ETV Bharat / entertainment

ঈশ্বৰপুত্ৰক আদৰিবলৈ সাজু ৰাজ্যৰ প্ৰতিটো ছবিগৃহ, যোৰহাটত কোনে ফালিলে প'ষ্টাৰ ?

শুকুৰবাৰে অসমৰ প্ৰতিটো ছবিগৃহলৈ আহিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ । মৰমৰ শিল্পীগৰাকীৰ অন্তিমখন ছবি উপভোগ কৰিবলৈ সাজু দৰ্শক, সাজু ছবিগৃহৰ কৰ্তৃপক্ষ ।

Every cinema hall in the state is ready for the screening of Zubeen Garg's last movie
ৰৈ ৰৈ বিনালে ছবিৰ বাবে সাজু ছবিগৃহ, দুস্কৃতিকাৰীয়ে ফালিলে প'ষ্টাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 30, 2025 at 8:23 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট/হাফলং: কাইলৈ অৰ্থাৎ শুকুৰবাৰে ছবিগৃহলৈ আহিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জীৱনৰ অন্তিমখন ছবি 'ৰৈ ৰৈ বিনালে' । তেওঁ নোহোৱা হোৱাৰ বেদনা বুকুত লৈয়েই অসমবাসী সাজু হৈছে ছবিখন উপভোগ কৰিবলৈ । ইতিমধ্যে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ছবিখন মুক্তিৰ বাবে ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে ।

যোৰহাটত ৬:৩০ বজাৰ পৰা আৰম্ভ হ'ব 'ৰৈ ৰৈ বিনালে'ৰ দৰ্শনী:

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰো কেইবাটাও ছবিগৃহত মুক্তিলাভ কৰিব 'ৰৈ ৰৈ বিনালে' । একেদৰে যোৰহাটতো পুৱা ৬:৩০ বজাৰ পৰা আৰম্ভ হ'ব জুবিন গাৰ্গৰ সপোনৰ ছবিখনৰ দৰ্শনী । দুটাকৈ ছবিগৃহত কাইলৈৰ পৰা চলিব অসমবাসীয়ে আশাৰে ৰৈ থকা ছবিখনৰ দৰ্শনীসমূহ ।

যোৰহাটত সাজু দুটাকৈ ছবিগৃহ (ETV Bharat Assam)

ছবিখনৰ প্ৰতিটো দৰ্শনী যাতে সুকলমে প্ৰদৰ্শিত হয় তাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে যোৰহাট নগৰৰ দুটাকৈ ছবিগৃহৰ কৰ্তৃপক্ষ । এই সন্দৰ্ভত আইনক্স ছবিগৃহৰ কৰ্তৃপক্ষৰ এজন লোকে কয়,"আমাৰ হৃদয়ৰ স্পন্দন জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে ছবিখন সুকলমে উপভোগ কৰাৰ স্বাৰ্থত জিলা প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে । ইতিমধ্যে যোৰহাটৰ তিনিটা ছবিগৃহত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে ।"

পুৱা ৬:৩০ বজাৰ প্ৰথম দৰ্শনী আৰম্ভ হ'ব, শেষৰটো দৰ্শনী নিশা ১০:৩০ বজাত । মুঠ স্ক্ৰীনৰ সংখ্যা ১২খন । লগতে চাৰিসপ্তাহলকৈ আইনক্স ছবিগৃহত অন্য ছবি প্ৰদৰ্শন নহয় বুলিও তেওঁ সদৰী কৰে ।

কোকৰাঝাৰ পিছত যোৰহাটত দুষ্কৃতিকাৰীয়ে ফালিলে 'ৰৈ ৰৈ বিনালে' প'ষ্টাৰ:

ঈশ্বৰপুত্ৰৰ সপোনৰ ছবিখনক দৰ্শকৰ মাজলৈ লৈ অনাৰ ব্যাপক যো-জা চলাই থকাৰ মাজতে কোকৰাঝাৰৰ পিছত জুবিনৰ গৃহচহৰ যোৰহাটত কোনো দুষ্কৃতিকাৰীয়ে ফালিলে ৰৈ ৰৈ বিনালে কেইবাখনো প'ষ্টাৰ । যোৰহাট নগৰ মাজমজিয়াত থকা আইনক্স ছবিগৃহৰ সন্মুখতে পুৱতি নিশা কোনো দুষ্কৃতিকাৰীয়ে ছবিখনৰ প'ষ্টাৰ ফালি পেলায় । এই ঘটনাই সমগ্ৰ যোৰহাটতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ।

এই ঘটনা সন্দৰ্ভত আইনক্স কৰ্তৃপক্ষই কয়,"আমি নিশা ১১ বজালকৈ হলতে আছিলোঁ । প'ষ্টাৰ ফলা ঘটনা হৈছে যদি পুৱতি নিশাহে হৈছে । মানসিক বিকাৰগ্ৰস্ত লোকে এই ঘটনা সংঘটিত কৰাৰ অৱকাশ আছে ।

টিকটৰ মূল্য বৃদ্ধি কৰিছে নেকি ছবিগৃহৰ কৰ্তৃপক্ষই:

আনহাতে টিকট বৃদ্ধিৰ প্ৰসংগত আইনক্স ছবিগৃহৰ কৰ্তৃপক্ষৰ এজন লোকে কয়,"আমি টিকটৰ মূল্য বৃদ্ধি কৰা নাই । বিদুৰভাই, ৰঘুপতি চিনেমাৰ সময়ত টিকটৰ যি মূল্য আছিল, সেই মূল্যই আছে ৰৈ ৰৈ বিনালে ছবিখনৰ ক্ষেত্ৰতো ।

হাফলঙৰ একমাত্ৰ ছবিগৃহ হামৰিংদি ছবিগৃহতো হাউচফুল:

হাফলঙৰ একমাত্ৰ ছবিগৃহ হামৰিংদি চিনেমা হলত চলিব ৰৈ ৰৈ বিনালে (ETV Bharat Assam)

'ৰৈ ৰৈ বিনালে'ক লৈ হাফলং চহৰতো দেখা গৈছে ব্যাপক ব্যস্ততা । হাফলং চহৰৰ একমাত্ৰ ছবিগৃহ হামৰিংদি চিনেমা হলতো শুকুৰবাৰে মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ ছবি 'ৰৈ ৰৈ বিনালে' । সেয়ে শুকুবাৰলৈ অপেক্ষা কৰি আছে সকলোৱে ।

হামৰিংদি চিনেমা হলৰ মেনেজাৰ বিক্ৰমজিৎ ঘোষে কয়,"আমাৰ ইয়াত চাৰিটা শ্ব’ আছে । ৩১ অক্টোবৰৰ দিনৰ ১১ টাৰ, ২ টাৰ, সন্ধিয়া ৫ বজাৰ আৰু নিশা ৮ বজাৰ টিকট বিক্ৰী হৈ গৈছে । শুকুৰবাৰ শনিবাৰ আৰু দেওবাৰৰ টিকট বুকিং হৈ গৈছে ।"

লগতে পঢ়ক: উত্তৰ-পূৰ্বাঞ্চলত ৯১খন, সমগ্ৰ দেশত ৮৫খন স্ক্ৰীনত শুকুৰবাৰৰ পৰা 'ৰৈ ৰৈ বিনালে'

উৎকণ্ঠা বাঢ়িছে অসমীয়াৰ, ৰূপালী পৰ্দাত সজীৱ ৰূপত আহিব হিয়াৰ আমঠু জুবিন