ফিল্মফেয়াৰৰ মঞ্চত অসমৰ অৰ্চিতাক শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ সন্মান
ফিল্মফেয়াৰ অ' টি টি বঁটা 2025, চমকপ্ৰদ প্ৰদৰ্শনৰ বাবে অসমৰ অৰ্চিতা আগৰৱালে লাভ কৰিলে শ্ৰেষ্ঠ মহিলা নৱাগতাৰ বঁটা ৷

By ETV Bharat Entertainment Team
Published : December 16, 2025 at 4:41 PM IST
হায়দৰাবাদ : ফিল্মফেয়াৰ অ' টি টি এৱাৰ্ডছ 2025 ৰ মঞ্চত বঁটা হাতত তুলি ল’লে মোহময়ী অভিনেত্ৰী অসমকন্যা অৰ্চিতা আগৰৱালে ৷ বিশিষ্ট অভিনেত্ৰী শ্বীবা চাড্ডাৰ পৰা এই বঁটা গ্ৰহণ কৰি আৱেগিক হৈ পৰে অৰ্চিতা ৷ বঁটাৰ বাবে নাম ঘোষণা কৰাৰ পাছতেই মঞ্চত উঠি বঁটা লৈ ভৰি চুই অগ্ৰজ অভিনেত্ৰীগৰাকীৰ প্ৰতি সন্মান যাচে অৰ্চিতা আগৰৱালে ৷
দেছপাচ ছবিখনৰ বাবে অৰ্চিতাই ফিল্মফেয়াৰ অ' টি টি এৱাৰ্ডছ 2025 ৰ নৱাগতৰ দ্বাৰা সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন শাখাত বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ এগৰাকী অসমকন্যা হিচাপে অৰ্চিতাই এই বঁটা লাভ কৰি অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে ৷

ফিল্মফেয়াৰৰ মঞ্চত অৰ্চিতা আগৰৱালে শ্বীবা চাড্ডাৰ ভৰি চুই আশীষ লওতে আচৰিত হৈ পৰিছিল অভিনেত্ৰীগৰাকী ৷ পিছত দুয়োৱে এগৰাকীয়ে আনগৰাকীক উষ্ম আলিংগন যাচে ৷ বঁটা হাতত লৈ আৱেগিক হৈ পৰা অৰ্চিতাই কয়, “মই একদম আচৰিত হৈ আছোঁ ৷ মই এয়া বিশ্বাসেই কৰিব পৰা নাই ৷ অশেষ ধন্যবাদ ৷”
অৰ্চিতা আগৰৱালে লগতে আৰু কয়, “এই বঁটাটো তেওঁৰ পৰা লাভ কৰিবলৈ পোৱাটো মোৰ সৌভাগ্য ৷ হে ভগৱান, বহুত বহুত ধন্যবাদ ৷” মঞ্চৰ পৰা অৰ্চিতাই নিজৰ দুগৰাকী বান্ধৱীকো ধন্যবাদ জনায় ৷ দুয়োকে তেওঁৰ লাকী চাৰ্ম বুলি অভিহিত কৰে ৷


দেছপাচ ছবিখনৰ পৰিচালক কানু বেহলৰ কথাও উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে ৷ আগৰৱালে কয়, “কানু ছাৰৰ বাবেই এয়া সম্ভৱ হৈ উঠিল, মই এই চিনেমাখন কৰিবলৈ পালো ৷ যথেষ্ট কঠিন সময় আছিল, কিন্তু এয়া হৈ উঠিল, যেনেতেনে হ’লেও এয়া হৈ উঠিল ৷ ফিল্মফেয়াৰক ধন্যবাদ ৷ আৰু মোৰ দেউতা, যিয়ে মোক ওপৰৰ পৰা চাই আশীৰ্বাদ কৰি আছে ৷ অশেষ ধন্যবাদ ৷”


উল্লেখ্য যে, দেছপাচ ছবিখনত অৰ্চিতাই মনোজ বাজপেয়ীৰ সৈতে স্ক্ৰীণ শ্বেয়াৰ কৰিছে ৷ অৰ্চিতাৰ চৰিত্ৰটো সহযোগী চৰিত্ৰ ৷ ছবিখনৰ কাহিনীটো এগৰাকী সাংবাদিকক কেন্দ্ৰ কৰি ঘূৰি থাকে ৷ এজন প্ৰতিভাবান সাংবাদিক, জয় বাগ, যিটো চৰিত্ৰত মনোজ বাজপেয়ীয়ে অভিনয় কৰিছে- তেওঁৰ সংবাদপত্ৰ 'দেছপাচ'ৰ বাবে এক কাহিনীৰ সন্ধানত থাকে । সত্য উন্মোচন কৰিবলৈ তেওঁ কিমান দূৰলৈ যাবলৈ সাজু সেয়াই এই কাহিনীৰ অংশ ৷
উল্লেখনীয় যে, এইগৰাকী অভিনেত্ৰীয়ে এইবৰ্ষতে খোজ দিয়ে অসমীয়া চলচ্চিত্ৰ উদ্যোগত ৷ স্ক্ৰীণ শ্বেয়াৰ কৰে অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ লগত ৷ চলিত বৰ্ষত মুক্তি লাভ কৰা ৰূপক গগৈ পৰিচালিত ‘ৰুদ্ৰ’ত দেখিবলৈ পোৱা গৈছিল অৰ্চিতা আগৰৱালক ৷ এই ছবিখনত আদিল হুছেইনে এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৷
লগতে পঢ়ক : নিৰিবিলি পৰিৱেশত শাল গছৰ ছাঁৰ তলত এইবাৰ এদিনৰ বাবে বহিল নাট্যমেলা

