ETV Bharat / entertainment

ৰৈ ৰৈ বিনালেলৈ অভূতপূৰ্ব সঁহাৰি, টিকট নাপাই ধৈৰ্য নেহেৰুৱাব

গোলাঘাটত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেলৈ ব্যাপক সমাদৰ । ৪ নৱেম্বৰলৈকে বিক্ৰী ছবিখনৰ টিকট । প্ৰথম দিনা দৰ্শকৰ বাবে পাঁচটাকৈ শ্ব’ ।

first assamese musical film roi roi binale zubeen garg dream project goes sold out till 4th october in golaghat
জুবিন গাৰ্গৰ অন্তিমখন ছবি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : October 29, 2025 at 12:11 PM IST

4 Min Read
Choose ETV Bharat

গোলাঘাট : ৰৈ ৰৈ বিনালেৰ টিকট বিক্ৰীয়ে ইতিমধ্যে অভিলেখ গঢ়ি তুলিছে ৷ প্ৰথম সপ্তাহটোৰ বাবে সকলোবোৰ টিকট ইতিমধ্যে বিক্ৰী হৈ গৈছে ৷ জুবিন গাৰ্গৰ অন্তিমখন ছবি বুলি আৱেগিক অসমীয়া উন্মাদ হৈ আছে ছবিখন চাবলৈ ৷ এতিয়া ঠায়ে ঠায়ে চিনেমাহল নথকাৰ কথাটো সকলোৱে বাৰুকৈয়ে অনুভৱ কৰিছে ৷ কাৰণ থকাকেইটাত মনে বিচৰা অনুসৰি টিকট পাবলৈ নাই ৷

বহু ঠাইৰ দৰে গোলাঘাটতো একেই অৱস্থা ৷ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে অভিনয় কৰা অন্তিমখন বোলছবি ৰৈ ৰৈ বিনালেলৈ দৰ্শকৰ বিপুল সমাদৰ দেখিবলৈ পোৱা গৈছে ৷ নতুনকৈ টিকট কাটিবলৈ আপুনি অপেক্ষা কৰিব লাগিব ৫ নৱেম্বৰলৈকে । কিয়নো গোলাঘাট গ’ল্ড চিনেমা হলত ৩১ অক্টোবৰৰ পৰা প্ৰদৰ্শন হ'বলগীয়া এই ছবিখনৰ ৪ নৱেম্বৰলৈকে সকলো টিকট বিক্ৰী হৈ গৈছে ।

ছবিখনৰ সন্দৰ্ভত চিনেমা হলৰ তত্বাৱধায়ক আৰু অনুৰাগীৰ মন্তব্য (ETV Bharat Assam)

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ড্ৰীম প্ৰজেক্ট আছিল ‘ৰৈ ৰৈ বিনালে’ ৷ এই ছবিখনৰ বাবে হিয়া উজাৰি কাম কৰিছিল জুবিন গাৰ্গে । আধৰুৱা কামখিনি ছিংগাপুৰৰ পৰা উভতি আহি কৰাৰ কথা আছিল, কিন্তু বিধিৰ বিপাক, যোৱা বাটে ঘূৰি নাহিল জুবিন ৷

ছবিখনৰ ট্ৰেইলাৰে মুক্তি লাভ কৰাৰ পাছত ব্যাপক সমাদৰ লাভ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত সকলোৱে আশা কৰিছে যে এক নতুন ইতিহাসৰ সৃষ্টি কৰিব জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ শীৰ্ষক প্ৰথমখন অসমীয়া মিউজিকেল ড্ৰামাই ।

Zubeen Garg Film
ৰৈ ৰৈ বিনালেলৈ দৰ্শকৰ ব্যাপক সমাদৰ (Photo : ETV Bharat Assam)
Zubeen Garg Film
গোলাঘাটৰ একমাত্ৰ ছবি গৃহ গ’ল্ড ডিজিটেল চিনেমা (Photo : ETV Bharat Assam)
Zubeen Garg Film
গোলাঘাটৰ গ’ল্ড ডিজিটেল চিনেমাত ৪ নৱেম্বৰলৈকে বিক্ৰী ছবিখনৰ টিকট (Photo : ETV Bharat Assam)

