ETV Bharat / entertainment

দিল্লীৰ বিস্ফোৰণত শংকিত জনতা : তাৰকাৰ ক্ষোভ, সম্প্ৰীতিৰ আহ্বান

সিদ্ধাৰ্থ মালহোত্ৰা, ৰবীনা টেণ্ডন, চনু সুদ, থালাপতি বিজয়কে ধৰি অনেক তাৰকাৰ শোক প্ৰকাশ ।

Delhi Red Fort blast Sidharth Malhotra, raveena tandon sonu sood Thalapathy Vijay express grief and called for peace
বলীউড তাৰকা (Photo : ANI)
author img

By ETV Bharat Entertainment Team

Published : November 11, 2025 at 4:58 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : সোমবাৰে নিশা লালকিল্লাৰ সমীপত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণৰ পিছত কঁপি উঠে ভাৰতৰ ৰাজধানী । ৰেড ফ’ৰ্ট মেট্ৰ’ ষ্টেচনৰ ওচৰতে সংঘটিত হোৱা এই বিস্ফোৰণটো যথেষ্ট ভয়ংকৰ আছিল ৷ প্ৰায় ১২ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয় ।

ভাৰতীয় চলচ্চিত্ৰ জগতৰ বিভিন্ন প্ৰান্তৰ চেলেব্ৰিটীসকলে ভুক্তভোগীৰ পৰিয়ালৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰাৰ লগতে এই বিস্ফোৰণক লৈ দুখ প্ৰকাশ কৰে ।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰাসকলৰ ভিতৰত অন্যতম হৈছে অভিনেত্ৰী ৰবীনা টেণ্ডন । এক্সত এই ঘটনাক "ভয়ংকৰ খবৰ" বুলি অভিহিত কৰি তেওঁ লিখে, "দিল্লী বিস্ফোৰণত নিজৰ আপোনজনক হেৰুওৱা সেই সকলো শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা । ভয়ংকৰ খবৰ ।"

মানৱীয় প্ৰচেষ্টাৰ বাবে পৰিচিত চনু সুদেও ছ’চিয়েল মিডিয়াত নিজৰ চিন্তা-চৰ্চা ব্যক্ত কৰে । তেওঁ লিখিছে, "দিল্লীৰ লালকিল্লাৰ সমীপত আজি সংঘটিত হোৱা বিস্ফোৰণৰ ফলত প্ৰভাৱিত হোৱা প্ৰতিজন ব্যক্তিলৈ মোৰ সমবেদনা । আহক আমি ভুক্তভোগীসকলক সমৰ্থন কৰোঁ, এজনে আনজনৰ প্ৰতি দয়াবান হওঁ আৰু শান্তিৰ প্ৰতিশ্ৰুতি দিওঁ ।"

সিদ্ধাৰ্থ মালহোত্ৰাই ইনষ্টাগ্ৰামৰ জৰিয়তে শোক প্ৰকাশ কৰি ক্ষতিগ্ৰস্তসকলৰ প্ৰতি সমৰ্থন জনায় । তেওঁৰ বাৰ্তাটো চমু আছিল যদিও অন্তৰ্নিহিত আৱেগক প্ৰতিফলিত কৰিছিল, এই বিশৃংখলতাৰ সময়ত মানুহক একত্ৰিত হ’বলৈ আহ্বান জনাইছে তেওঁ ।

জনপ্ৰিয় তামিল তাৰকা থালাপাতি বিজয়ে নিজৰ অফিচিয়েল হেণ্ডেলৰ জৰিয়তে এটা বাৰ্তা শ্বেয়াৰ কৰি কয়, "দিল্লীৰ ৰেড ফ'ৰ্ট মেট্ৰ'ৰ ওচৰত সংঘটিত গাড়ী বিস্ফোৰণৰ খবৰত গভীৰভাৱে স্তম্ভিত আৰু দুখী হৈছো, যিয়ে কেবাটাও বহুমূলীয়া প্ৰাণ কাঢ়ি নিয়ে । নিজৰ আপোনজনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি মোৰ আন্তৰিক সমবেদনা । আহত সকলোৰে আশু আৰোগ্য কামনা কৰিছো ।"

অভিনেতা তথা প্ৰযোজক বিশালে এই কাণ্ডক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ইয়াক “বৰ্বৰ আৰু অমানৱীয়” বুলি অভিহিত কৰে । তেওঁ লিখিছে, "দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ খবৰ শুনি দুখ পাইছো । কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে, বহুতো লোক আহত হৈছে আৰু ইমানবোৰ নিৰীহ লোকৰ প্ৰাণ পুনৰ সন্ত্ৰাসবাদৰ বৰ্বৰ কাৰ্যই কাঢ়ি নিয়াটো হতাশাজনক । এই নৃশংস কাৰ্যৰ আঁৰৰ লোকসকলক ধৰি কঠোৰ শাস্তি দিয়া হওক ।"

এই ভয়াবহ ঘটনাৰ ফলত ৰাষ্ট্ৰীয় ৰাজধানী আৰু অন্যান্য ডাঙৰ চহৰত নিৰাপত্তা ব্যৱস্থা তীব্ৰতৰ হৈ পৰিছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজ্যসমূহক সতৰ্কতা বৃদ্ধি কৰিবলৈ আৰু হাই-প্ৰফাইল স্থানত ব্যাপক পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিছে । তদন্ত চলি থকাৰ সময়ত মনোৰঞ্জন উদ্যোগে শান্তি, নিৰাপত্তা আৰু দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা নিৰীহসকলৰ ন্যায়ৰ বাবে যুঁজ দিয়াৰ আহ্বান জনায় ।

লগতে পঢ়ক : জাতিংগা মহোৎসৱ, শ্বানৰ কণ্ঠত জুবিনৰ মায়া মাথো মায়া