দেৱ আনন্দৰ প্ৰেমত পৰা অভিনেত্ৰীয়ে মুহিছিল ধৰ্মেন্দ্ৰক
এগৰাকী অভিনেত্ৰীৰ ওপৰত ধৰ্মেন্দ্ৰৰ ইমানেই আকৰ্ষণ আছিল যে তেওঁৰ চিনেমা ৪০ বাৰলৈকে চাইছিল তেওঁ ৷

By ETV Bharat Entertainment Team
Published : November 14, 2025 at 5:22 PM IST
হায়দৰাবাদ : যিগৰাকী অভিনেতাৰ বাবে এসময়ত দেশৰ যুৱতীসকল মতলীয়া আছিল, যাক পৰ্দাত চাবলৈ তেওঁলোকে উদ্বাউল হৈ ৰৈছিল, পৰ্দাত যাৰ উপস্থিতিয়ে প্ৰেমৰ বীজ সিঁচিছিল, সেইগৰাকী অভিনেতাৰ দৃষ্টি কিন্তু নিৱদ্ধ হৈ ৰৈছিল এগৰাকী অভিনেত্ৰীৰ ওপৰত ৷ সেইগৰাকী অভিনেত্ৰী হেমা মালিনী নাছিল । আছিল বলীউডৰ অন্যতম কিংবদন্তি অভিনেত্ৰী সুৰাইয়া ৷
ষাঠি-সত্তৰৰ দশকত অগণন মহিলা অনুৰাগী পৰ্দাত হি-মেনৰ হাঁহি, তেওঁৰ দৈহিক গঠন, তেওঁৰ একশ্যনধৰ্মী চেহেৰা আৰু চিনেমাত তেওঁৰ ৰোমাণ্টিক দৃশ্যৰ প্ৰেমত পৰিছিল । যুৱতীসকলে ধৰ্মেন্দ্ৰক বিয়া পাতিব বিচাৰিছিল, আনহাতে যুৱকসকলে তেওঁৰ ষ্টাইল অনুসৰণ কৰিছিল । ধৰ্মেন্দ্ৰৰ অসাধাৰণ অভিনয় শৈলী, সুন্দৰ চেহেৰা আৰু শাৰীৰিক গঠনে ৰূপালী পৰ্দাত তেওঁৰ যাদু বিয়পাই দিছিল ।
ধৰ্মেন্দ্ৰৰ ক্ৰাছ
বিশ্বাস কৰক বা নকৰক, এইগৰাকী বলীউডৰ অভিনেত্ৰীক দেখিয়েই ধৰ্মেন্দ্ৰ চিনেমাৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু তেওঁ এটা সাক্ষাৎকাৰত এই কথা স্বীকাৰ কৰিছে । কিংবদন্তি অভিনেত্ৰী সুৰাইয়া । উল্লেখনীয় কেৰিয়াৰত কেইবাখনো ছবিত অভিনয় কৰাৰ লগতে গান গাইয়ো দৰ্শকক আপ্লুত কৰিছিল তেওঁ ।
ধৰ্মেন্দ্ৰই এক সাক্ষাৎকাৰত স্বীকাৰ কৰে যে তেওঁ পৰ্দাত সুৰাইয়াক দেখি মোহিত হৈছিল । আনকি সুৰাইয়াৰ বাবেই ‘দিল্লগী’ চিনেমাখন ৪০ বাৰকৈ চাইছিল ধৰ্মেন্দ্ৰই ।
তেওঁ স্বীকাৰ কৰে যে আগতে ডাঙৰ পৰ্দাত সুৰাইয়াৰ আভাস পাবলৈ তেওঁ এঠাইৰ পৰা আন ঠাইলৈ গৈছিল । সুৰাইয়াই ৭০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল । প্লেবেক গায়িকা হিচাপে ৩৩৮টা গীত গাইছিল । অভিনেতা দেৱ আনন্দৰ সৈতে তেওঁৰ যুটি ছবি জগতত যথেষ্ট জনপ্ৰিয় আছিল ।
সুৰাইয়াৰ প্ৰেমিক
যেতিয়া সুৰাইয়াৰ প্ৰতি ধৰ্মেন্দ্ৰৰ আকৰ্ষণ আছিল, শুনা যায় যে সুৰাইয়াই সেই সময়ত অভিনেতা দেৱ আনন্দক ভাল পাই পেলাইছিল । খবৰ অনুসৰি, ১৯৪৮ চনৰ পৰা ১৯৫১ চনলৈকে দেৱ আনন্দৰ সৈতে সুৰাইয়াৰ সম্পৰ্ক আছিল । আনকি বিয়া পাতিবলৈও আগবাঢ়িছিল তেওঁলোক, কিন্তু পৰিয়ালে বাধাৰ সৃষ্টি কৰিছিল । ইয়াৰ পিছত গোটেই জীৱন অবিবাহিত হৈ থাকিল সুৰাইয়া ।
অভিনয় জগতৰ কিংবদন্তি তাৰকাগৰাকীয়ে ১৯৬৩ চনত ৰূপালী পৰ্দাক বিদায় জনায় । ২০০৪ চনত ৭৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল সুৰাইয়াই ।
লগতে পঢ়ক : ধৰ্মেন্দ্ৰৰ সৈতে ছিলভাৰ স্ক্ৰীণ শ্বেয়াৰ অভিনেত্ৰী কামিনী কৌশলৰ মৃত্যু

