ফিল্মফেয়াৰ এৱাৰ্ডছৰ নামত অসমত কোনে কৰিছে ব্যৱসায় ?
ফিল্মফেয়াৰ এৱাৰ্ডছ অসম সন্মান নে অসমীয়াক চৰম অপমান ! শেহতীয়াকৈ মহানগৰীত অনুষ্ঠিত হোৱা ফিল্মফেয়াৰ এৱাৰ্ডছক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ ।

By ETV Bharat Entertainment Team
Published : March 2, 2026 at 5:13 PM IST
গুৱাহাটী : শেহতীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হৈ যায় ফিল্মফেয়াৰ এৱাৰ্ডছ অসমীয়া । এই অনুষ্ঠানত প্রায় ১৬টাকৈ শিতানত এই সম্মান ২০২৪-২৫ বৰ্ষৰ অসমীয়া ছবিক প্ৰদান কৰা হয় । কিন্তু উক্ত অনুষ্ঠান অনুষ্ঠিত হোৱাৰ দিনাৰ পৰাই সামাজিক মাধ্যমত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।
জীৱন ৰাম মুংগেৰী দেবী গোৱেংকা পাব্লিক চেৰিটেবল ট্রাষ্টৰ সহযোগত অসমৰ চলচ্চিত্ৰ বিত্তীয় আৰু উন্নয়ন নিগমৰ নাম ব্যৱহাৰ কৰি অনুষ্ঠিত কৰা এই এৱাৰ্ডছ ইভেণ্টত মনোনয়ন লাভ কৰা একাংশ ছবিৰ পৰিচালক তথা কলা-কুশলীক নিমন্ত্ৰণ নজনালে আয়োজকে ।

ফিল্মফেয়াৰ এৱাৰ্ড অসম সন্মান নে অসমীয়াক চৰম অপমান
ফিল্মফেয়াৰ বিসংগতি সন্দৰ্ভত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্রীয় পৰ্যায়ত খ্যাতি অর্জন কৰা অভিনেতা বাহাৰুল ইছলামে সামাজিক মাধ্যমত এটা পোষ্ট কৰে । তেওঁ উল্লেখ কৰে, “আজি হেনো ফিল্মফেয়াৰ এৱাৰ্ডছ দিছে । ময়ো বিচাৰক আছিলো । নেমাতিলেই দেখোন ।” অভিনেতাগৰাকীৰ এই পোষ্টটোৰ পাছতে সৃষ্টি হয় প্ৰতিক্ৰিয়াৰ ।

এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ই টিভি ভাৰতৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত বাহাৰুল ইছলামে কয়, “এই বৰ্ষত দুটা বৰ্ষৰ বাবে তেওঁলোকে বঁটাসমূহ প্ৰদান কৰিছে । প্ৰথম বছৰটোৰ বাবে মোক বিচাৰক হিচাপে তালিকা পঠিয়াইছিল । মেইলৰ দ্বাৰা তালিকাখন মোক পঠিয়াইছিল, তেনেদৰে চাই মই ফলাফল জমা দিলোঁ, কিন্তু আচৰ্যজনকভাৱে যিদিনা বঁটাটো প্ৰদান কৰা হৈছিল সেইদিনা মোক আমন্ত্ৰণ নজনালে । মোৰ বেয়া লাগি তেতিয়া মই সমাজিক মাধ্যমত পোষ্টটো কৰিছিলোঁ ।”
অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা কোন এই ব্যতিক্ৰম গ্ৰুপ ?
এই সমগ্ৰ বিতৰ্কত নাম সাঙোৰ খাই পৰিছে ব্যতিক্ৰম গ্ৰুপৰ । নিজকে 'ব্যতিক্ৰম গ্ৰুপ'ৰ উদ্যোক্তা বা স্বত্বাধিকাৰী বুলি পৰিচয় দিয়া সুমেন ভাৰাতীয় নামৰ এগৰাকী ব্যক্তিয়ে দিছিল কেইবাগৰাকীও বঁটাপ্ৰাপকক আমন্ত্ৰণ ।

