ETV Bharat / entertainment

গ্লোবেল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল সৌন্দৰ্য প্ৰতিযোগিতাত শিশু শাখাত উজলিল হেমা কেওঁট

দিল্লীত অনুষ্ঠিত Global India International সৌন্দৰ্য প্ৰতিযোগিতাত শিশু শাখাত উজলিল হেমা কেওঁট ৷ কিড্ছ বি শাখাত বিজয়ী খিতাপ অৰ্জন কৰিলে ডিব্ৰুগড় খোৱাঙৰ কন্যাই ৷

Dibrugarh khowang girl wins Global India International competition in kids b section held in delhi
সৌন্দৰ্য প্ৰতিযোগিতাত শিশু শাখাত উজ্বলিল হেমা কেওঁট (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : January 8, 2026 at 5:46 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : নতুন দিল্লীত অনুষ্ঠিত Global India International সৌন্দৰ্য প্ৰতিযোগিতাত শিশু শাখাত খিতাপ লাভ কৰি অসমৰ লগতে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়াই আনিলে হেমা কেওঁটে ৷ ডিব্ৰুগড় জিলাৰ খোৱাঙৰ ১ নং মাধকলি গাঁৱৰ নিবাসী তথা অসম আৰক্ষীৰ জোৱান ৰমেশ কেওঁট আৰু প্ৰমিলা কেওঁটৰ কন্যা হেমাই প্ৰতিযোগিতাখনত Kids B শাখাত শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰে ৷

বিগত বৰ্ষৰ ৩০ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাখনত সফলতা অৰ্জন কৰি ঘৰত উপস্থিত হোৱা হেমাক স্থানীয় ৰাইজে উষ্ম অভিনন্দন জ্ঞাপন কৰে ৷ খোৱাং ডনবস্ক' স্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী হেমা কেওঁটে ইয়াৰ পূৰ্বে অসমৰ ডিব্ৰুগড়, শিৱসাগৰ, গুৱাহাটীকে ধৰি কেইবাটাও স্থানত আয়োজিত সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰি সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল ৷ এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি মৰাণ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা হেমা কেওঁটৰ সাফল্যত আনন্দিত অঞ্চলবাসী ৷

বিজয়ী হেমা কেওঁটৰ লগতে পিতৃ-মাতৃৰ ভাষ্য (ETV Bharat Assam)

এই সফলতা লাভ কৰি আনন্দিত হেমা কেওঁট :

Kids B শাখাত শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰা হেমা কেওঁটে কয়,"মৰাণৰ পৰাই সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা আৰম্ভ কৰি ক্ৰমান্বয়ে ডিব্ৰুগড়, নাজিৰা, গুৱাহাটী আদি বিভিন্ন ঠাইত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পাছত এইবাৰ দিল্লীত অংশগ্ৰহণ কৰোঁ ।‌ Kids B শাখাত শ্ৰেষ্ঠ প্ৰতিযোগীৰ সন্মান লাভ কৰিছোঁ । এই সফলতা লাভ কৰি খুবেই আনন্দিত হৈছোঁ ।

Dibrugarh khowang girl wins Global India International competition in kids b section held in delhi
কিড্ছ বি শাখাৰ বিজয়ী হেমা কেওঁট (Photo : ETV Bharat Assam)
Dibrugarh khowang girl wins Global India International competition in kids b section held in delhi
পিতৃ-মাতৃৰ সৈতে হেমা কেওঁট (Photo : ETV Bharat Assam)
dibrugarh-khowang-girl-hema-keut-wins-global-india-international-competition-in-kids-b-section-held-in-delhi
বিজয়ী হেমা কেওঁট (Photo : ETV Bharat Assam)

সৰুৰে পৰাই আছিল নৃত্যৰ প্ৰতি আগ্ৰহী:

নতুন দিল্লীত অনুষ্ঠিত Global India International সৌন্দৰ্য প্ৰতিযোগিতাত শিশুৰ শাখাত খিতাপ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা হেমা কেওঁটৰ পিতৃয়ে কয়, "তাই সৰুৰে পৰাই নৃত্যৰ প্ৰতি বহুত আগ্ৰহী আছিল । সেয়ে আমি নৃত্য বিদ্যালয়ত নামভৰ্তি কৰি দিছিলোঁ । তেওঁলোকৰ বিদ্যালয়ে সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল । তাতে মাকে তাইক অংশগ্ৰহণ কৰাইছিল । তাতে তাই ভাল প্ৰদৰ্শন কৰিছিল । মৰাণত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল । তেতিয়াৰ পৰাই মাকে ইচ্ছা কৰিছিল মডেলিঙত আগবঢ়াই নিবলৈ । মাকে বহুত কষ্ট কৰে তাইক মডেলিঙত আগবঢ়াই নিছে । তাইৰ এই সফলতাত আমি অতি সুখী ।”

লগতে পঢ়ক : ভাৰতৰ অস্কাৰ এণ্ট্ৰি ‘হোমবাউণ্ড’ একাডেমী বঁটা ২০২৬ত পৰৱৰ্তী ভোটিং ৰাউণ্ডলৈ আগবাঢ়িছে