ETV Bharat / entertainment

ধৰ্মেন্দ্ৰক দেখি উচপ খাই উঠিছিল চ'ৰাঘৰৰ ছোফাত শুই থকা দিলীপ কুমাৰ

ধৰ্মেন্দ্ৰ আছিল ট্ৰেজেডী কিঙৰ ডাঙৰ অনুৰাগী ৷ তেওঁক লগ পাবলৈয়ে প্ৰথমবাৰৰ বাবে মুম্বাইলৈ আহিছিল অভিনেতাগৰাকী ৷ অনুমতি অবিহনে প্ৰৱেশ কৰিছিল দিলীপ কুমাৰৰ ঘৰত ৷

dharmendra admires tragedy king dilip kumar and came to mumbai for the first time to meet his idol
ধৰ্মেন্দ্ৰ আছিল ট্ৰেজেডী কিঙৰ ডাঙৰ অনুৰাগী (Photo: IANS)
author img

By ETV Bharat Entertainment Team

Published : November 14, 2025 at 1:26 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : চকুত অযুত সপোন আৰু শতিকাৰ ছুপাৰষ্টাৰ দিলীপ কুমাৰৰ প্ৰতি অগাধ ভালপোৱা, সেই ভালপোৱাই বাধ্য কৰিছিল অভিনেতা ধৰ্মেন্দ্ৰক এটা অনাকাংক্ষিত কাম কৰিবলৈ ৷

হি-মেন খ্যাত ধৰ্মেন্দ্ৰ শেহতীয়াকৈ চৰ্চাত আছে তেওঁৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে ৷ নিয়মীয়া পৰীক্ষাৰ বাবে মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত ভৰ্তি হোৱাত অভিনেতাগৰাকীৰ অনুৰাগীসকল চিন্তিত হৈ পৰে ৷ তাৰ পাছতেই উৰিবলৈ লয় বিভিন্ন বা-বাতৰি ৷ পিছে এতিয়া সকলো ওফৰাই ঘৰলৈ উভতিছে তেওঁ ৷ চিকিৎসকে ঘৰতে সেৱা আগবঢ়াব অভিনেতাগৰাকীক ৷

চৰ্চাত থকাৰ সময়তে অভিনেতা ধৰ্মেন্দ্ৰৰ জীৱনৰ এটা আমোদজনক কাহিনী আপোনালোকলৈ আগবঢ়ালো ৷ "ট্ৰেজেডী কিং" খ্যাত দিলীপ কুমাৰৰ প্ৰতি তেওঁৰ আছিল অগাধ ভালপোৱা ৷ এই ভালপোৱাই তেওঁক বাধ্য কৰিছিল নভবা-নুশুনা কাম কৰিবলৈ ৷ এই কথা ধৰ্মেন্দ্ৰই খোদ প্ৰকাশ কৰে ৷ তেওঁ কয় যে, মাত্ৰ এবাৰ নিজ চকুৰে দিলীপ কুমাৰক সন্মুখৰ পৰা চাবলৈ লুকাই চুৰকৈ তেওঁৰ ঘৰত সোমাইছিল ধৰ্মেন্দ্ৰ ।

বহু লোকে নজনা এই ঘটনাটোৰ কথা দিলীপ কুমাৰৰ আত্মজীৱনী "দ্য ছাবষ্টেন্স এণ্ড দ্য শ্বেড" ত উল্লেখ আছে । ১৯৫২ চনৰ কথা, যেতিয়া ধৰ্মেন্দ্ৰই লুধিয়ানাত পঢ়ি আছিল । প্ৰেৰণা বুলি গণ্য কৰা অভিনেতা দিলীপ কুমাৰক এবাৰ লগ পোৱাৰ উদ্দেশ্যৰে তেওঁ প্ৰথমবাৰৰ বাবে মুম্বাই ভ্ৰমণ কৰিছিল ।

ঘটনাটো বৰ্ণনা কৰাৰ সময়ত ধৰ্মেন্দ্ৰই কৈছিল যে, তেওঁ অস্থিৰ হৈ পৰিছিল কিন্তু দৃঢ়প্ৰতিজ্ঞ হৈ দিলীপ কুমাৰৰ ঘৰৰ বাহিৰত বহু সময় থিয় হৈ আছিল । অৱশেষত সাহস গোটাই ভিতৰলৈ সোমাই গৈছিল । গেটত কোনেও তেওঁক বাধা নিদিলে । ওপৰলৈ যোৱা চিৰিয়েদি তেওঁ কিংবদন্তি অভিনেতা দিলীপ কুমাৰৰ কোঠা পাইছিলগৈ, দূৰৰ পৰা দেখি থকা মানুহজন একেবাৰে চকুৰ সন্মুখত ।

ধৰ্মেন্দ্ৰই সেই মুহূৰ্তটো স্পষ্টভাৱে বৰ্ণনা কৰে । "ছোফাত শুই থকা এজন সুদৰ্শন মানুহক দেখিলোঁ । মোক দেখি থতমত খাই তেওঁ নিজৰ গাৰ্ডক চিঞৰি উঠিল ।" দিলীপ কুমাৰে কিতাপখনত প্ৰকাশ কৰিছে যে- "মই ইমানেই ভয় খাইছিলো যে মই পলাই গৈছিলো ।"

বহু বছৰৰ পিছত ১৯৫৮ চনত ভাগ্যই তেওঁলোকক পুনৰ একত্ৰিত কৰে এক শান্ত পৰিৱেশত । ধৰ্মেন্দ্ৰ এখন চলচ্চিত্ৰ প্ৰতিযোগিতাত আছিল আৰু দিলীপ কুমাৰৰ ভগ্নীও তাত আছিল । ধৰ্মেন্দ্ৰক বিজয়ী ঘোষণা কৰাৰ পিছত তেওঁ বিনয়েৰে দিলীপ কুমাৰৰ ভগ্নীক দিলীপ চাহাবক ফোন কৰি তেওঁক লগ কৰিবলৈ অনুৰোধ কৰিলে । সেইদিনা প্ৰথমবাৰৰ বাবে তেওঁ প্ৰেৰণাৰ উৎস দিলীপ চাহাবক লগ পাইছিল ।

ধৰ্মেন্দ্ৰই ইনষ্টাগ্ৰামত দিলীপ চাহাবৰ সৈতে কেবাটাও পোষ্ট শ্বেয়াৰ কৰিছে ৷ বৰ্তমান সকলোৱে অভিনেতাগৰাকীৰ আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা কৰি আছে ।

লগতে পঢ়ক : কেৱল একশ্যনেই নহয়, পৰ্দাত তেওঁৰ ৰোমাণ্টিক মুহূৰ্তয়ো দৃষ্টি নিৱদ্ধ কৰি ৰাখে দৰ্শকৰ