অনুষ্ঠানলৈ আমন্ত্ৰণ নকৰা সন্দৰ্ভত অভিনেতা বাহাৰুল ইছলামে সামাজিক মাধ্যমত পোষ্ট দিয়াৰ পাছত এই ব্যতিক্ৰম গ্ৰুপৰে এগৰাকী সদস্যাই ফোন কৰিছিল অভিনেতাগৰাকীক । এই সন্দৰ্ভত বাহাৰুল ইছলামে কয়, “যেতিয়া মই সামাজিক মাধ্যমত পোষ্টটো দিছিলো, তাৰ ঠিক কিছু সময় পাছতে মই অনুষ্ঠানলৈ গৈ আছোঁ নে নাই সুধি 'ব্যতিক্ৰম গ্ৰুপ'ৰ এগৰাকী সদস্যাই মোক ফোন কৰে । 'ব্যতিক্ৰম গ্ৰুপ'ৰ নামটো শুনাৰ পাছতে মোৰ সন্দেহ হ’বলৈ লয়, কাৰণ পূৰ্বেও এই গ্ৰুপে বঁটা প্ৰদানৰ নামত দালালি কৰাৰ ৰেকৰ্ড আছে ।”
এই অনুষ্ঠানলৈ নিমন্ত্ৰণ দিয়া হোৱা নাছিল বহুতকে

মনোনীত হোৱাৰ পিছতো Filmfare Awards Assam 2026 লৈ নিমন্ত্ৰণ জনোৱা নহ'ল ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা অভিনেতা আদিল হুছেইনক । সমান্তৰালভাৱে নিমন্ত্ৰণ জনোৱা নহ'ল অভিনেতা অৰুণ নাথকে ধৰি কেইবাগৰাকীও নবীন-প্ৰবীণ অভিনেতাক । যি সময়ত মুম্বাইৰ পৰা বিমানযোগে বহুতকে এই অনুষ্ঠানলৈ অনা হৈছিল, সেই সময়ত মনোনয়ন লাভ কৰাৰ পাছতো এইসকলক নিমন্ত্ৰণ নজনোৱাটো একেবাৰে লজ্জাজনক কথা বুলি মন্তব্য প্ৰকাশ অভিনেতা বাহাৰুল ইছলামৰ ।
উল্লেখ্য যে, সম্পূৰ্ণ বিনামূলীয়াকৈ বাহাৰুল ইছলামে বিচাৰকৰ দায়িত্ব পালন কৰিছিল । ইমানৰ পাছতো অভিনেতাগৰাকীৰ লগত কৰা এই অপমান সন্দৰ্ভত এতিয়া সাংস্কৃতিক মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । বঁটা বিজয়ীৰ পৰাই এই টকা আহৰণ কৰাৰ আশংকা নুই কৰা নাই সচেতন মহলে । নিজৰ ভোটৰ বিপৰীতে বঁটা দিলে জাঙুৰ খাই উঠিব পাৰে বুলিয়ে হয়তো বিচাৰকক নিমন্ত্রণ দিয়া নাছিল আয়োজকে ।

আনহাতে আয়োজকে চিনেমাৰ বাবে আবেদন জাননী কেতিয়া আৰু ক'ত দিছিল, কিমান চিনেমাই আবেদন কৰিছিল, কিমান চিনেমাক প্ৰাথমিক পৰ্য্যায়ৰ বাবে নিৰ্বাচিত কৰা হৈছিল ? এই সকলোবোৰক লৈ এতিয়া সৃষ্টি হৈছে প্ৰশ্নৰ । আনহাতে এই অনুষ্ঠানৰ পৰা দূৰত ৰখা হৈছিল সংবাদ মাধ্যমকো ।
লগতে পঢ়ক :
ঐক্যতানৰ গৌৰৱময় সোণালী জয়ন্তী : সাংস্কৃতিক যাত্ৰাৰ ৫০ বছৰ আৰু ‘আয়ুৰেখা’

