নিৰিবিলি পৰিৱেশত শাল গছৰ ছাঁৰ তলত এইবাৰ এদিনৰ বাবে বহিল নাট্যমেলা
উদুলি-মুদুলি বাদুংডুপ্পা নাট্য কলাকেন্দ্ৰৰ বাকৰি । আৰম্ভ হ’ল বাদুংডুপ্পা নাট্য কলাকেন্দ্ৰৰ ষোল্লদশ নাট্য সমাৰোহ ‘আণ্ডাৰ দ্যা শাল ট্ৰি’ ।

By ETV Bharat Entertainment Team
Published : December 16, 2025 at 12:26 PM IST
|Updated : December 16, 2025 at 1:01 PM IST
গোৱালপাৰা : সোমাবাৰে এদিনীয়াকৈ অনুষ্ঠিত হ'ল বাদুংডুপ্পা কলাকেন্দ্ৰৰ ষোল্লদশ বাৰ্ষিক থিয়েটাৰ মহোৎসৱ ‘আণ্ডাৰ দ্যা শাল ট্ৰি’ । উদুলি-মুদুলি কলাকেন্দ্ৰৰ বাকৰি । বাদুংডুপ্পা কলা কেন্দ্ৰৰ জনক তথা স্বনামধন্য নাট্যকাৰ প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ সম্পৰীক্ষণমূলক এক প্ৰকাৰৰ নাট্য আন্দোলন হ'ল ‘আণ্ডাৰ দ্যা শাল ট্ৰি’ ৷ এইবেলি এদিনীয়াকৈ অনুষ্ঠিত হৈছে গোৱালপাৰা জিলাৰ ৰামপুৰত থকা বাদুংডুপ্পা কলাকেন্দ্ৰৰ বাকৰিত আণ্ডাৰ দ্যা শাল ট্ৰি ।
নিৰিবিলি পৰিৱেশৰ মাজত মুকলি আকাশৰ তলত আৰু অৰণ্য সদৃশ শাল গছৰ মাজত প্ৰদৰ্শন কৰা হৈছে সৰ্বমুঠ ৩ খনকৈ নাটক । শাল গছৰ তলত প্ৰাকৃতিক মঞ্চৰ লগতে বাঁহেৰে নিৰ্মাণ কৰা গেলাৰীত সহস্ৰাধিক দৰ্শকে বহি তিনিখনকৈ নাটক উপভোগ কৰিলে ।
আন্তঃৰাষ্ট্ৰীয় থিয়েটাৰ মহোৎসৱ ‘আণ্ডাৰ দ্যা শাল ট্ৰি’ত প্ৰদৰ্শন হোৱা এই নাটককেইখনৰ দৰ্শকৰূপে উপস্থিত থাকে দেশৰ বিভিন্ন প্ৰান্তৰ নাট্যপ্ৰেমীৰ লগতে বহু কেইগৰাকী বিদেশী নাট্যকাৰ । উল্লেখ্য যে, বাদুংডুপ্পা হৈছে বাঁহেৰে নিৰ্মিত এটি বাদ্যযন্ত্ৰ, যি ৰাভা জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে আৰু এই বাদ্যযন্ত্ৰটিৰ নামেৰেই নামাকৰণ কৰা হৈছিল নাট্য সম্ৰাট শুক্ৰাচাৰ্য ৰাভাৰ সপোনৰ বাদুংডুপ্পা কলাকেন্দ্ৰ ।

এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে বিশিষ্ট সাংবাদিক দিলীপ চন্দনে ৷ বাদুংডুপ্পা নাট্যকলা কেন্দ্ৰত প্ৰদৰ্শিত হোৱা নাটককেইখন ক্ৰমে- মদন ৰাভাৰ ৰচিত আৰু ধনঞ্জয় ৰাভাৰ পৰিচালিত ৰাভা ভাষাৰ ‘ৰণজুমুক’, অংশুমান শইকীয়াৰ পৰিচালিত অসমীয়া নাটক ‘এদিন তেওঁ আহিব’ আৰু অনুপ হাজৰিকাৰ হিন্দী নাটক ‘ডেৰ ইঞ্চ ওপৰ’ ৷
প্ৰণিধানযোগ্য যে, বাদুংডুপ্পা নাট্য কলাকেন্দ্ৰৰ পৰিচালক মদন ৰাভাই জানিবলৈ দিয়া মতে, এইবেলি সময় আৰ্থিক আৰু কিছু কাৰিকৰী সমস্যাৰ বাবে এদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে ‘আণ্ডাৰ দ্যা শাল ট্ৰি’ নাট্য মহোৎসৱ ।

আনহাতে এইবাৰ ‘আণ্ডাৰ দ্যা শাল ট্ৰি’ মহোৎসৱত ছান ফ্ৰান্সিকোৰ পৰা আহি উপস্থিত হয় এগৰাকী অসমীয়া যুৱতী ৷ জন্ম অসমত কিন্তু ডাঙৰ-দীঘল হৈছে বিদেশত ৷ নাম শ্ৰেয়া পূজাৰী, তেওঁ ৰাভা সংগীতৰ ওপৰত গৱেষণা কৰি আছে ৷ তেওঁ কয়, "বহুত মন আছিল চাবলৈ, বহুত বছৰৰ পৰা শুনি আছিলো ৷ এতিয়া অৱশেষত আহিবলৈ পালো, বহুত ভাল লাগিল ৷ অৰ্গেনিক ভাইবছ এটা আহিছে ৷"
লগতে পঢ়ক : উত্তৰ-পূব আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চলচ্চিত্ৰ মহোৎসৱ, ভিলেজ ৰকষ্টাৰ্ছ ২-ৰ ট্ৰেইলাৰ মুকলি

