এইবাৰ ফেলকন ফেষ্টিভেলৰ মুখ্য আকৰ্ষণ বিশাল মিশ্ৰা-শিল্পা ৰাও
উমৰাংচ'ৰ 11 সংখ্যক ফেলকন ফেষ্টিভেলত 12 আৰু 13 ডিচেম্বৰত সংগীতানুষ্ঠান পৰিৱেশন কৰিব বলীউডৰ দুই জনপ্ৰিয় কণ্ঠশিল্পীয়ে ৷

By ETV Bharat Entertainment Team
Published : December 9, 2025 at 1:44 PM IST
হায়দৰাবাদ : শীতৰ আগমনৰ লগে লগে উত্তৰ-পূবৰ প্ৰায় প্ৰতিখন ৰাজ্যই অনুষ্ঠিত কৰে বিভিন্ন ফেষ্টিভেলৰ ৷ ঠায়ে ঠায়ে প্ৰকৃতিয়ে নতুন ৰূপ লোৱাৰ সমান্তৰালকৈ দেশী-বিদেশী চৰাইৰ আগমনে প্ৰকৃতি বিনন্দীয়া কৰি তোলে ৷ তাৰ মাজতে ফেষ্টিভেলসমূহে আয়োজন কৰা প্ৰিয় শিল্পীৰ সংগীতানুষ্ঠান চাবলৈ বিভিন্ন ঠাইৰ লোকে ভিৰ কৰেহি সেই ঠাইসমূহত ৷
অন্য ঠাইসমূহৰ দৰে অসমৰ ডিমা হাছাওতো মানুহৰ মাজত বিৰাজ কৰিছে উৎকণ্ঠাই, কিয়নো ডিমা হাছাও সাজু হৈছে 11 সংখ্যক ফেলকন ফেষ্টিভেল অনুষ্ঠিত কৰিবলৈ ৷ ডিমা হাছাওৰ উমৰাংচ' গ’ল্ফ ক’ৰ্ট এতিয়া ফেষ্টিভেলথলীলৈ পৰিণত হৈছে ৷ ফেলকন ফেষ্টিভেলক উক্ত ঠাইডোখৰৰ এটা অন্যতম ফেষ্টিভেল হিচাপে গণ্য কৰা হয় ৷
ফেলকন ফেষ্টিভেলৰ আহ্বায়ক দিতেন লাংথাছাই সমগ্ৰ অনুষ্ঠানটো সন্দৰ্ভত জানিবলৈ দিয়া মতে, এই বছৰ এই মহোৎসৱত স্থানীয় প্ৰতিভাৰ লগতে বলীউডৰ সংগীত শিল্পীৰ গীতৰ সমাহাৰ ঘটিব ৷ বলীউডৰ কেবাগৰাকীও জনপ্ৰিয় শিল্পীক এই বছৰ অনুষ্ঠান পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে ৷
আহ্বায়ক দিতেন লাংথাছাই জনোৱা মতে সংগীত সুৰকাৰ তথা গায়ক বিশাল মিশ্ৰাই ফেলকন ফেষ্টিভেলৰ আৰম্ভণিৰ দিনা অৰ্থাৎ 12 ডিচেম্বৰত অনুষ্ঠান পৰিৱেশন কৰিব ৷
অনুষ্ঠানৰ দ্বিতীয় দিনা সুৰৰ মায়াজাল ৰচিব আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী শিল্পা ৰাওৱে ৷
মঞ্চত আকৰ্ষণীয় উপস্থাপনৰ বাবে জনাজাত নেপথ্য গায়িকা নিকিতা গান্ধীয়ে তৃতীয় দিনা শ্ৰোতা-দৰ্শকক মুগ্ধ কৰিবলৈ সাজু হৈছে ৷
ফেলকন ফেষ্টিভেলত সংগীতানুষ্ঠানৰ লগতে থাকিব বিভিন্ন চৰকাৰী বিপণি, য’ত ডিমা হাছাওৰ উন্নয়ন, কল্যাণমূলক পদক্ষেপ আদিকে ধৰি বিভিন্ন দিশ দাঙি ধৰা হ'ব ৷
লগতে পঢ়ক : জুবিন গাৰ্গক স্মৰণ কৰি শীতৰ সেমেকা সন্ধিয়া সংগীতৰ মায়াজাল প'ষ্ট মেলনৰ

