ETV Bharat / entertainment

বয়সে অভিনয়ত স্বাধীনতা আনে : জীৱনজোৰা সাধনা বঁটা গ্ৰহণ কৰি শৰ্মিলা ঠাকুৰ

ভাৰত মণ্ডপমত দিল্লী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শুভাৰম্ভ: শৰ্মিলা ঠাকুৰ, ধৰ্মেন্দ্ৰ আৰু বালকৃষ্ণলৈ বিশেষ সন্মান ৷ নিজৰ ছবি 'পুৰাতন'ক শ্ৰেষ্ঠ আখ্যা দিলে শৰ্মিলা ঠাকুৰে ৷

Delhi Film Festival 2026: Sharmila Tagore receives Lifetime Achievement Award
শৰ্মিলা ঠাকুৰ (Photo : IANS)
author img

By ETV Bharat Entertainment Team

Published : March 26, 2026 at 11:18 AM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ : আন্তঃৰাষ্ট্ৰীয় দিল্লী চলচ্চিত্ৰ মহোৎসৱ ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত কিংবদন্তি অভিনেত্ৰী শৰ্মিলা ঠাকুৰক 'জীৱনজোৰা সাধনা বঁটা' (Lifetime Achievement Award) প্ৰদান কৰা হয় ।

অভিনেত্ৰীগৰাকীয়ে কয় যে বয়স বাঢ়ি অহাৰ লগে লগে এগৰাকী শিল্পীয়ে অভিনয়ৰ ক্ষেত্ৰত অধিক স্বাধীনতা অনুভৱ কৰে, যিয়ে তেওঁলোকক উন্নত কাম কৰিবলৈ প্ৰেৰণা যোগায় । তেওঁৰ শেহতীয়া বঙালী ছবি 'পুৰাতন'ক (Puratawn) তেওঁৰ সমগ্ৰ কেৰিয়াৰৰ অন্যতম শ্ৰেষ্ঠ কাম বুলি অভিহিত কৰে তেওঁ । তেওঁ অনুভৱ কৰে যে বয়সৰ অভিজ্ঞতাই অভিনয়ক আৰু অধিক পৰিপক্ক আৰু প্ৰাণৱন্ত কৰি তোলে ।

প্ৰখ্যাত অভিনেত্ৰী শৰ্মিলা ঠাকুৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে, “দিল্লীত অনুষ্ঠিত হোৱা এই মহোৎসৱক লৈ মই অতি উৎসাহিত । কাৰণ ইয়াৰ জৰিয়তে দিল্লীৰ দৰ্শকে বিভিন্ন ভাষা আৰু বিভিন্ন ধৰণৰ উন্নতমানৰ চিনেমা চোৱাৰ সুযোগ লাভ কৰিব । মোৰ শেহতীয়া বঙালী ছবি 'পুৰাতন' (যিখন ২০২৫ চনত নিৰ্মাণ কৰা হৈছিল), অহা ২৯ তাৰিখে এই মহোৎসৱত প্ৰদৰ্শিত হ’ব ।”

তেওঁ জনাই যে এই ছবিখনত তেওঁৰ চৰিত্ৰটো তেওঁৰ বৰ্তমান বয়সৰ সৈতে সম্পূৰ্ণ খাপ খোৱা ধৰণৰ আছিল । শৰ্মিলা ঠাকুৰে এই ছবিখনত কাম কৰি যথেষ্ট সুখী । তেওঁৰ মতে, এইখন তেওঁৰ গোটেই অভিনয় জীৱনৰ অন্যতম শ্ৰেষ্ঠ ছবি ।

শৰ্মিলা ঠাকুৰে তেওঁৰ শেহতীয়া ছবিখনত কাম কৰাৰ অভিজ্ঞতা আৰু বয়সৰ লগে লগে অভিনয় কেনেদৰে সলনি হয়, সেই বিষয়েও মত পোষণ কৰে ৷ তেওঁৰ কয়, “বয়স বাঢ়ি অহাৰ লগে লগে এগৰাকী শিল্পীয়ে এক বিশেষ ধৰণৰ স্বাধীনতা লাভ কৰে । এতিয়া তেওঁৰ বাবে কেৱল 'ধুনীয়া' দেখাটোৱেই একমাত্ৰ লক্ষ্য নহয় । মুখৰ সৌন্দৰ্যতকৈ অভিনয়ৰ নিপুণতাৰ ওপৰত অধিক গুৰুত্ব দিব পৰা যায় বাবে অভিনয় আগতকৈ বহুত বেছি উন্নত আৰু প্ৰাণৱন্ত হয় ।” এই কাৰণেই তেওঁ এই ছবিখনত কাম কৰি অতি সুখী আৰু সন্তুষ্ট অনুভৱ কৰিছে ।

