ETV Bharat / entertainment

দুগৰাকী পত্নী-ছটাকৈ সন্তানৰ সৈতে ধৰ্মেন্দ্ৰৰ আছে এক বৃহৎ পৰিয়াল

ধৰ্মেন্দ্ৰৰ পৰিয়ালত কোন কোন আছে চাওঁ আহক ।

Dharmendra's Family Tree
ছানী-ববীৰ সৈতে ধৰ্মেন্দ্ৰ (Photo : ETV Bharat)
author img

By ETV Bharat Entertainment Team

Published : November 26, 2025 at 11:03 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ধৰ্মেন্দ্ৰৰ মৃত্যুৱে বলীউডত এক পাহৰিব নোৱাৰা ছাপ পেলাইছে । সমগ্ৰ বলীউড আজি শোকস্তব্ধ ৷ অৱশ্যে নিজৰ কৰ্মৰাজিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত সদায় জিলিকি থাকিব ।

৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰা অভিনেতা ধৰ্মেন্দ্ৰ দীৰ্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল । ৬ দশকৰো অধিক সময় ধৰি ৰূপালী পৰ্দাত শাসন চলালে তেওঁ । ৩০০ ৰো অধিক ছবিত কাম কৰিছে অভিনেতাগৰাকীয়ে । শেষৰখন ছবি এই বছৰৰে ডিচেম্বৰ মাহত মুক্তি পোৱাৰ কথা ৷

এইগৰাকী অভিনেতাৰ সাংসাৰিক জীৱন কিন্তু সদায় বহুতৰে বাবে আলোচনাৰ বিষয় হৈ আহিছে ৷ অভিনেতাগৰাকীৰ পৰিয়ালত কোন কোন আছে চাওঁ আহক ।

Dharmendra's Family Tree
ধৰ্মেন্দ্ৰৰ পৰিয়াল কিমান ডাঙৰ জানেনে ? (Photo : ETV Bharat)

ধৰ্মেন্দ্ৰৰ প্ৰথম বিবাহ, সন্তান, নাতি-নাতিনী

১৯৫৪ চনত প্ৰকাশ কৌৰৰ সৈতে প্ৰথম বিবাহপাশত আবদ্ধ হয় ধৰ্মেন্দ্ৰ । তেওঁলোকৰ চাৰিটা সন্তান আছে । দুই পুত্ৰ আৰু দুগৰাকী কন্যা । ছানী দেওল, ববী দেওল, বিজেতা আৰু অজিতা ।

ছানীৰ পত্নীৰ নাম পূজা দেওল । তেওঁলোকৰ দুই পুত্ৰ সন্তান- কৰণ আৰু ৰাজবীৰ । ২০২৩ চনত কৰণ বিবাহপাশত আবদ্ধ হয় তেওঁৰ দীৰ্ঘদিনীয়া বন্ধু দিশা আচাৰ্যৰ সৈতে ৷ আনহাতে ৰাজবীৰৰ এতিয়াও বিয়া হোৱা নাই ।

১৯৯৬ চনত ববীয়ে তানিয়া আহুজাক বিয়া কৰায় । তেওঁলোকৰো দুই পুত্ৰ সন্তান- আৰ্যমন আৰু ধৰম । ছানী-ববীৰ ভনীয়েক দুগৰাকী কেতিয়াও লাইমলাইটলৈ অহা নাছিল । ব্যক্তিগত জীৱনক লৈয়ে ব্যস্ত তেওঁলোক । এগৰাকী মনোবিজ্ঞানৰ শিক্ষক আৰু আনগৰাকী ডাঙৰ ব্যৱসায়ী ।

বিজেতা ১৯৮৮ চনত ব্যৱসায়ী বিবেক গিলৰ সৈতে বিবাহপাশত আবদ্ধ হয় । তেওঁলোকৰ এগৰাকী কন্যা প্ৰেৰণা আৰু এজন পুত্ৰ সাহিল । বিজেতাৰ ঘৰ দিল্লীত । আনহাতে অজিতাই হৰিকিৰণ সিং চৌধুৰীৰ সৈতে বিয়াত বহে । তেওঁলোকৰ দুগৰাকী কন্যা নিকিতা আৰু প্ৰিয়ংকা ।

ধৰ্মেন্দ্ৰৰ দ্বিতীয় বিবাহ, সন্তান, নাতি-নাতিনী

এতিয়া আহিল হেমা মালিনীৰ কথা -

শ্বুটিং ছেটত বলীউডৰ ড্ৰীম গাৰ্ল হেমা মালিনীৰ প্ৰেমত পৰে ধৰ্মেন্দ্ৰ । সেই প্ৰেমৰ পৰিণতিত ১৯৮০ চনত ধৰ্মেন্দ্ৰ পুনৰ বিবাহপাশত আবদ্ধ হয় ।

ধৰ্মেন্দ্ৰ আৰু হেমাৰ দুগৰাকী কন্যা ঈশা আৰু আহানা । ঈশা ব্যৱসায়ী ভৰত তখতানিৰ লগত বিয়াত বহে । পিছে দুয়োৰে বিবাহ বিচ্ছেদ হয় । ভৰতৰ সৈতে ঈশাৰ দুগৰাকী কন্যা ৰাধ্যা আৰু মীৰায়া । ধৰ্মেন্দ্ৰৰ কনিষ্ঠা কন্যা আহানা বৈভৱ বোহৰাৰ সৈতে বিয়াত বহে । দম্পতীটোৰ যমজ কন্যা আৰু এজন পুত্ৰ সন্তান আছে ।

অৰ্থাৎ ধৰ্মেন্দ্ৰৰ ২ গৰাকী পত্নী (প্ৰকাশ কৌৰ-হেমা মালিনী), ৬ গৰাকী সন্তান (২ গৰাকী পুত্ৰ-৪ কন্যা), ২ গৰাকী বোৱাৰী (পূজা-তানিয়া), ৪ গৰাকী জোঁৱাই, ৯ গৰাকী নাতি আৰু এগৰাকী নাতিৰ বোৱাৰী (দিশা আচাৰ্য) আছে ।

ধৰ্মেন্দ্ৰৰ ভায়েকৰ পৰিয়াল

ধৰ্মেন্দ্ৰৰ একমাত্ৰ ভাতৃ অজিত দেওল । তেৱোঁ ধৰ্মেন্দ্ৰৰ দৰে ছবিত কাম কৰিছিল । কিন্তু তেওঁ খ্যাতি লাভ কৰিব নোৱাৰিলে । অজিতে ধৰ্মেন্দ্ৰৰ ‘বীৰতা’, ‘মেহেৰবানী’ আৰু ‘প্ৰতিজ্ঞা’ ছবিত কাম কৰিছিল । অজিতৰ পুত্ৰ অভয় দেওল বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেতা । ২০১৫ চনত অজিত দেওলৰ দেহাৱসান ঘটে ।

ধৰ্মেন্দ্ৰৰ মাতৃৰ পৰিয়ালৰ ফালৰ পৰা ককাক আছিল পাঞ্জাবী চিনেমাৰ প্ৰাক্তন তাৰকা বীৰেন্দ্ৰ সিং দেওল । ধৰ্মেন্দ্ৰৰ পিতৃ চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল ।

লগতে পঢ়ক : প্ৰতিটো মেজাজৰ বাবে এটা ধৰ্মেন্দ্ৰৰ গীত