ছবিখনৰ মুক্তিলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰা আছে অসমবাসীয়ে ৷ গোলাঘাটৰ একমাত্ৰ ছবি গৃহ গ’ল্ড ডিজিটেল চিনেমা সম্পূৰ্ণৰূপে সাজু হৈছে উঠিছে এই ছবিখনৰ প্ৰদৰ্শনৰ বাবে । গোলাঘাট গ’ল্ড ডিজিটেল চিনেমাৰ তত্বাৱধায়কে কয়, “৩১ তাৰিখৰ পৰা ৰৈ ৰৈ বিনালে ছবিৰ টিকট মুকলি কৰি দিয়া হৈছে । অনলাইন আৰু অফলাইন যোগে ৪ তাৰিখলৈকে ৰাইজৰ ভাল সঁহাৰি লাভ কৰিছোঁ । বৰ্তমান ৪ নৱেম্বৰলৈকে সকলো দৰ্শনীৰ টিকট বিক্ৰী হৈছে ৷ বাকী ৰাইজৰ বাবে আমি আকৌ টিকট উপলব্ধ কৰিম । বাকী টিকট লাভ নকৰাসকলে ধৈৰ্য্য ধৰক, সকলোৱে ছবিখন চাবলৈ পাব । ৰাইজৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি আমি ছবিখনৰ প্ৰদৰ্শন বৃদ্ধি কৰিম বুলি ভাবিছোঁ । প্ৰথম দিনা পাঁচবাৰ প্ৰদৰ্শন কৰা হ'ব ।”

আনহাতে ছবিখনৰ সন্দৰ্ভত জুবিন গাৰ্গৰ অনুৰাগী স্বাগতা বৰাই কয়, “জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে আৰু দুটা দিনৰ পাছত মুক্তি লাভ কৰিব । আমি সকলোৱে আশাৰে বাট চাই আছোঁ ৷ ছবিখন সকলোয়ে ইতিমধ্যে আদৰি লৈছে টিকট এতিয়া পাবলৈ নাই । ইয়াৰ উপৰিও সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আছে । তেখেতে আগতেই ন্যায় পাব লাগিছিল । তেখেতৰ মৃত্যুৰ দিনা সেই স্থানত কি পৰিস্থিতিত এই ঘটনা সংঘটিত হৈছিল বৰ্তমানলৈকে আমাক জানিবলৈ দিয়া হোৱা নাই, তাৰ বাবে আচৰিত হৈছোঁ । এই ছবিখনৰ জৰিয়তে সকলোৱে এটা কথাই কামনা কৰক- তেখেত য'তেই আছে শাস্তিত থাকক আৰু তেখেতৰ মৃত্যুৰ ন্যায় আমি পাব লাগিব ।”

Zubeen Garg Film
গোলাঘাট গ’ল্ড ডিজিটেল চিনেমাত প্ৰথম দিনা পাঁচটা শ্ব’ (Photo : ETV Bharat Assam)

আন এগৰাকী জুবিন গাৰ্গৰ গুণমুগ্ধ ৰশ্মিতা শইকীয়াই কয়, “আমাৰ প্ৰাণৰ শিল্পী জুবিন দাক আমি শেষবাৰৰ বাবে জীৱন্ত ৰূপত এই ছবিখনৰ জৰিয়তে দেখিবলৈ পাম । পূৰ্বতে অসমীয়া ছবি চাবলৈ সকলোকে আহ্বান জনাব লগা হৈছিল, কিন্তু জুবিন গাৰ্গৰ ক্ষেত্ৰত সকলো নিজেই ওলাই আহিব । আমি সকলোৱে এই ছবিখনৰ জৰিয়তে জুবিন দাক প্ৰাণভৰি চাম । সকলো ৰাইজে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষ আৰু সপোনৰ ছবিখন আগুৱাই যোৱাত আৰু সফল কৰাত সহায় কৰক ।”

লগতে পঢ়ক : ৰৈ ৰৈ বিনালে চাবলৈ টিকট বিচাৰি দৰ্শকৰ হাহাকাৰ, নগাঁৱৰ একমাত্ৰ চিনেমা হলটোৱে কিদৰে পূৰাব দৰ্শকৰ আশা ?