হাৰমনিয়াম লৈ এজাক কণ-কণ শিক্ষাৰ্থীৰ মাজত তৰালী শৰ্মা
টীয়কত কণমানি শিক্ষাৰ্থীৰ মাজত সংগীতশিল্পী তৰালী শৰ্মা ৷ উৎফুল্লিত কণ কণ প্ৰশিক্ষাৰ্থী ৷

Published : July 15, 2026 at 7:19 PM IST
যোৰহাট: টীয়কস্থিত মহালক্ষ্মী সংগীত বিদ্যালয়ে আয়োজন কৰা চাৰিদিনীয়া সংগীত কৰ্মশালাৰ বুধবাৰে অন্ত পৰে ৷ চাৰিদিনীয়া সংগীত কৰ্মশালাৰ অন্তিম দিনা উপস্থিত থাকে অসমৰ জনপ্ৰিয় সংগীত শিল্পী তৰালী শৰ্মা ৷
উল্লেখ্য যে, মহালক্ষ্মী সংগীত বিদ্যালয়ে আয়োজন কৰা চাৰিদিনীয়া সংগীত কৰ্মশালাত প্ৰায় শতাধিক ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । উক্ত কৰ্মশালাতে পংকজ জ্যোতি বৰুৱাই প্ৰশিক্ষণ প্ৰদান কৰে শিক্ষাৰ্থীক ৷
সামৰণি অনুষ্ঠানতে বিশিষ্ট কণ্ঠশিল্পী তৰালী শৰ্মাই সংগীতৰ ধাৰাসমূহৰ লগতে বৰগীত, আধুনিক গীত, দিহানাম আদিৰ বিষয়ে শিক্ষাৰ্থীসকলক প্ৰাৰম্ভিক শিক্ষা প্ৰদান কৰে ৷ ইফালে কাষতে তৰালী শৰ্মাক পাই উৎফুল্লিত হৈ পৰে কণ কণ প্ৰশিক্ষাৰ্থীসকল । প্ৰশিক্ষাৰ্থীসকলৰ মাজত সংগীতৰ প্ৰতিভা দেখি তেওঁ অভিভূত হৈ পৰে । লগতে অংশগ্ৰহণ কৰা শিক্ষাৰ্থীসকল বহু প্ৰতিভাসম্পন্ন বুলি সংবাদ মাধ্যমত উল্লেখ কৰে ।
তৰালী শৰ্মাই কয়,"মহালক্ষ্মী সংগীত বিদ্যালয়ে চাৰিদিনীয়াকৈ এখন সংগীতৰ কৰ্মশালা আয়োজন কৰি শিক্ষাৰ্থীক সংগীতৰ জ্ঞান দিছে । অসমৰ গোটেই সংগীতৰ যিমান ধাৰা আছে সকলোখিনি কম সময়ৰ ভিতৰত শিকোৱাটো অসম্ভৱ । তথাপিও শিক্ষাৰ্থীসকলৰ সংগীতৰ প্ৰাৰম্ভিক জ্ঞান থকাটো উচিত ৷ সংগীত মানেনো কি, গীত গোৱা, গীটাৰ বজোৱা, খোল বজোৱাটোৱে সংগীত নহয়, তাৰ ওপৰতো বহুতখিনি কথা নিৰ্ভৰ কৰে ।"
তেওঁ লগতে কয়,"আমি চৰ্চাহে কৰিছো আৰু মত-বিনিময় কৰিছো আৰু কিছুমান গান শিকাবলৈ প্ৰয়াস কৰিছো ৷ সেইখিনিকে শিক্ষাৰ্থীক শিকাবলৈ চেষ্টা কৰিছো । বিভিন্ন ধাৰাবোৰ অলপ অলপ চুই যাবলৈ চেষ্টা কৰিছো ৷ ইয়াত অংশগ্ৰহণ কৰা ছাত্র-ছাত্ৰীসকল বহু প্ৰতিভাসম্পন্ন, সেয়ে এই কৰ্মশালাত থাকি ছাত্র-ছাত্ৰীসকলক শিকাই ভাল লাগিল । ভৱিষ্যতে এইসকল ছাত্র-ছাত্ৰী সংগীতৰ ক্ষেত্ৰখনত আগুৱাই যাব বুলি আশা কৰিছো ৷"
লগতে পঢ়ক: ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ

