ETV Bharat / entertainment

মহানায়কৰ ন্য়ায়ৰ দাবীত সমাধিক্ষেত্ৰত ঢোলৰ গুমগুমণি

সোণাপুৰৰ জুবিন ক্ষেত্ৰত ঢোলৰ চলনা পৰিৱেশন ।

Tribute to Zubeen Garg in cremation site Sonapur
সোণাপুৰৰ জুবিন ক্ষেত্ৰত ঢোলৰ চলনা পৰিৱেশন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 23, 2025 at 2:56 PM IST

2 Min Read
Choose ETV Bharat

সোণাপুৰ: দেওবাৰ মানেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত জনতা সোঁত । আন দিনৰ তুলনাত আজিৰ দিনটোত পূণ্য়তীৰ্থলৈ পৰিণত হোৱা সংগীতৰ মহানায়কৰ সমাধিক্ষেত্ৰত পুৱাৰে পৰাই অনুৰাগীৰ ভিৰ হৈ আহিছে । কোনোবাই আহি যদি সংগীত পৰিৱেশন কৰিছে,আন কোনোবাই আকৌ বাদ্য়যন্ত্ৰৰ সুৰেৰে প্ৰাণৰ শিল্পীগৰাকীলৈ জনাইছে শ্ৰদ্ধাঞ্জলি । ইয়াৰ মাজতেই আজি জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত হঠাতেই শুনা গ'ল ঢোলৰ গুমগুমণি ।

আজিও সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ আহিছে অনুৰাগী । ঢোলৰ গুমগুমণিৰে জীপাল জুবিন ক্ষেত্ৰ। ঈশ্বৰপুত্ৰৰ শেষ বিশ্ৰামস্থলীত অন্যদিনৰ দৰে দেওবাৰৰ দিনটোতো পুৱাৰে পৰা উজনি-নামনিৰ বিভিন্ন স্থানৰ পৰা ভিৰ কৰিছে অনুৰাগীয়ে । প্ৰাণৰ শিল্পীগৰাকীৰ সুবাস বিচাৰি দূৰ-দূৰণিৰ পৰা অহা অনুৰাগীয়ে ধূপ-বন্তি,অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচা অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনাইছে । জুবিন ক্ষেত্ৰত আজি পুৱাতে উপস্থিত হয় গুৰু সীমান্ত তামুলীৰ নেতৃত্বত অহা এদল শিক্ষাৰ্থী ।

সোণাপুৰৰ জুবিন ক্ষেত্ৰত ঢোলৰ চলনা পৰিৱেশন (ETV Bharat Assam)

গুৱাহাটীৰ শিল্পগ্ৰামত আজি অনুষ্ঠিত পাঞ্চজন্য কলাকেন্দ্ৰৰ উদ্যোগত আৰু উত্তৰ-পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত ঢোলবাদন চক্ৰ আৰু অন্তৰংগ আলাপ অনুষ্ঠানৰ পূৰ্বে জুবিন ক্ষেত্ৰত তেওঁলোকে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায় লয় আৰ্শীবাদ । ঢোল সংস্কৃতিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা অনুষ্ঠানটোৰ ২৫ বছৰীয়া যাত্ৰাৰ মুহূৰ্তত প্ৰাণৰ শিল্পী গৰাকীৰ ন্যায় কামনা কৰি তেওঁলোকে ঢোলৰ চলনা পৰিৱেশন কৰে ।

Tribute to Zubeen Garg in cremation site Sonapur
সোণাপুৰৰ জুবিন ক্ষেত্ৰত ঢোলৰ চলনা পৰিৱেশন (ETV Bharat Assam)

মহানায়কৰ মৃত্য়ুৰ তদন্ত বিচাৰি শিল্পী সীমান্ত তামুলীয়ে কয়, "জুবিন দাৰ অনাকাংক্ষিত মৃত্য়ুত ন্য়ায় বিচাৰিছো । ঢোল সংস্কৃতিৰ চৰ্চাৰ আমাৰ বহু বছৰ হৈছে । মই ঢোলৰ শিক্ষা প্ৰদান কৰি ইয়াৰ হকে কাম কৰি আহিছো । ধুবুৰীৰ পৰা শদিয়ালৈ বিভিন্ন জিলাত আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ-ছাত্ৰী আছে । এই বছৰ আমি ঢোল বাদনৰ শিক্ষা দি থকাৰ ২৫ বছৰ পূৰ্ণ হোৱা বাবে ছাত্ৰ-ছাত্ৰী সকলে ভাবিলে কিবা এটা অনুষ্ঠান কৰো । শিল্পগ্ৰামত তাৰে কাৰ্যসূচী আছে ঢোলৰ চাপৰিত সমন্বয়ৰ সেতু বান্ধো । এই কাৰ্যসূচীৰ পূৰ্বে আমি জুবিনদাৰ ওচৰত শ্ৰদ্ধাঞ্জলি জনায় চলনা পৰিৱেশন কৰিছো । চলনা হ'ল ঢোলৰ মংগলসূচক বজানা । সেয়ে আমি জুবিন দাৰ ন্যায় কামনা কৰি জুবিন দাই যি ধৰণৰে চিন্তা কৰিছিল,যি কথা কৈ গৈছিল সেয়া যেন প্ৰতিষ্ঠা হয় তাকে কামনা কৰিছো ।"

Tribute to Zubeen Garg in cremation site Sonapur
সোণাপুৰৰ জুবিন ক্ষেত্ৰত ঢোলৰ চলনা পৰিৱেশন (ETV Bharat Assam)

লগতে পঢ়ক:নিশাই জুবিন ক্ষেত্ৰ পালেহি বাংলা গায়িকা, অনুৰাগীৰ মাজত মানস ৰবীনে গালে মায়াবিনী, ৫৩ক লৈ চলিছে মহৎ কাৰ্য

সোণাপুৰৰ জুবিন ক্ষেত্ৰত হকী বিশ্বকাপৰ ট্ৰফী