ৰিয়েলিটী শ্ব’ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চাত দীপু বৰা
জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই জি বাংলাই আয়োজন কৰা ৰিয়েলিটী শ্ব’ত দীপু বৰাই অংকন কৰিলে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৷

By ETV Bharat Entertainment Team
Published : November 3, 2025 at 6:00 PM IST
ডিব্ৰুগড়: অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী । প্ৰিয় শিল্পীগৰাকীক হেৰুৱাই আজিও স্বাভাৱিক হ'ব পৰা নাই অসমৰ ৰাইজ । শিল্পী জুবিন গাৰ্গৰ এই মৃত্যুৰ উচিত তদন্তৰ দাবী সামাজিক মাধ্যমৰ জৰিয়তে সকলোৱে জনাই আহিছে । কেৱল অসমতে নহয় বিশ্বৰ ভিন্ন প্ৰান্তত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বিভিন্নজনে সাব্যস্ত কৰিছে প্ৰতিবাদ ।
ইয়াৰ মাজতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছন চেনেলৰ ৰিয়েলিটী শ্ব'ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি চৰ্চা লাভ কৰিছে খোৱাঙৰ দীপু বৰা নামৰ চিত্ৰশিল্পীগৰাকীয়ে । ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিৰ কুশল চন্দ্ৰ বৰা আৰু অমীয়া বৰাৰ পুত্ৰ দীপু বৰা । বৰ্তমান তেওঁ যোৰহাট দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত ।
হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি ৰাজ্যজুৰি সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছিল দীপু বৰা । জুবিন গাৰ্গে নিজৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল তেওঁ অংকন কৰা ছবি । শেহতীয়াকৈ Zee Bangla নামৰ টেলিভিছন চেনেলৰ ৰিয়েলিটী শ্ব'ত প্ৰাণৰ শিল্পীগৰাকীৰ মহাপ্ৰয়াণত তেওঁলৈ শ্ৰদ্ধা জনাই দীপু বৰাক জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰাৰ সুবিধা প্ৰদান কৰে কৰ্তৃপক্ষই ।
অতি জনপ্ৰিয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছন চেনেলৰ ৰিয়েলিটী শ্ব’ "সা ৰে গা মা" ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি অনুষ্ঠানত উপস্থিত থকা সকলোৰে পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয় দীপু বৰা । ইতিমধ্যে ১ নৱেম্বৰৰ দিনা সম্প্ৰচাৰ হৈ যায় সেই বিশেষ অনুষ্ঠানটোৰ ।


দীপু বৰাই জুবিন গাৰ্গৰ ছবি অংকন কৰাৰ সময়ত "সা ৰে গা মা"ৰ ৰিয়েলিটী শ্ব'ত উপস্থিত আছিল কুমাৰ চানু, জীত গাংগুলীৰ লগতে দেশৰ বহুকেইজন বিশিষ্ট ব্যক্তি । উল্লেখ্য যে, উক্ত "সা ৰে গা মা" ৰিয়েলিটী শ্ব'টোত কেইবা বছৰৰ পূৰ্বে জুবিন গাৰ্গে বিচাৰক হিচাপে অংশগ্ৰহণ কৰিছিল । সেয়ে Zee Bangla নামৰ টেলিভিছন চেনেলৰ কৰ্তৃপক্ষই এইদৰে জুবিন গাৰ্গৰ ছবি অংকন কৰি শিল্পীগৰাকীলৈ জনালে শ্ৰদ্ধাঞ্জলি ।


আনহাতে চিত্ৰশিল্পী দীপু বৰাই কেইবছৰমান পূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুবিশাল কেনভাচ অংকন কৰি সাতটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান পাবলৈ সক্ষম হৈছিল, লগতে লণ্ডনৰ ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্ছিটীৰ পৰা ডক্টৰেট ডিগ্ৰী পাবলৈ সক্ষম হৈছিল । ইয়াৰ উপৰিও শিল্পীগৰাকীয়ে নিজৰ হাত ৰচীৰে বান্ধি ওপৰৰ পৰা ওলমি ভৰিৰে আঁকিছিল জুবিন গাৰ্গৰ এখন বৃহৎ প্ৰতিচ্ছবি । জুবিন গাৰ্গৰ এই বৃহৎ প্ৰতিচ্ছবিখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগতে ছবি অংকন কৰা শৈলী দেখি খোদ জুবিন গাৰ্গে প্ৰশংসা কৰিছিল তেওঁৰ ।



অনুষ্ঠানত সকলোৱে জুবিন গাৰ্গক উচ্চ প্ৰশংসা কৰা লগতে জয়ধ্বনি দিছিল :
ৰাষ্ট্ৰীয় পৰ্যায়ৰ অতি জনপ্ৰিয় টেলিভিছন চেনেলৰ ৰিয়েলিটী শ্ব’ "সা ৰে গা মা" ত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰিবলৈ সুবিধা লাভ কৰা চিত্ৰশিল্পী দীপু বৰাই কয়, "জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই Zee Bangla নামৰ টেলিভিছন চেনেলৰ "সা ৰে গা মা" ৰিয়েলিটী শ্ব'টোত জুবিন গাৰ্গৰ ছবি অংকন কৰিবলৈ তেওঁলোকে মোক সুযোগ দিছিল । জুবিন গাৰ্গৰ অফিচিয়েল পেজত মই পূৰ্বে অঁকা ছবি তেওঁলোকে দেখিছিল । সেইবাবেই তেওঁলোকে মোক জুবিন গাৰ্গৰ ছবি অংকন কৰিবলৈ আমন্ত্ৰণ জনায় । অনুষ্ঠানত সকলোৱে জুবিন গাৰ্গক উচ্চ প্ৰশংসা কৰা লগতে জয়ধ্বনি দিয়াত মই জুবিন গাৰ্গৰ ছবি অংকন কৰিবলৈ লৈ কঁপি উঠিছিলো । মই আৱেগিক হৈ পৰিছিলো ।”
লগতে পঢ়ক : বৰাক উপত্যকাত জুবিন গাৰ্গৰ জন্মদিন উদযাপনৰ বাবে প্ৰস্তুতি পূৰ্ণগতিত

