক সেতু হিচাপে সদায় স্মৰণীয় হৈ ৰ’ব ।

By ETV Bharat Entertainment Team
Published : March 4, 2026 at 3:24 PM IST
হায়দৰাবাদ : ফ্লিপেৰাচীয়ে বিচাৰে যে ভাৰতত তেওঁৰ এই যাত্ৰা কেৱল ক্ষণস্থায়ী জনপ্ৰিয়তাৰ মাজতে সীমাবদ্ধ নাথাকি খালিজী হিপ-হপৰ বাবে এক শক্তিশালী সাংস্কৃতিক ভেটি হিচাপে পৰিগণিত হওক ।
বলীউড চিনেমা 'ধূৰন্ধৰ' (Dhurandhar) ত অক্ষয় খান্নাৰ এণ্ট্ৰিৰ সময়ত তেওঁৰ ‘FA9LA’ শীৰ্ষক গীতটো ব্যৱহাৰ কৰা হৈছিল ৷ এই গীতটো ভাৰতত ব্যাপকভাৱে জনপ্ৰিয় হৈছিল । তেওঁৰ বাবে এই যাত্ৰা কেৱল কোনো ট্ৰেণ্ড বা জনপ্ৰিয়তাৰ পাছত দৌৰা নহয়, বৰঞ্চ সংগীতৰ জৰিয়তে দুয়োখন দেশৰ মাজত এটা গভীৰ সম্পৰ্ক গঢ়ি তোলাটোহে আচল উদ্দেশ্য ।
হুছাম মহম্মদ আছিম, যি সংগীত জগতত ফ্লিপেৰাচী (Flipperachi) নামেৰে পৰিচিত, তেওঁ সংবাদ সংস্থা IANS-ৰ আগত নিজৰ লক্ষ্যৰ বিষয়ে ব্যক্ত কৰিছে । ফ্লিপেৰাচীয়ে আশা কৰে যে ভৱিষ্যতে যেতিয়া সংগীতৰ ইতিহাস পৰ্যালোচনা কৰা হ’ব, তেতিয়া এই সময়ছোৱাক খালিজী হিপ-হপে এক নতুন আৰু বিশাল পৃথিৱীত ভৰি থোৱাৰ সময় হিচাপে গণ্য কৰা হ’ব ।
তেওঁৰ মতে, এই যাত্ৰা কেৱল ইণ্টাৰনেটৰ কোনো ভাইৰেল ভিডিঅ' বা ক্ষণস্থায়ী চৰ্চাৰ মাজতে সীমাবদ্ধ নহয় । ইয়াৰ পৰিৱৰ্তে ই হ'ল বিভিন্ন সংস্কৃতিৰ মাজত এক দীৰ্ঘদিনীয়া সম্পৰ্কৰ আৰম্ভণি ।
সাংস্কৃতিক সেতু
তেওঁৰ কেৰিয়াৰৰ সদায় এক মূল লক্ষ্য আছিল সংগীতৰ জৰিয়তে সাংস্কৃতিক সেতু বা সম্পৰ্ক গঢ়ি তোলা । তেওঁ বিশ্বাস কৰে যে তেওঁৰ এই কামে সেই লক্ষ্য পূৰণত বিশেষ ভূমিকা পালন কৰিছে ।
শিল্পী ফ্লিপেৰাচী
প্ৰকৃত নাম হুছাম আছিম, তেওঁৰ অনন্য সংগীত শৈলী আৰু সাহসী কাহিনী কোৱাৰ ধৰণৰ বাবে পৰিচিত । বিভিন্ন সংস্কৃতি আৰু ভাষাৰ বাধা অতিক্ৰম কৰি সমগ্ৰ বিশ্বতে তেওঁৰ বিশাল সংখ্যক অনুৰাগী আছে ।
'ধূৰন্ধৰ' ছবিখনৰ বিষয়ে
এই ছবিখন আদিত্য ধৰে পৰিচালনা কৰিছে । ইয়াত ৰণবীৰ সিং, অক্ষয় খান্না, সঞ্জয় দত্ত, অৰ্জুন ৰামপাল আৰু আৰ. মাধৱনৰ দৰে শক্তিশালী অভিনেতাৰ এটা দল আছে ।দুটা খণ্ডত নিৰ্মাণ হোৱা এই ছবিখনৰ কাহিনী এক গোপন সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ ওপৰত আধাৰিত । এজন ভাৰতীয় চোৰাংচোৱাই পাকিস্তানৰ কৰাচীৰ অপৰাধী চক্ৰ আৰু ৰাজনৈতিক শক্তিৰ মাজত সোমাই কেনেকৈ ভাৰত বিৰোধী সন্ত্ৰাসবাদী নেটৱৰ্ক ধ্বংস কৰে, সেয়াই ছবিখনত দেখুওৱা হৈছে ।
বাস্তৱ ঘটনাৰ পৰা অনুপ্ৰাণিত
এই ছবিখনৰ কাহিনী কেইবাটাও গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘটনাৰ দ্বাৰা অনুপ্ৰাণিত । ইয়াৰ ভিতৰত ১৯৯৯ চনৰ IC-814 বিমান অপহৰণ, ২০০১ চনৰ ভাৰতীয় সংসদত আক্ৰমণ, ২০০৮ চনৰ মুম্বাই আক্ৰমণ আৰু পাকিস্তানৰ 'অপাৰেশ্যন লিয়াৰী'ৰ সৈতে জড়িত ঘটনাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে ।
দ্বিতীয় খণ্ডৰ ঘোষণা
৩ ফেব্ৰুৱাৰীত নিৰ্মাতাসকলে এই ছবিখনৰ দ্বিতীয় খণ্ডৰ নাম 'ধূৰন্ধৰ: দ্য ৰিভেঞ্জ' (Dhurandhar: The Revenge) বুলি ঘোষণা কৰে । লগতে এখন নতুন পোষ্টাৰৰ জৰিয়তে এই একশ্যনধৰ্মী ফ্ৰেঞ্চাইজিটোৰ পৰৱৰ্তী অধ্যায়ৰ এক আভাস দাঙি ধৰে ।
Dhurandhar 2
কাহিনীটো হামজা আলী মাঝাৰী নামৰ এজন ভাৰতীয় চোৰাংচোৱাক কেন্দ্ৰ কৰি আগবাঢ়িব, যিয়ে পাকিস্তানৰ আণ্ডাৰৱৰ্ল্ডত সোমাবলৈ সক্ষম হৈছে । ৰহমান ডকাইতক পৰাস্ত কৰাৰ পিছত হামজা ক্ষমতাৰ শীৰ্ষলৈ আহে । কিন্তু তাতেই তেওঁৰ মুখামুখি হয় আটাইতকৈ শক্তিশালী শত্ৰু মেজৰ ইকবালৰ সৈতে, যি আই.এচ.আই (ISI) ৰ মাষ্টাৰমাইণ্ড আৰু 'বড়ে চাহাব' নামেৰে পৰিচিত ৷
লগতে পঢ়ক : ফ্লিপৰাচীৰ 'FA9LA': ভাষিক বাধাৰ মাজতো ভাৰতত সৃষ্টি হোৱা সংগীতৰ আলোড়ন

