‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেটেড সংস্কৰণ চাই থানা পালেগৈ মহিলা
জুবিন গাৰ্গৰ ছবি ‘ৰৈ ৰৈ বিনালে’ৰ পাইৰেটেড কপি চোৱাৰ অপৰাধত আটক মহিলা ।

By ETV Bharat Entertainment Team
Published : November 8, 2025 at 12:26 PM IST
হায়দৰাবাদ : ৰৈ ৰৈ বিনালেৰ পাইৰেচীৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছে সকলো ৷ জুবিন অনুৰাগী, জুবিন ফেন ক্লাবৰ সদস্যৰ লগতে মনোৰঞ্জন জগতৰ সকলোৱেই এই কাৰ্যৰ পৰা সকলোকে দূৰত থাকিবলৈ আহ্বান জনাইছে ৷ কিন্তু দৈনিক নতুন নতুন খবৰ পাইৰেচীৰ ওলায়ে আছে ৷
শেহতীয়াকৈ এগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে ৷ জুবিন গাৰ্গ অভিনীত অসমৰ প্ৰথমখন মিউজিকেল ড্ৰামা “ৰৈ ৰৈ বিনালে”ৰ পাইৰেটেড সংস্কৰণ মোবাইল ফোনত চাই থকা অৱস্থাত ডিব্ৰুগড় আৰক্ষীয়ে মৰাণ অঞ্চলৰ এগৰাকী মহিলাক আটক কৰি ৰাখিছে ।
জোনটি গগৈ নামৰ মহিলাগৰাকীৰ মৰাণৰ হাউচফুল টকীজৰ সমীপত ফাষ্ট ফুডৰ ষ্টল আছে বুলি এক বাতৰিয়ে প্ৰকাশ কৰিছে । খবৰ অনুসৰি স্থানীয় লোকে তেওঁক চিনেমাখন চাই থকা দেখাৰ লগে লগে জুবিন ফেনক্লাবৰ সদস্যসকলক অৱগত কৰি দিয়ে ।
এই গোপন সূত্ৰৰ ভিত্তিত জুবিন ফেনক্লাবৰ সদস্যসকলে মৰাণ থানাত এজাহাৰ দাখিল কৰে ৷ এজাহাৰৰ ভিত্তিত বিষয়াসকলে মহিলাগৰাকীক সোধ-পোছৰ বাবে আটক কৰে । আৰক্ষীয়ে ফৰেনছিক পৰীক্ষাৰ বাবে মহিলাগৰাকীৰ মোবাইল ফোনটোও জব্দ কৰে ৷
জেৰাৰ সময়ত জোনটি গগৈয়ে দাবী কৰে যে এজন গ্ৰাহকে এটা ৱেবছাইটৰ পৰা সম্পূৰ্ণ চিনেমাখন ডাউনলোড কৰি তেওঁৰ সৈতে শ্বেয়াৰ কৰিছিল । তদন্তকাৰী আৰক্ষীয়ে বিচাৰি উলিয়াই সেই গ্ৰাহকজনকো আটক কৰে ৷ এতিয়া পাইৰেটেড কণ্টেণ্টৰ অনলাইন উৎস বিচাৰি আছে আৰক্ষীয়ে । অৱশ্যে জেৰাৰ পিছত দুয়োকে যাবলৈ দিয়ে আৰক্ষীয়ে ৷
জুবিন ফেনক্লাবৰ সদস্যই চিনেমাখন প্ৰচাৰ কৰা ব্যক্তি আৰু ৱেবছাইট আপলোড কৰা ব্যক্তিৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে । ডিজিটেল পাইৰেচী ৰোধৰ বাবে দোষীৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা ল’বলৈ আৰু ছাইটটো বন্ধ কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে তেওঁলোকে ।
আৰক্ষীয়ে নিশ্চিত কৰিছে যে পাইৰেচী নেটৱৰ্কৰ সৈতে জড়িত আন লোকসকলক চিনাক্ত কৰাৰ বাবে তদন্ত চলি আছে ৷ আৰু অধিক লোক গ্ৰেপ্তাৰ হ’ব পাৰে বুলি সকীয়াই দিছে আৰক্ষীয়ে ।
বিষয়াসকলে উল্লেখ কৰে যে এই কাণ্ডই অনলাইন পাইৰেচীৰ ধাৰাবাহিক ভাবুকিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ৷ বহু কেইটা অভিযান চলোৱাৰ পিছতো অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ ক্ষতি অব্যাহত ৰাখিছে পাইৰেচীয়ে ।
লগতে পঢ়ক : 'ৰৈ ৰৈ বিনালে’ ছবিখনে সম্পূৰ্ণ কৰিলে এসপ্তাহ