কেইবা দশকজুৰি অভিনয় জগতত এক সফল কেৰিয়াৰ গঢ়ি তোলা প্ৰখ্যাত অভিনেত্ৰীগৰাকীয়ে মহোৎসৱখনে তেওঁক জনোৱা সন্মান আৰু তেওঁৰ ছবিখন প্ৰদৰ্শন কৰাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে । তেওঁ কয়, “মহোৎসৱ কৰ্তৃপক্ষই তেওঁক যি সন্মান যাচিছে, তাৰ বাবে মই অতি আনন্দিত আৰু আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ । যিহেতু দিল্লী ভাৰতৰ ৰাজধানী, গতিকে ইয়াৰ মানুহৰ চিনেমাৰ প্ৰতি থকা আগ্ৰহ বহুত বেছি । মই বিশ্বাস কৰোঁ যে দিল্লীৰ দৰ্শকে মোৰ ছবিখন চাই নিশ্চয়কৈ উপভোগ কৰিব ।”

বুধবাৰে সন্ধিয়া দিল্লীৰ ভাৰত মণ্ডপমত (Bharat Mandapam) 'আন্তঃৰাষ্ট্ৰীয় দিল্লী চলচ্চিত্ৰ মহোৎসৱ ২০২৬'-ৰ এক জাকজমকীয়া আৰম্ভণি ঘটে ।

তৰকাৰ সমাগম

এই বিশেষ অনুষ্ঠানত চলচ্চিত্ৰ জগতৰ বহু নামী-দামী তাৰকাই অংশগ্ৰহণ কৰে । তেওঁলোকৰ ভিতৰত অৰ্জুন কাপুৰ, নিম্ৰত কৌৰ, বিকী কৌশল, সান্যা মালহোত্ৰা, সিদ্ধান্ত চতুৰ্বেদী, লৰেন গটলিব, কংগনা ৰনৌত, বিবেক অবেৰয়, নন্দমুৰী বালকৃষ্ণ, প্ৰসেনজিৎ চেটাৰ্জী আৰু অৰবিন্দ স্বামীৰ কথা উল্লেখ কৰিব পাৰি ।

উদ্বোধনী অনুষ্ঠানৰ বিশেষত্ব

বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে মহোৎসৱৰ আৰম্ভণি কৰা হয় । দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, কেন্দ্ৰীয় মন্ত্ৰী কপিল মিশ্ৰ আৰু প্ৰৱেশ চাহিব সিং বাৰ্মাৰ লগতে অভিনেত্ৰী হেমা মালিনী, কংগনা ৰনৌত আৰু শৰ্মিলা ঠাকুৰে যুটীয়াভাৱে বন্তি প্ৰজ্বলন কৰি মহোৎসৱৰ শুভাৰম্ভ কৰে ।

জীৱনজোৰা সাধনা বঁটা (Lifetime Achievement Awards)

ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে তিনিগৰাকী বিশিষ্ট শিল্পীক এই সন্মানেৰে বিভূষিত কৰা হয়- প্ৰখ্যাত অভিনেত্ৰী শৰ্মিলা ঠাকুৰ, কিংবদন্তি অভিনেতা প্ৰয়াত ধৰ্মেন্দ্ৰ আৰু দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা নন্দমুৰী বালকৃষ্ণ ।

উদ্বোধনী চলচ্চিত্ৰ

অস্কাৰলৈ মনোনীত আৰু কাঁ চলচ্চিত্ৰ মহোৎসৱত জুৰী বঁটা বিজয়ী পৰিচালক অলিভাৰ লেক্সৰ দ্বাৰা পৰিচালিত 'ছিৰাট' (Sirat) নামৰ ছবিখনেৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰা হয় ।

দিল্লী চৰকাৰৰ সহযোগত দিল্লী পৰ্যটন আৰু পৰিবহণ উন্নয়ন নিগমে (DTTDC) এই মহোৎসৱৰ আয়োজন কৰিছে । এই মহোৎসৱ অহা ৩১ মাৰ্চলৈকে চলিব । এই দিনকেইটাত বিশ্বৰ বিভিন্ন ভাষাৰ চলচ্চিত্ৰ প্ৰদৰ্শনৰ লগতে চলচ্চিত্ৰ সম্পৰ্কীয় আলোচনা চক্ৰ আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মঞ্চত অসমীয়া ছবি 'ৰোমাণ্টিক এফেয়াৰ্ছ'