এইবাৰ ডাঙৰ পৰ্দাত 'অপাৰেশ্বন ছিন্দূৰ' : কেমেৰাৰ আঁৰত কোন ?
চিনেমাখন লেফটেনেণ্ট জেনেৰেল কে জে এছ ‘টাইনি’ ধিলন (অৱসৰপ্ৰাপ্ত)ৰ কিতাপ ‘অপাৰেশ্বন ছিন্দূৰ: দ্য আনটল্ড ষ্ট’ৰী অফ ইণ্ডিয়া’ছ ডিপ ষ্ট্ৰাইকছ ইনছাইড পাকিস্তান’ৰ আধাৰত নিৰ্মিত ।

By ETV Bharat Entertainment Team
Published : March 26, 2026 at 4:31 PM IST
হায়দৰাবাদ : শেহতীয়াকৈ মুক্তি পোৱা ছবি ধূৰন্ধৰৰ গতিবেগ এতিয়াও লেহেমীয়া হোৱা নাই; প্ৰায় প্ৰতিদিনেই ছবিখনে নতুন নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷ ধূৰন্ধৰ ছবিখনক লৈ দৰ্শকৰ মাজত মাত্ৰাধিক উছাহ দেখিবলৈ পোৱা গৈছে ৷ তাৰ মাজতে আহিল আন এখন চিনেমাৰ ঘোষণাৰ খবৰ ৷ এই চিনেমাখনেও ভাৰতীয় সৈন্যৰ এক বীৰত্বৰ কাহিনী ৰূপালী পৰ্দাত দাঙি ধৰিব বুলি জানিব পৰা গৈছে ।
ভাৰতীয় সৈন্যক লৈ নতুন ছবি ঘোষণা
দ্য কাশ্মীৰ ফাইলছৰ বাবে প্ৰশংসিত পৰিচালক বিবেক অগ্নিহোত্ৰী এই ছবিখনৰ আঁৰত আছে ৷ পৰিচালকজনে পৰ্দালৈ আনিবলৈ সাজু হৈছে পহলগাম হত্যাকাণ্ডৰ কাহিনী, অৰ্থাৎ অপাৰেশ্বন সেন্দূৰ দৰ্শকে এইবাৰ স্বচক্ষে দেখিবলৈ পাব ।
বিবেক অগ্নিহোত্ৰীয়ে ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে এই খবৰটো শ্বেয়াৰ কৰে । ভূষণ কুমাৰৰ টি-ছিৰিজ আৰু বিবেক ৰঞ্জন অগ্নিহোত্ৰীৰ 'আই এম বুদ্ধ প্ৰডাকশ্বন' এ যৌথভাৱে অপাৰেশ্বন ছিন্দূৰ ছবিখন সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিছে ।
কোনখন কিতাপৰ আধাৰত নিৰ্মাণ কৰা হ’ব নতুন ছবিখন
খবৰ পোৱা গৈছে যে চিনেমাখন লেফটেনেণ্ট জেনেৰেল কে জে এছ ‘টাইনি’ ধিলন (অৱসৰপ্ৰাপ্ত)ৰ কিতাপ ‘অপাৰেশ্বন ছিন্দূৰ: দ্য আনটল্ড ষ্ট’ৰী অফ ইণ্ডিয়া’ছ ডিপ ষ্ট্ৰাইকছ ইনছাইড পাকিস্তান’ৰ আধাৰত নিৰ্মিত । বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে নিজেই পৰিচালনাৰ নেতৃত্বত থাকিব ।
ধূৰন্ধৰৰ প্ৰভাৱ
আদিত্য ধৰৰ ছবি ধূৰন্ধৰে জাতিটোক গভীৰভাৱে আপ্লুত কৰিছে । ভাৰত মাতৃক ৰক্ষাৰ বাবে অগণন সৈন্যই কেনেদৰে মনে মনে আৰু নিস্বাৰ্থভাৱে যুঁজি আছে সেই কথা চিনেমাখন চাই প্ৰতিগৰাকী ভাৰতীয়ই মৰ্মে মৰ্মে উপলব্ধি কৰিছে । বিগত সময়ত বলীউডে অসংখ্য দেশপ্ৰেমমূলক ছবি নিৰ্মাণ কৰি দৰ্শকৰ মনত দেশপ্ৰেমৰ ভাৱ জগাই ৰাখিছে ৷ এতিয়া সেই বিশিষ্ট তালিকাত ‘অপাৰেশ্বন ছিন্দূৰ’ নামটোও সংযোজন কৰা হৈছে । ভাৰতৰ সাহসী সৈন্যই চলোৱা বাস্তৱ জীৱনৰ সামৰিক অভিযানক কেন্দ্ৰ কৰি ছবিখন নিৰ্মাণ কৰা হ’ব । এই অভিযানৰ ক'ডনেম আছিল "পাকিস্তান আৰু পাকিস্তানৰ দখলত থকা কাশ্মীৰত সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ বিৰুদ্ধে ভাৰতে লক্ষ্য কৰি চলোৱা সামৰিক আক্ৰমণ ।"
ভাৰতীয় ইতিহাসৰ বুৰঞ্জীত এই অভিযানক কৌশলগত সংকল্প, সীমাহীন সাহস আৰু ত্ৰুটিহীন সফলতাৰ প্ৰমাণ স্বৰূপে এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা হয় ।
উল্লেখ্য যে, ২০০৫ চনত জম্মু-কাশ্মীৰৰ পহলগামত নিৰীহ নাগৰিক, পৰ্যটক, সকলোকে ধৰি নিৰ্বিচাৰে হত্যা কৰা হৈছিল । পৰিচালক বিবেকে এতিয়া নিজৰ কেমেৰাৰ লেন্সেৰ এই মৰ্মান্তিক ঘটনা পুনৰ চৰ্চা কৰিব ।
প্ৰযোজকৰ ভাষ্য
প্ৰযোজক ভূষণ কুমাৰে কয়, "কিছুমান গল্প বাচনি কৰা নহয়; বৰঞ্চ, সেইসমূহে আপোনাক বাচি লয় । অপাৰেশ্বন ছিন্দূৰ এনেকুৱা এটা কাহিনী, যিয়ে সততা, সাহস, আৰু গভীৰ দায়িত্ববোধেৰে ইয়াক উপস্থাপন কৰা দাবী কৰে । ই কেৱল এখন ছবি নহয়; ই এক বাৰ্তা । যেতিয়া এটা জাতিয়ে এনে গুৰুত্বপূৰ্ণ পৰিঘটনা সহ্য কৰে, তেতিয়া সেইবোৰ সত্যৰ প্ৰতি অটল নিষ্ঠাৰ সৈতে নথিভুক্ত কৰাটো একেবাৰে জৰুৰী হৈ পৰে ।"
পৰিচালকৰ ভাষ্য
পৰিচালক-প্ৰযোজক বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়ে কয়, "এইখন কেৱল এখন ছবি নহয় । 'অপাৰেশ্বন ছিন্দূৰ'ৰ জৰিয়তে ভাৰতে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ লোৱাই নহয়, পাকিস্তানক শাস্তি দিয়াই নহয়, আধুনিক যুদ্ধত নিজৰ দক্ষতাও প্ৰদৰ্শন কৰিলে । মই সদায় এনে কাহিনী কোৱাত বিশ্বাস কৰি আহিছো যিবোৰ সম্ভাব্যভাৱে অস্বস্তিকৰ হ'লেও জনাতো অপৰিহাৰ্য । মোৰ প্ৰচেষ্টা হৈছে এই আখ্যানটোক সাহস, পেছাদাৰিত্ব আৰু কৌশলগত স্পষ্টতাৰে দৰ্শকৰ মাজলৈ প্ৰেৰণ কৰা—একে সময়তে ইয়াক এক ৰোমাঞ্চকৰ চিনেমাৰ অভিজ্ঞতা হিচাপে উপস্থাপন কৰা ।"
কেতিয়া চিত্ৰগ্ৰহণ আৰম্ভ হ’ব, কোনে মুখ্য চৰিত্ৰত অভিনয় কৰিব, কেতিয়া ছবিখন মুক্তি পাব আদি সবিশেষ বৰ্তমানলৈকে ছবি নিৰ্মাতাসকলে লুকুৱাই ৰাখিছে ।
লগতে পঢ়ক : 'ধূৰন্ধৰ' ছবিখন অৰ্জুনৰ বাবে কিয় বিশেষ ? ৰণবীৰ সিঙৰ প্ৰতিশোধত ৰামপালে পালে মনৰ শান্তি !

