ETV Bharat / entertainment

ফেলকন মহোৎসৱৰ মঞ্চ হৈ পৰিল জুবিনময়; হাৰ্টথ্ৰৱক শ্ৰদ্ধাঞ্জলি জনালে বলীউডৰ কণ্ঠশিল্পী বিশাল মিশ্রই

উমৰাংছ’ৰ ১১ সংখ্যক ফেলকন ফেষ্টিভেলত বলীউডৰ কণ্ঠশিল্পী বিশাল মিশ্রই কণ্ঠৰ যাদুৰে মোহিলে শ্ৰোতা-দৰ্শকক ৷

falcon festival 2025 bollywood singer vishal mishra pays tribute to zubeen garg by singing mayabini Ya Ali
জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি বলীউডৰ কণ্ঠশিল্পী বিশাল মিশ্রৰ (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : December 13, 2025 at 12:43 PM IST

3 Min Read
Choose ETV Bharat

হাফলং : ‘জয় জুবিন দা জয়, জুবিন দা আই লাভ ইউ’- ফেলকন মহোৎসৱৰ মঞ্চত জুবিন গাৰ্গলৈ এইদৰে শ্ৰদ্ধাঞ্জলি জনালে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্রই । মায়াবিনী, য়া আলি গীত গাই ফেলকন মহোৎসৱৰ মঞ্চত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক স্মৰণ কৰে বিশালে ।

উত্তৰ-পূৰ্বৰ জনপ্ৰিয় মহোৎসৱসমূহৰ ভিতৰত অন্যতম এটা মহোৎসৱ হৈছে ফেলকন মহোৎসৱ । এই ফেলকন মহোৎসৱত দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে উমৰাংছলৈ । এইবাৰো বহু পৰ্যটকৰ আগমন ঘটিছে ফেলকন মহোৎসৱলৈ ।

বলীউডৰ কণ্ঠশিল্পী বিশাল মিশ্রই কণ্ঠৰ যাদু (ETV Bharat Assam)

অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ পৰ্যটন কেন্দ্ৰ হিচাপে পৰিচিত উমৰাংছ’ৰ প্ৰাকৃতিক মনোমোহা দৃশ্যৰে ভৰপূৰ নিউটুংবুং গাঁৱৰ গল্ফ খেলপথাৰ আৰু কপিলী জলাশয়ৰ ওচৰতে অনুষ্ঠিত ১১ সংখ্যক ফেলকন মহোৎসৱৰ উদ্বোধন কৰে ৰাজ্যৰ গাঁও পঞ্চায়ত আৰু পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যনিৰ্বাহ সদস্য প্ৰবীতা জহৰি আৰু পৰিষদৰ সদস্য ধৃতি থাওচেন ।

FALCON FESTIVAL 2025
জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্র (Photo : ETV Bharat Assam)

শুকুৰবাৰ সন্ধিয়া ফেলকন মহোৎসৱৰ সূচনা কৰি ৰণজিৎ দাসে কয়, বিগত ২০১৪-১৫ চনত অসমত চাৰি হাজাৰৰো অধিক বিদেশী পৰ্যটকে অসম ভ্ৰমণ কৰিছিল । কিন্তু যোৱা বছৰত অসমসহ ডিমা হাছাও, কাৰ্বি-আংলং আৰু অসমৰ বিভিন্ন পৰ্যটন স্থল ৩০ হাজাৰ পৰ্যটকে ভ্ৰমণ কৰিছে ৷ মন্ত্ৰীগৰাকীয়ে কয়, “অসমৰ পৰ্যটন শিল্পক আমি আগুৱাই লৈ যাব লাগিব । উমৰাংছৰ এই ফেলকন মহোৎসৱ এতিয়া দেশ-বিদেশৰ পৰ্যটকৰ বাবে অতি জনপ্ৰিয় হৈ পৰিছে । ফেলকন মহোৎসৱৰ বাবে এতিয়া উমৰাংছ দেশ বিদেশৰ পৰ্যটকৰ বাবে এখন বিখ্যাত পৰ্যটন কেন্দ্ৰস্থল হিচাপে গন্তব্যস্থান হৈ পৰিছে ৷”

FALCON FESTIVAL 2025
ফেলকন মহোৎসৱৰ আৰম্ভণি (Photo : ETV Bharat Assam)

ইপিনে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই কয়, “একাদশ ফেলকন মহোৎসৱত মন্ত্ৰী ৰণজিৎ দাসে আমাৰ সৈতে যোগদান কৰাৰ বাবে আনন্দিত হৈছো । তেওঁৰ উপস্থিতিয়ে নিশ্চিতভাৱে পৰ্যটনৰ পদক্ষেপক বৃদ্ধি কৰিব । তেওঁৰ সক্ষম আৰু প্ৰেৰণাদায়ক নেতৃত্বত পৰ্যটন খণ্ডত অধিক অগ্ৰগতি আৰু উন্নয়ন দেখিবলৈ আমি আগ্ৰহী ৷”

FALCON FESTIVAL 2025
ফেলকন মহোৎসৱৰ মঞ্চত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Photo : ETV Bharat Assam)

উল্লেখ্য যে, ফেলকন মহোৎসৱৰ প্ৰথম দিনাই উত্তৰ-পূবলৈ প্ৰথমবাৰৰ বাবে অহা বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশাল মিশ্রই বিপুল দৰ্শকক মোহিত কৰি তোলে। ফেলকন মহোৎসৱৰ দ্বিতীয় দিনা বলীউডৰ আৰু এগৰাকী প্ৰখ্যাত কণ্ঠশিল্পীৰ সৈতে নৰ্থ ইষ্টৰ গ্ৰেণ্ড মিউজিকেল ইভেণ্ট অনুষ্ঠিত হ’ব । ১২ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা এই ফেলকন মহোৎসৱ সামৰণি পৰিব ১৪ ডিচেম্বৰত ।

FALCON FESTIVAL 2025
অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাও (Photo : ETV Bharat Assam)

ফেলকন মহোৎসৱলৈ আহিলে আপুনি দেখা পাব ডিমা হাছাও জিলাৰ লোক সংস্কৃতি আৰু ইয়াৰ পৰম্পৰাগত জনগোষ্ঠীৰ বিভিন্ন লোক সংস্কৃতি ৷ পৰম্পৰাগত হস্ততাঁত শিল্পৰ প্ৰদৰ্শনীৰ লগতে পৰম্পৰাগত সাজপাৰৰ প্ৰদৰ্শনীও আছে ৷ লগতে উপভোগ কৰিব পাৰিব জনজাতীয় থলুৱা খাদ্য ।

লগতে পঢ়ক : এইবাৰ ফেলকন ফেষ্টিভেলৰ মুখ্য আকৰ্ষণ বিশাল মিশ্ৰা-শিল্পা ৰাও