পাপাৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰাসকলক ধন্যবাদ : ঈশা দেওল
ঈশা দেওলে দিলে পিতৃৰ স্বাস্থ্যৰ খবৰ ৷ সংবাদ মাধ্যমক মিছা বাতৰি বিয়পোৱাৰ পৰা আঁতৰি থাকিবলৈ ক’লে ধৰ্মেন্দ্ৰ কন্যাই ৷

By ETV Bharat Entertainment Team
Published : November 11, 2025 at 10:07 AM IST
|Updated : November 11, 2025 at 11:14 AM IST
হায়দৰাবাদ : অভিনেতা ধৰ্মেন্দ্ৰৰ কন্যা অভিনেত্ৰী ঈশা দেওলে মঙলবাৰে পিতৃৰ মৃত্যুৰ বাতৰি খণ্ডন কৰিছে । অভিনেতা ধৰ্মেন্দ্ৰৰ মৃত্যু হোৱা বুলি উল্লেখ কৰা সংবাদ মাধ্যমক সম্বোধন কৰি অভিনেত্ৰী ঈশা দেওলে কয় যে ধৰ্মেন্দ্ৰৰ বৰ্তমানৰ অৱস্থা সুস্থিৰ আৰু তেওঁ লাহে লাহে সুস্থ হৈ উঠিছে ৷ এই সংবেদনশীল মুহূৰ্তত ঈশাই পৰিয়ালৰ বাবে সকলোৰে পৰা গোপনীয়তা বিচাৰিছে ।
ইনষ্টাগ্ৰাম হেণ্ডেলত ঈশা দেওলে লিখিছে, "দেখা গৈছে যে সংবাদ মাধ্যম যেন অনিয়ন্ত্ৰিত হৈ আছে আৰু ভুৱা বাতৰি বিয়পাইছে । মোৰ দেউতা সুস্থিৰ আৰু সুস্থ হৈ উঠিছে । আমি সকলোকে অনুৰোধ কৰিছো যে আমাৰ পৰিয়ালক গোপনীয়তা দিয়ক । পাপা সোনকালে সুস্থ হৈ উঠাৰ বাবে কৰা প্ৰাৰ্থনাৰ বাবে ধন্যবাদ ।"
অভিনেতাগৰাকী চিকিৎসালয়ত ভৰ্তি হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত ভিন্ন ধৰণৰ বাতৰি বিয়পি পৰে ৷ এই উৰাবাতৰি খণ্ডন কৰি ধৰ্মেন্দ্ৰৰ জ্যেষ্ঠ পুত্ৰ ছানী দেওলে এটা আপডেট শ্বেয়াৰ কৰি কয় যে, তেওঁৰ পিতৃৰ অৱস্থা পৰ্যবেক্ষণৰ অধীনত সুস্থিৰ হৈ উঠিছে আৰু অভিনেতাগৰাকীৰ আশু আৰোগ্যৰ বাবে সকলোকে প্ৰাৰ্থনা কৰিবলৈ আৰু আহ্বান জনায় ।
ছানী দেওলৰ দলে এক বিবৃতিত কৈছে, "মিষ্টাৰ ধৰ্মেন্দ্ৰ সুস্থিৰ আৰু পৰ্যবেক্ষণৰ অধীনত আছে । অধিক মন্তব্য আৰু আপডেট পিছত শ্বেয়াৰ কৰা হ'ব । অনুগ্ৰহ কৰি তেওঁৰ স্বাস্থ্য সন্দৰ্ভত ভুৱা বাতৰি বিয়পোৱাৰ পৰা বিৰত থাকক ৷ সকলোকে অনুৰোধ জনালোঁ যে তেওঁৰ আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰক আৰু পৰিয়ালৰ গোপনীয়তাৰ অধিকাৰক সন্মান কৰক ।"
I thank everyone for their concern about Dharam ji who is in hospital for observation. He is being continuously monitored and we are all with him.🙏 I request you all to pray for his welfare and speedy recovery. pic.twitter.com/gJhYLL28Wh
— Hema Malini (@dreamgirlhema) November 10, 2025
ইয়াৰ পূৰ্বে সোমবাৰে ধৰ্মেন্দ্ৰৰ পত্নী তথা ৰাজনীতিবিদ হেমা মালিনীয়েও অভিনেতাগৰাকীৰ বিষয়ে অনুৰাগীক অৱগত কৰে । হেমা মালিনীয়ে লিখিছে, "পৰ্যবেক্ষণৰ বাবে চিকিৎসালয়ত থকা ধৰমজীক লৈ কৰা চিন্তাৰ বাবে সকলোকে ধন্যবাদ জনাইছো । তেওঁক নিৰন্তৰ নিৰীক্ষণ কৰা হৈছে, আৰু আমি সকলো তেওঁৰ লগত আছো । আপোনালোক সকলোকে অনুৰোধ জনাইছো, তেওঁৰ মংগল আৰু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰক ।"
লগতে পঢ়ক : বলীউডৰ অভিনেতা ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱনতি, ব্ৰীচ কেণ্ডি হাস্পতালত ভেণ্টিলেটৰত চিকিৎসাধীন

