ফিফা বিশ্বকাপ ২০২৬: মুকলি অনুষ্ঠানৰ মঞ্চ পোহৰাব কোনে ?
মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ উদ্বোধনী খেলৰ আগতে ১১ জুনত মেক্সিকোত ফিফা ৱৰ্ল্ড কাপ আৰম্ভ হ'ব । কেতিয়া-ক'ত কেনেকৈ বিশ্বৰ শ্ৰেষ্ঠ তাৰকাসকলৰ প্ৰদৰ্শন চাব ?

By ETV Bharat Entertainment Team
Published : June 11, 2026 at 2:32 PM IST
হায়দৰাবাদ: ফিফা বিশ্বকাপ ২০২৬ৰ কাউণ্টডাউন শেষ । বৃহস্পতিবাৰৰ পৰা তিনিখন আয়োজক দেশত দৰ্শনীয় অনুষ্ঠানৰ জৰিয়তে আৰম্ভ হ’ব এই আটাইতকৈ ডাঙৰ ফুটবল প্ৰতিযোগিতা ।
সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি, ফিফা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তিনিটা পৃথক উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে । উদ্বোধনী মেচৰ পূৰ্বে মেক্সিকো চিটি, টৰণ্ট’ আৰু লছ এঞ্জেলছত উৎসৱমুখৰ অনুষ্ঠান অনুষ্ঠিত হ’ব ।
মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচৰ পূৰ্বে বৃহস্পতিবাৰে মেক্সিকো চহৰত আৰম্ভ হ’ব ফিফা বিশ্বকাপৰ উদযাপন । ভাৰতীয় দৰ্শকে এই অনুষ্ঠান তথা খেল ডিডি স্পৰ্টছ আৰু ZEE5ত উপভোগ কৰিব পাৰিব ৷
Duniya ka sabse bada sport. Aur usske sabse bade 🐐🐐
— ZEE5Official (@ZEE5India) June 11, 2026
Poora India watchega.
Fifa World Cup 2026.
Celebration begins tonight live and exclusive only on #ZEE5#PooraIndiaWatchega #FIFAOnZee5 pic.twitter.com/Es3zR1lD39
মুকলি অনুষ্ঠানত কোন কোন তাৰকা উপস্থিত থাকিব ?
বিশ্ববিখ্যাত সংগীত তাৰকা শ্বাকিৰা আৰু বাৰ্না বয়ে ফিফা বিশ্বকাপৰ অফিচিয়েল গীত ‘দাই দাই’ পৰিবেশন কৰিব । শ্বাকিৰা আৰু বাৰ্না বয়ৰ সৈতে আন বিশিষ্ট শিল্পীসকলে মেক্সিকো চহৰত অনুষ্ঠান পৰিৱেশন কৰিব ৷ আলেজান্দ্ৰ' ফাৰ্ণাণ্ডেজ, বেলিণ্ডা, ডেনি অ'চেন, জে বালভিন, লিলা ডাউন্স, লছ এঞ্জেলছ এজুলেছ, মানা আৰু টাইলাই অনুষ্ঠান পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে ।
Lighting up the night sky in Mexico City for the #FIFAWorldCup ✨#NovaSkyStories pic.twitter.com/K3uW3iw2Y1
— FIFA World Cup (@FIFAWorldCup) June 11, 2026
টৰণ্ট’ৰ অনুষ্ঠানত কানাডীয় শিল্পীসকলৰ এটা শক্তিশালী দলে অংশ ল'ব ৷ ইয়াত আছে এলানিছ মৰিছেট, এলেছিয়া কাৰা, আলিয়ানা, জেছী ৰেইয়েজ, মাইকেল বুবলে, সঞ্জয়, ভেজড্রিম, উইলিয়াম প্ৰিন্স আৰু ভাৰতৰ পৰা নোৰা ফতেহী । আনহাতে, লছ এঞ্জেলছ বিভিন্ন দেশৰ শিল্পীসকলক স্বাগতম জনাবলৈ সাজু হৈছে ৷ তেওঁলোকৰ ভিতৰত আছে কেটি পেৰী, ফিউচাৰ, অনিতা, লিছা, ৰেমা আৰু টাইলা । সকলোৱে নাচ-গানৰে ফিফাৰ মঞ্চখন সজাই তুলিব বুলি আশা কৰা হৈছে ।
অনুষ্ঠানটো কেতিয়া আৰু ক’ত সম্প্ৰচাৰ হ’ব ?
ফিফা বিশ্বকাপ ফুটবলৰ উদ্বোধনী অনুষ্ঠান বৃহস্পতিবাৰে নিশা ভাৰতীয় সময় নিশা ১১ বজাৰ পৰা আৰম্ভ হোৱাৰ পাছত প্ৰথমখন মেচ আয়োজক দেশ মেক্সিকো আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ'ব ৷
ভাৰতীয় দৰ্শকে ফিফা বিশ্বকাপৰ খেলবোৰ ZEE5ত চাবলৈ পাৰিব ৷
FIFA ৰ তথ্য অনুসৰি, গান-নাচ আৰু শৈল্পিক প্ৰদৰ্শনৰ জৰিয়তে মেক্সিকান সংস্কৃতিক কেন্দ্ৰবিন্দুলৈ অনোৱাৰ ব্যৱস্থা কৰা হ'ব, য'ত আধুনিক লোকশিল্পীসকলৰ লগতে স্থানীয় আৰু আদিবাসী শিল্পীসকলেও অংশ ল'ব বুলি জনা গৈছে ।
ফিফাৰ ফাইনেলতো থাকিব বিশেষ চমক
আমোদজনক কথাটো হ’ল, কেৱল উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে এই ফিফা ৱৰ্ল্ড কাপ উদযাপন শেষ হ'ব নোৱাৰে । ১৯ জুলাইত নিউয়ৰ্ক-নিউ জাৰ্ছি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপৰ ফাইনেলত পপ তাৰকা শ্বাকীৰাই পুনৰবাৰ দৰ্শকক মোহিত কৰিব ।
মেডোনা আৰু বিটিএছো উপস্থিত থাকিব এই অনুষ্ঠানত ৷ এই তাৰকা শিল্পীসকলে প্ৰতিযোগিতাখনৰ হাফটাইম শ্ব’ৰ সময়ত অভিনয় কৰিবলৈ সাজু হৈছে । ফাইনেলৰ হাফ-টাইম শ্ব’ ক'ল্ড প্লে’ ফ্ৰণ্টমেন ক্ৰীছ মাৰ্টিনে কিউৰেট কৰিছে । ই ফিফা গ্লোবেল চিটিজেন এডুকেশ্বন ফাণ্ডক সমৰ্থন কৰিছে । খবৰ অনুসৰি, বিশ্বজুৰি শিশুসকলৰ বাবে শিক্ষা আৰু ফুটবলৰ সুযোগ প্ৰসাৰ কৰাৰ লক্ষ্যৰে এই উদ্যোগ গ্ৰহণ কৰা হৈছে ।
লগতে পঢ়ক : কেৰিয়াৰত মগন শ্বাকীৰা ! কিয় ক’লে "প্ৰেম কৰিবলৈ সময় নাই" ?

