ETV Bharat / entertainment

নিক জোনাছৰ প্রিয় হোলীৰ স্মৃতি : পত্নী প্ৰিয়ংকাৰ সৈতে শ্বেয়াৰ কৰিলে আৱেগিক ফটো

নিক জোনাছে পত্নী প্ৰিয়ংকা চোপ্ৰাৰ সৈতে উদযাপন কৰা এটা বিশেষ 'হোলী'ৰ স্মৃতি ৰোমন্থন কৰি এখন পুৰণি ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ।

Favorite Holi memories of Nick Jonas singer shares an emotional picture with Priyanka Chopra
নিক জোনাছৰ প্রিয় হোলীৰ স্মৃতি (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : March 4, 2026 at 12:19 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : চাৰিওফালে ভিন্ন ৰঙৰ সমাহাৰ ৷ হোলীৰ উছাহত মতলীয়া দেশবাসী ৷ ইয়াৰ মাজতে দেশৰ জোঁৱাই খ্যাত বিখ্যাত গায়ক তথা অভিনেতা নিক জোনাছে পুৰণি ফটো শ্বেয়াৰ কৰি সকলোকে ফাকুৱাৰ শুভেচ্ছা যাচিছে ৷ তাৰকাগৰাকীয়ে এই ফটোখনক তেওঁৰ অন্যতম প্ৰিয় স্মৃতি বুলি অভিহিত কৰিছে । ছবিখনৰ জৰিয়তে অনুৰাগীসকলে প্ৰিয়েকা আৰু নিক জোনাছৰ ৰঙীন হোলী উদযাপনৰ এক আমোদজনক মুহূৰ্ত দেখিবলৈ পাইছে ।

এই ফটোখনত নিক আৰু প্ৰিয়ংকাক নানা ৰঙত বিলীন হৈ একেলগে ফাকুৱা উদযাপন কৰা দেখা গৈছে । পৰম্পৰাগত সাজ-পাৰ পিন্ধা প্ৰিয়ংকাক হাঁহিমুখীয়া ৰূপত দেখা গৈছে । তেওঁ মৰমেৰে নিকক পাছফালৰ পৰা সাৱটি ধৰি আছে আৰু নিকেও তেওঁলৈ মৰমেৰে চাই থকা দেখা গৈছে ।

ফটোখন শ্বেয়াৰ কৰি নিকে কেপশ্যনত লিখিছে, "মোৰ অন্যতম প্ৰিয় ফাকুৱাৰ এটি পুৰণি স্মৃতি । সকলোকে ফাকুৱাৰ শুভেচ্ছা জনালোঁ !" এই দম্পতীয়ে প্ৰায়ে ভাৰতীয় উৎসৱসমূহ একেলগে উদযাপন কৰা দেখা যায় ।

নিকে তেওঁৰ বহুতো সাক্ষাৎকাৰত প্ৰায়ে উল্লেখ কৰিছে যে তেওঁ ভাৰতীয় উৎসৱসমূহ উদযাপন কৰি বৰ ভাল পাই; বিশেষকৈ প্ৰতিটো উৎসৱৰ অন্তৰালত থকা বিশেষ তাৎপৰ্যবোৰ জানি তেওঁ আপ্লুত হয় ।

২০১৮ চনত প্ৰিয়ংকাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিছৰে পৰা গায়কগৰাকীক ভাৰতীয় পৰম্পৰা আৰু উৎসৱসমূহ অতি উৎসাহেৰে আদৰি লোৱা দেখা গৈছে ৷ ভাৰতীয় সংস্কৃতিৰ প্ৰতি থকা তেওঁৰ এই ইতিবাচক দৃষ্টিভংগী আৰু পত্নী প্ৰিয়ংকা চোপ্ৰাৰ প্ৰতি থকা অপৰিসীম মৰমৰ বাবেই ভাৰতত প্ৰিয়ংকাৰ অনুৰাগীসকলে তেওঁক মৰমেৰে 'জিজু' বুলি সম্বোধন কৰে ।

পপ তাৰকা নিক জোনাছ তেওঁৰ পত্নী প্ৰিয়ংকা চোপ্ৰাৰ এগৰাকী প্ৰকৃত সমৰ্থক ৷ শেহতীয়াকৈ নিকে প্ৰিয়ংকাৰ গানসমূহত ৰীলছ বনাবলৈ লোৱা কথাটোৱে তাৰেই ইংগিত দিয়ে ৷ পত্নীৰ পুৰণি বলীউড ছবিসমূহক নিজৰ আমোদজনক শৈলীৰে প্ৰশংসা কৰিবলৈ আৰম্ভ কৰিছে নিকে ।

প্ৰিয়ংকা আৰু বিপাশা বসু অভিনীত ২০০৫ চনৰ জনপ্ৰিয় গীত ‘তেৰী দুলহন সজাওংগী’ৰ (Teri Dulhan Sajaungi) প্ৰশংসা কৰি নিকে ছচিয়েল মিডিয়াত এটা আমোদজনক ৰীলছ শ্বেয়াৰ কৰিছে, য’ত তেওঁক দোচা খাই থকা দেখা গৈছে ।

ভিডিঅ’টোৰ সৈতে তেওঁ এটা লেখা শ্বেয়াৰ কৰিছিল য’ত লিখা আছিল, “যেতিয়া ৰাতিপুৱাৰ জলপানৰ বুফেত দোচা থাকে ।” ইয়াৰ কেপশ্যনত তেওঁ লিখিছিল, “দিছ ছং হিটছ ।”

ইয়াৰ পূৰ্বেও নিকে প্ৰিয়ংকাৰ আন বহুতো হিট গানৰ তালে তালে নাচিছে, যাৰ ফলত তেওঁ ভাৰতীয় অনুৰাগীসকলৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : বলীউডৰ জনপ্ৰিয় ৰোমাণ্টিক গীতৰ সৈতে উদযাপন কৰক ৰঙৰ উৎসৱ